পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৯৫

বিহুতীৰ বিহুনাচ

কুমকুম শৰ্মা বৰুৱা

 নদীকাৰীয়া এখনি গাঁও। প্ৰকৃতিয়ে অকৃত্ৰিমভাৱে ঢালি দিয়া সৌন্দৰ্য-সুষমাৰে ভৰপূৰ, তথাকথিত নগৰীয়া প্ৰদূষণৰ পৰা মুক্ত এখনি মনোমোহা গাঁও। অ'ত-ত'ত অইল ইণ্ডিয়াৰ তেলখাদ। মেচিনৰ ঘ ঘ শব্দ। উদ্যোগী ডেকাৰ সুন্দৰ সুন্দৰ কৃষিপাম। দিহিঙৰ পানীয়ে, মেৰবিলৰ শস্য-মৎস্যই যেনেদৰে গাওঁখন প্ৰভাৱান্বিত, তেনেদৰেই অইলৰ ছাৰ দ্বাৰাও গাওঁখন প্ৰভাৱান্বিত। ইয়াতেই জন্মিছিল অতি সাধাৰণভাৱেই খনিকৰৰ পৰিয়ালত বিহুতী খনিকৰ। বিহুৱতী নামটো সকলোৰে মুখত পৰি হৈছিলগৈ বিহুতী। বহাগৰ বিহুতে জন্ম হৈছিল বাবে মাক-দেউতাকে মৰমতে ছোৱালীজনীৰ এই নামটো থৈছিল।

 খেতিয়কৰ ঘৰত সাধাৰণভাৱে জন্ম হলেও বিহুতী আছিল কিছু যেন আনতকৈ পৃথক। মাগুৰ বৰণীয়া দেখনিয়াৰ,সকলো কাম-কাজতে পটু,সকলোকে মিঠামুখেৰে মুহিব পৰা বিহুতী আছিল আমগুৰি গাঁৱৰ এটি জনপ্ৰিয় নাম।পাঁচোটি ল’ৰাৰ মাজৰ একেজনী ছোৱালী বুলি তাইৰ আদৰো আছিল ঘৰখনত কিছু বেছি। ওচৰত স্কুল নথকাত তাই পঢ়াৰ সুবিধা নাপালে যদিও ঘৰতে ককায়েকৰ সহযোগত তাই অসমীয়া আখৰকেইটি লিখিব-পঢ়িব পাৰিছিল জাত-জাত বিয়ানাম ,ঘোষাকীৰ্তনৰ পৰা বিহুগীতলৈকে তাই সকলোতে আগৰণুৱা আছিল। বিহুগীত-বিয়ানাম আদি নতুন নতুনকৈ ৰচনা কৰি সকলোকে আনন্দ দিবও পাৰিছিল লিগৰ লগৰীয়াই সেই লৈ তাইক ঈৰ্ষাৰ চকুৰেও চাইছিল।

 বিহু অসমীয়াৰ প্ৰাণৰ স্পন্দন। আমগুৰি গাঁৱতো বিহুৱে স্বাভাৱিকতেই সকলোৰে মন মতলীয়া কৰে নাহৰকপৌৰ সুবাসেৰে, টেকীৰ শবদেৰে, গাওঁখন মুখৰিত হয় চ'ত সোমোৱাৰ পৰাই।ডেকাবিলাকে ঢোল চোৱাবলৈ দিয়া আৰম্ভ কৰে আৰু একোটা চুবুৰীৰ একোঘৰত হুঁচৰিৰ আলোচনা -আখৰাও আৰম্ভ হয়। জাতি-ধৰ্ম,ধনী-দুখীয়া,নিৰ্বিচাৰে সকলোৰে ঘৰত একেই আনন্দেৰে হুচৰি গোৱা হয় আৰু হিয়া উজাৰি আশীৰ্বাদ দিয়া হয়। শেষত গছতলত সাধাৰনতে আহঁতৰ তলত বছৰটোলৈ বিহু থোৱা হয়। জীয়ৰী-বোৱাৰীবিলাকেও পিঠা-পনা খুন্দা,চিৰা-মুড়ি ভজাত ব্যস্ত হয়। এইয়াই সময় য'ত খোৱা-লোৱাৰ চিন্তাও কম থাকে আৰু ৰঙৰহইচ কৰিবলৈ কৃষকৰ হাততো থাকে কিছু আজৰি সময়। ভজা সান্দহৰ মধুৰ সুবাসেৰে গাওঁখন সুবাসিত হৈ থাকে। যথেষ্ট সংখ্যক গৰু-ম'হ থকা গাওঁখনত গাখীৰৰো অভাৱ নাই বুলিবই পাৰি। স্বতঃস্ফূৰ্ত আনন্দত সকলোৰে মন মতলীয়া হৈ থাকে।

 বিহুতীৰো বিহুত বহুতো কাম। ককায়েক কেইজনলৈ নতুন বিহুৱান বোৱা,ঘৰ-দুৱাৰ লিপা-মোচা কৰা,চিৰা- পিঠা,সান্দহ খুন্দা আদি কাম তাইৰ এজনী ছোৱালী হিচাপে কিছু বেছিয়েই তথাপি বিহুতী বিহুতীয়েই সকলোতকৈ আগেয়ে তাইৰে কাম শেষ হয়।

 এইবছৰ বিহুতীয়ে ককায়েকৰ লগৰ ডেৰ মাইল দূৰৈৰ মুহিৰাম চুতীয়ালৈও এখনি বিহুৱান যতনকৈ বৈ থলে ছমাহমানৰ পৰা মুহিৰামৰ বিহুতীহঁতৰ ঘৰলৈ আহ-যাহ বেচি হৈছিল।সকলোৰে লগত একেধৰণেৰে হাঁহিমুখেৰে থকা বিহুতীজনীৰ চাল- চলনৰ পৰা ঘৰখনৰ কোনেও একো সন্দেহ কৰিব পৰা নাছিল।

 মুহিৰামে কোনো চাকৰি কৰা নাছিল। আঠপুৰা ৰুপিত মাটি আৰু এটা ম'হৰ খুটিৰ মালিকৰ তিনি নম্বৰ সন্তান আছিল মুহিৰাম মুহিৰামৰ ঘৰত চাৰিটা ল'ৰা আৰু ছোৱালী দুজনী। ইতিমধ্যে এজনী ছোৱালী এঘৰলৈ উলিয়াই দিছিল। এজন ককায়েকেও বিয়া কৰালে মাজত এজন ককায়েকে বিয়া কৰোৱা নাছিল। ঘৰৰ অৱস্থা ভাল হ'লেও মুহিৰামৰ বাবে সেয়ে বিয়া পতাটোত অসুবিধাৰ সৃষ্টি হৈছিল।ডেকা-গাভৰুৰ মন বাঢ়নি পানীৰ দৰেই। ছমাহৰ আন্তৰিকতাতে মুহিৰামে সেইবাৰ গছতলৰ বিহুতেই বিহুতলীৰ পৰাই চঞ্চল নাচনী বিহুতীক পলুৱাই নি ঘৰ পোৱালেগৈ। মুহিৰামৰ মাকে কাহিলী পুৱাতেই চিনাকি বিহুতীক দেখি আচৰিত হ'লেও তাই কিবা সকামত আহিছিল বুলিহে ভাবিছিল পিছত মুহিৰামে বিহুতীয়ে একেলগে সেৱা কৰিলতহে মাকৰ জ্ঞানোদয় হৈছিল।