পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বিহুতী ওলাই যাবই পৰা নাই গাটো কিবা জ্বৰে-বিষে তত নাইকীয়া হৈছে।যোৱাবেলি ল'ৰাবোৰে বিহুতীক জোৰকৈ নি চকীত বহুৱাই দিছিল।কোনোদিন চকীত বহি নোপোৱা বিহুতীৰ সংকোচেৰেই গোটেই সময়খিনি পাৰ হৈছিল। সেইদিনা পুৱা শুই উঠি বিহুতীয়ে জ্বৰটো অলপ কম হোৱা যেন অনুভৱ কৰিলে। ডাঙৰ নাতিনীজনীয়ে আবদাৰ কৰিলে ,“আইতা ওলাবাচোন বিহু চাবলৈ আজি আমি ধৰি ধৰি নিম নহয়। আজি মই তিনিটা পুৰস্কাৰ পাম।” বিহুতীয়ে মাথো ক'লে-“বাৰু চাওঁচোন দে।”

 গাটো ধুই পুৱাৰ চাহ-জলপান খাই বিহুতীয়ে বৰপেৰাটো মেলিলে। সেইজোৰ পুৰণা মুগাৰ ৰিহা-মেখেলা মাকে ঘৰৰে চোমনিত মুগা পুহি বৈ কাটি দিয়া কাপোৰ, যিজোৰৰ লগত তাইৰ বহুতো স্মৃতি বিজড়িত হৈ আছে যিজোৰ পিন্ধিয়েই তাই মুহিৰামৰ লগত সংসাৰ কৰিবলৈ ঘৰৰপৰা পলাই আহিছিল। তাই কাপোৰজোৰ চুই চালে,মৰম কৰিলে, আলফুলে ওপৰেৰে হাত বুলালে। কাঠৰ চন্দুকটো খুলি পুৰণা অলংকাৰকেইপদ উলিয়ালে। জোনবিৰি, ঢোলবিৰি,গলপতা আৰু গাম খাৰজোৰ পিটিকি-মোহাৰি চালে। লাহে লাহে বিহুতীৰ মনটো বাস্তৱ জগতৰ পৰা আঁতৰি আহিল। তাইৰ গাভৰুকালৰ ছবিবোৰ চকুৰ আগেদি চিনেমাৰ ৰিল যোৱাদি যাবলৈ ধৰিলে। গাৰুটোত মূৰটো দি বিহুতী একান্তমনে ভাবত নিমগ্ন হ'ল। কোন কাহানিয়েই যে শেষ হ'ল তাইৰ সেই সুখৰ সোণালী দিনবোৰ। শালিকা চৰাইজনীৰ কিৰিলিতহে বিহুতীৰ সম্বিত ঘূৰি আহিল। তাই ভাবিবলৈ ধৰিলে-সেই মুগাৰ কাপোৰজোৰ নিশ্চয় তাই মৰিলে অলপ সময়ৰ কাৰণে পিন্ধাব। তাৰপিছত গোটেই জীৱন জুৰি আবুৰত সোমাই থকা মানুহজনীক সম্পূৰ্ণ উলঙ্গ কৰি পেলাব। তাই আৰু ভাবিব নোৱাৰিলে। খঙতেইনে আক্ৰোশতে বিহুতী ঘামিবলৈ ধৰিলে। তাই কাপোৰজোৰ আৰু অলংকাৰকেইপদ উলিয়াই থ'লে। আজি বিহুতলীলৈ তাই এইবোৰ পিন্ধি যাবলৈ মনে মনে সিদ্ধান্ত ল'লে।

 দুপৰীয়া ভাত পানী খাই বিহুতীয়ে কাপোৰজোৰ পিন্ধি ল'লে। অলংকাৰ কেইপদো পিন্ধিলে। সৰু আৰ্চীখনৰ ওচৰলৈ গৈ তাই এটা সেন্দুৰৰ ফোটো লৈ চালে। পিছ মুহূৰ্ততে গামোছাৰে ফোটতো ভালকৈ মচি এসেতা কান্দি ল'লে। তাৰ পিছত তাই ওলাই গ'ল বিহুতলীলৈ বুলি। বাটত যেয়ে লগ পালে সেয়ে মাত একোষাৰ দি মুখ লুকুৱাই হঁহাযেন দেখিলে বিহুতীয়ে। হাঁহক,সকলোৱে হাঁহক, বিহুতীৰ কালৈকো ভ্ৰুক্ষেপ নাই। সৌজনী মুহিৰামৰ বায়েক ৰহদৈ। গাঁৱত পোনাৰ মাক বুলিয়েই জনাজাত। গাঁৱত তিৰোতা মানুহে উপাধিৰ লগতে নামটোও মাক-দেউতাকৰ ঘৰতে থৈ আহে। তাৰ পিছত অমুকৰ মাক, তমুকৰ মাক বুলিয়েই চলি যায়। এইজনীৰ মুখখনৰ কাৰণেই মানুহে তাইৰ আগেদি যাওঁতে ভয়-সংকোচেৰে পাৰ হয়। লাহে লাহে বিহুতী ৰহদৈৰ ওচৰ পালেগৈ। বিহুতীক দেখিয়েই ৰহদৈয়ে ভৰিৰ পৰা মূৰলৈকে চাবলৈ ধৰিলে। তাৰ পিছত চিঞৰি উঠিল, “মুহিৰাম গ'ল নহয়। তই এতিয়া পখিলা হ'লি।” বিহুতীৰ অন্তৰ দহি গ'ল। এই বয়সতনো তাই সেইষাৰ কথা শুনাৰ যোগ্যনে। তথাপি তাই মুখেৰে একো উত্তৰ নিদিলে। মাইকী মানুহৰ শত্ৰু অকল মতা মানুহেই নহয়। মাইকী মানুহৰ ডাঙৰ শত্ৰু আচলতে মাইকী মানুহহে। বিয়াৰ পিছত গোটেই জীৱনটো তাই কান্দি-কাতিয়েই পাৰ কৰিলে।

 এইদৰে গৈ থাকোতে তাই বিহুতলী কেতিয়ানো পালেগৈ তত ধৰিবই নোৱাৰিলে সকলোফালে চকুফুৰাই তাই চকী এখনতে বহি পৰিল। এনেতে এজনী মুগাৰ কাপোৰ পিন্ধা কিশোৰীয়ে বিহুতীক চাহ একাপ দিলেহিয়েই কাগজৰ গিলাচ এটাত।”এৰা, ল'ৰা-ছোৱালীবোৰে দেখোন বহুত ভাল ভাল কথা শিকিছে। এইবোৰকে দেখি শুনি আচাৰ-ব্যৱহাৰ বেয়াবোৰৰো পোন হ'বগৈ”, তাই ভাবিলে। মঞ্চত বিহুকুঁৱৰী প্ৰতিযোগিতাত প্ৰথম হোৱা ছোৱালীজনীয়ে নাচি আছিল। বিহুতী নাচ চাই চাই তন্ময় হৈ পৰিল। তাৰ পিছতে নাতি ৰিংকুহঁতৰ হুচৰিজোৰা,প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত। এনেতে ওচৰৰে দুদুলে আহি সবিনয়ে সুধিলেহি-“আইতা আমাৰ হুঁচৰিজোৰাৰ লগতে অকণমান স্ফুৰ্তি কৰিবনে। আমাৰো ভাল লাগিব।”কি ভাবি জানো বিহুতীয়ে ঘপহকৰে কৈ দিলে-“হ'ব বাৰু যা” বুলি।

 ঢোলৰ ছেৱে ছেৱে বিহুতীয়ে নাচিবলৈ ধৰিলে লাহে লাহে। ৰাইজে হাত-চাপৰিৰে উৎসাহ যোগালে। ঢোলৰ ছেও ক্ৰমাৎ খৰ হ'বলৈ ধৰিলে।

‘টাকুৰি ঘূৰাদি ঘূৰ ঐ নাচনি ঐ
টাকুৰি ঘূৰাদি ঘূৰ....

 ইকি,বিহুতী দেখোন সঁচাকৈয়ে ঘূৰিবলৈ ধৰিলে। অলপ ঘূৰাৰ পিছতে বিহুতী মঞ্চত ঢলি পৰিল। সমূহ ৰাইজৰ মাজত হুদূৱা লাগিল। ইতিমধ্যে বিহুতীৰ প্ৰাণপক্ষী বিহুতলীতে পৰমধামলৈ উৰা মাৰিলে। ৰাইজে দেখিলে তেওঁৰ মুখমণ্ডলত যন্ত্ৰণাৰ কোনো চিন-মোকাম নাই। এনেহে লাগে যেন তেওঁ এক স্বৰ্গীয় সুখানুভূতিত আপ্লুত হৈ শুইহে আছে।