পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭৩

সকলো দেশবাসীৰে সিৰাই সিৰাই প্ৰবাহিত... কিন্তু কিদৰে নিজৰ একমাত্ৰ পুত্ৰক তেওঁ পুলিছ-মিলিটেৰীয়ে অনবৰতে বোমাৰ সন্ধান কৰি থকা ক'ৰ্ট ফিল্ডখনলৈ পঠিয়াই দিয়ে... ধেমাজিৰ সেই কাণ্ডৰ চকুপানী দেখোন অসমীয়াৰ শুকুৱাই নাই...

 ৰাতিপুৱা মাকে উঠোৱাৰ আগতেই জীউ উঠিল... বগা কূৰ্টাটো পিন্ধি পতাকাখন হাতত লৈ মাক-দেউতাকৰ ভয়াতুৰ চাৱনিৰ আগেদিয়েই সি চাদৰ ওপৰলৈ গ'ল... পিছে পিছে অনিতা আৰু অনুজে খোজ ল'লে... টাব এটাতে পতাকাখন গোঁজি সি কন্দনাৰত হৈ দেউতাকক সুধিলে, “কিয় দেউতা কিয় আমি মুকলি হৈ আমাৰ স্বাধীনতা দিৱস পালন কৰিব নোৱাৰো? মৌ বায়ে কৈছে মোক, ধেমাজি নামৰ ঠাইত মোৰ নিচিনা ল'ৰা ছোৱালিক তাহাঁতে বোমা দি মাৰিলে... আমাৰ ককাৰ নিচিনা ককাবোৰে কিমান ফাইট কৰি কৰি স্বাধীনতা আনিছিল... সিহঁতে কিয় স্বাধীন হ'ব নোখোজে দেউতা!” অলপ সময়ৰ আগলৈকে অনুজ অনিতাই জীউ স্বাধীনতা দিৱসলৈ যাব খোজা সমস্যাটো যেনে তেনে সমাধান কৰিব খুজিছিল... কিন্তু এতিয়াহে তাহাঁতে ভাবিছে, হাজাৰটা জীউক তাহাঁতে ভয় খুৱাই ঘৰত ৰাখি থ'ব পাৰিব... কিন্তু প্ৰকৃত সমস্যাখিনি সমাধান কৰিব পাৰিবনে? নে কাইলৈ জীউৱে নিজৰ সন্তানক ক'ব, আমাৰ ককাহঁতে দেশলৈ বহুত কষ্টৰে স্বাধীনতা আনিছিল কিন্তু আমাৰ দেউতাহঁতে সেই স্বাধীনতাক সন্মান নিদি আকৌ পৰাধীন হৈ থাকিল কোনো নিষিদ্ধৰ হাতত...