পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৭৪

উত্থান ⵓ মানৱতাৰ শিখৰলৈ

ৰিকুমণি শইকীয়া

 ঢাকাইপট্টি বজাৰখনত ভৰি দিয়েই তনিষ্ঠাৰ চকু থিয় হৈ গ'ল। ইমান বেছি ভিৰ হ'ব লাগে নে হ’ল বুলি! নে পূজা অকল নগাঁওৰ মানুহৰ গাতেই লাগিছে। কেনিও বিৰ দি বাট নোপোৱা অৱস্থা। ফল-মূলৰ বেপাৰীৰ পৰা কাপোৰৰ দোকানলৈকে ব্যস্ত ঢাকাইপট্টি বজাৰখনত কেনিও পৰুৱা এটা সোমাবলৈও জেগা নোহোৱা অৱস্থা।

 “ছেঃ ভাৰ্গৱৰ লগত অহা হ'লেই ভাল আছিল। কি যে দৰকাৰ আছিল অকলে উস্তাদি মাৰি আহিবলৈ।” কোনোদিনে নগাঁওৰ পূজাৰ বজাৰ নেদেখা তনিষ্ঠাই নিজৰ মুখৰ ভিতৰতে ভোৰভোলে।

 গুৱাহাটী জীয়াৰী আৰু নগাঁওৰ বোৱাৰী তনিষ্ঠাৰ নগাঁওত এয়া প্ৰথম পূজা। পিছে নতুন বোৱাৰী নহয় তাই। বিয়া হোৱা দহ বছৰেই হ'ল। এটি আঠ বছৰীয়া সন্তানৰ গৰ্বিত মাতৃও তাই। পিছে স্বামী ভাগৱৰ কৰ্মসূত্ৰে লগুনৰ নিবাসী তিনিজনীয়া সংসাৰখনে অসমৰ পূজা কি যোৱা দহ বছৰে পাহৰিয়ে পেলালে। কিন্তু সিহঁতৰ সন্তান ৰেয়ান্স ডাঙৰ হৈ অহাত সি যাতে নিজৰ মাটিৰ লগত শিপাদালৰ সৈতে উঘালি নাযাই সেইবাবে তাক অসমৰ পূজা নো কি তাকে দেখুৱাবিবুলি যেনে তেনে চুটি মিলাই এইবাৰ আগতীয়াকৈ ভাৰত পালেহি। এনেই সিহঁতৰ প্ৰতিবাৰে খ্ৰীষ্টমাচৰ সময়তহে অহা হয়গৈ। ফুৰ্তিতে এইবাৰ পূজাৰ বজাৰ নগাঁওত অকলেই কৰিব বুলি তনিষ্ঠাৰ এয়া বজাৰ যাত্ৰা। ৰেয়ান্সক লগ ধৰিছিল কিন্তু সি ককা-আইতাকৰ সৈতে ভীষণ ব্যস্ত।

 কিন্তু বজাৰত সোমাইহে তনিষ্ঠা বিমূৰত পৰিল। কেনি সোমাব কি বিচাৰিব একো ভাবিয়েই নাপালে। কাপোৰ মানে তাই নিজে শহুৰেকলৈ, বাপেকলৈ, ককায়েকলৈ আৰু ভাৰ্গৱলৈ মুঠতে চাৰ্ট চাৰিটা কিনিব আৰু বাকী মানুহৰ বজাৰখিনি গোটেইকেইজনী একেলগে আহি কৰিব। চাৰ্টৰ কাৰণে ভাৰ্গৱৰ মুখত ঢাকাইপট্টিত আৰ.ডিৰ কথা কোৱা মনত আছে। ইফালে- সিফালে শেষত চকুৰ সন্মুখতে দেখিলে আৰ.ডি দেখিহে তাইৰ জীৱটি ঘূৰি আহিল। কোনোমতে ভীৰ ফালি কাপোৰ কেইটা কিনি তাই আদিত্যলৈ বুলি ৰিক্সা এখনত উঠিল। ৰেয়ান্সৰ দিমাণ্ড চামোচা লাগিব তাক। আদিত্যৰ চিঙৰাৰ প্ৰেমত পৰিছে মাক-পুতেক দুয়োটা। নপৰিবনো কিয় আদিত্যৰ চিঙৰাৰ সোৱাদ নগৰ মুখে মুখে এনেই নুশুনো। নগাঁও কলেজ পাৰ হৈ হঠাতে মানুহৰ ডাঙৰ জুম এটা দেখি তাই চকু পোনালে। কি হৈছে বুজ ল'বলৈ ৰিক্সাখনক ক'লে,

 ⵓ“ভাইটি ৰখাচোন কিবা হৈছে ইয়াত।”

 ⵓ“নাই বাইদেউ, বাদ দিয়ক। এইবোৰ মিছামিছি জেং। টিকট পাগলীৰ কেঁচুৱা হৈছে সেইকাৰণে ভীৰ।”

 তনিষ্ঠাৰ চকু কপালত উঠিল। ল'ৰাটোৱে কি ক'লে বুজিবলৈ তাই চেষ্টা কৰি একো পাৰ নাপালে। সি ৰিক্সাখন নৰখালে।

 ⵓ“কি ক'লা তুমি একো নুবুজিলোঁ।” অলপ দূৰ আহি তাই আকৌ সুধিলে।

 ⵓ“বাইদেউ ইয়াত যে পাগলীজনী থাকে দেখিছেনে নাই।”

 ⵓ“কোন পাগলী?”

 ⵓ“আপুনি নগাঁওত নতুন নেকি?”

 ⵓ“অঁ’ নতুন।”

 ⵓ“সেইকাৰণে চিনি নাপায়।”

 ⵓ“কোৱাচোন ভালকৈ কি কথা।”

 ⵓ“বাইদেউ ইয়াত অলিয়ে—গলিয়ে এজনী পাগলী দেখিব। নামটো টিকট পাগলী। বহু বছৰ ধৰি আছে। কোনোবাই