পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৮৯

বৰঘৰ শুৱনি জীয়ৰী ছোৱালী

অত্ৰেয়ী গোস্বামী

 ⵓহে’ৰা সদা, এইবাৰো হ'বলা ছোৱালীহে হ'ল?

 সহকৰ্মী নৃপেনৰ কথাষাৰ শুনি সদানন্দ মন-মগজু উতলি উঠিল। বৰ কষ্টেৰে টান হৈ অহা হাতৰ মুঠিটো লাহে লাহে বতাহত এৰি দিলে তেওঁ। অনিচ্ছাকৃতভাৱে ওঁঠৰ কাষেদি হাঁহি এটি সৰকাই তেওঁ লৰালৰিকৈ নৱম শ্ৰেণীৰ কোঠাটোলৈ সোমাই গ'ল। সেইদিনা শ্ৰেণীত তেওঁ পাঠ্যক্ৰমৰ বাহিৰৰ কথাহে ক'লে বিশেষকৈ ল'ৰা আৰু ছোৱালীৰ মাজত শাৰীৰিক গঠনৰ বাহিৰে যে অন্য পাৰ্থক্য একোৱেই নাই সেই কথাটোকে তেওঁ পাৰ্যমানে বুজাবলৈ চেষ্টা কৰিলে। মানসিক শক্তি ছোৱালীৰ অত্যন্ত বেছি। সেই কথাটো বুজাবলৈ গৈ তেওঁ কেইবাগৰাকীও গৃহিনীৰ উদাহৰণ দিলে। কনকলতাৰ কথা ক'লে গাঁৱৰে বকুলী পেহীৰ কথা ক'লে। সমস্যাৰ পাহাৰ একোটা মুৰত লৈ মানুহজনীয়ে কেনেকৈ নিজৰ ল'ৰা-ছোৱালীক মানুহ কৰিলে সেই কাহিনীবোৰ ক'লে। প্ৰত্যেকৰে মাজত শুই থকা প্ৰতিভাবোৰ বিকশিত কৰাৰ কথা ক'লে। সেইদিনা প্ৰতিগৰাকী ছাত্ৰীয়ে। নিজকে অনন্যা যেন অনুভৱ কৰিলে। এই যে একোটা ব্যক্তি সত্ত্বাক বিশেষ বুলি অনুভৱ কৰোৱাব পৰা কলাটো সকলোৰে নাথাকে। সদা ছাৰৰ আছে। সেয়েহে ছাত্ৰী সকলৰ প্ৰিয় শিক্ষাগুৰু তেওঁ।

 এখন চৰকাৰী ছোৱালী হাইস্কুলৰ শিক্ষক সদানন্দ বৰুৱা। চাৰিজনী ছোৱালীৰ পিতৃ। ছোৱালী কেইজনী তেওঁৰ গৌৰৱেই নহয়, অহংকাৰো। তেওঁৰ পৰিবাৰ নিৰ্মালীও একেখন স্কুলৰে শিক্ষয়িত্ৰী। গাঁৱলীয়া পৰিৱেশৰ স্কুল। নিৰ্মালী চহৰীয়া ছোৱালী। সদানন্দৰ সৈতে মনৰ মিল হ'ল। বিয়াত বহিল। এইখিনিলৈকে সকলো ঠিকেই আছিল।সৰুতেই পিতৃহাৰা হোৱা সদাই প্ৰথমজনী ছোৱালী হওঁতে বৰ ফুৰ্তি পালে। সহকৰ্মীসকলকো ভোজ-ভাত খুৱালে। সকলোৱে খা-খবৰো ল'লে। প্ৰথম পিতৃত্বৰ সোৱাদে মানুহটোক পুলকিত কৰি ৰাখিলে। দ্বিতীয় জনী ছোৱালী হওঁতে সেই ফুৰ্তি পৰিয়াল-পৰিজনৰ মাজতে আৱদ্ধ ৰাখিবলগীয়া হ'ল। তৃতীয়জনীলৈ কথাবোৰ আৰু সলনি হ'ল। চতুৰ্থজনীলৈ শুভেচ্ছা বাদেই ইতিকিংহে উফৰি পৰিল। প্ৰতিবাৰেই মানুহটো অনন্য সুখত ডুব যায়। মানুহজনীও। মাক জনীও সুখী হয় আনে কোৱা কথাবোৰলৈ তেওঁলোকৰ ক্ৰক্ষেপ নাছিল। চৌপাশৰ মানুহবোৰৰ মানসিকতাই তেওঁৰ খংবোৰ দ'মাই ৰাখিলে।

 একেবাৰে পেটমচাজনী হওঁতে তেওঁ ঘৰত নাছিল। গৰমৰ বন্ধ। খেতি-খোলাৰ কামো থাকে। যেনেতেনে খেতিটো সামৰিবলৈ খৰখেদা লগাইছিল সেইবাৰ। পথাৰৰ পৰা আহি ঘামিজামি ঘৰ সোমাওঁতেই মাকে হাঁহি হাঁহি ক'লে, “লক্ষী আই আকৌ আহিছে ঔ সদা।”

 সদাৰ মনটো ভাল লাগি গ'ল। পিছে গাঁৱৰে যাদৱৰ মাক আছিল। তেওঁহে চিঞৰি চিঞৰি ক'লে বোলে “সদা ঐ ল’আ পোৱালি এটি আশা কয়ি কয়ি মাষ্টনীয়ে এইবাও ছোৱালী অকণহে ফুকালে”। তেতিয়া নিৰ্মালীয়ে নৱজাতকক বুকুৰ মাজত সুমুৱাই স্বৰ্গসুখত ডুব গৈ আছিল। বায়েক কেইজনীও ফুৰ্তিত ক'ব নোৱাৰা হৈ আছিল। যাদৱৰ মাকৰ কথাষাৰেহে সদানন্দ মূৰৰ ঘিউ উতলালে। মানুহজনী যোৱাৰ পিছত মানুহটো ঘৈণীয়েকৰ কাষলৈ গ'ল। কপাহ কোমল গুলপীয়া মুখ খনে সকলো নেতিবাচক কথা দলিয়াই পেলালে। মানুহ দুটাক এচেৰেঙা সুখৰ ৰ'দে চুই গ'ল। ইটোৱে সিটোৰ মুখলৈ চালে ইয়াতকৈ যেন সুখ আৰু একোৱেই নাই।

 তেনেকুৱাতে মাজুজনী ছোৱালী ক'ৰবাৰ পৰা উধাতু খাই আহি দেউতাকৰ কোচতে বহি ললে। তাই আক’ বৰ কথকী।

 ⵓঅ' মা অমা আজি মামনিয়ে কি ক'লে জানা?

 ⵓকি ক'লে?