পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৩৭৫

বেয়া কাম কৰিলে তাই লগত আজি ছোৱালী এটা জন্ম হৈছে। ৰাতিপুৱা টিভি কেমেৰাবোৰো আহিছে। এতিয়া চিভিলত নিছে তাইক।”

 তনিষ্ঠাৰ মূৰটো ঘূৰাই যোৱা নিচিনা লাগিল। কি শুনিলে তাই এইবোৰ। মানুহ ইমান নিকৃষ্ট হ'বও পাৰে নে?

 ⵓ“বাইদেউ নামক।”

 ৰিক্সাৱালাৰ মাততহে তাইৰ সম্বিত ঘূৰি আহিল। ৰিক্সাৰ পৰা কোনোমতে নামি তাই নিজকে চম্ভালি ল'লে। আদিত্যত মিঠাই কিনি তাই মনটো বান্ধিব নোৱাৰিলে। আদিত্যৰ পৰা উলাই নগাঁও কলেজৰ ওচৰত ভীৰ দেখা ঠাইকণলৈ বুলি খোজ ল’লে। মানুহৰ জোম তেতিয়াও আছিল। তাই ভীৰ ফালি জুমি চালে। কোনো নাছিল তাত। এটা লেতেৰা মলিয়ন বেগ, এটা বিচলেৰীৰ পুৰণা বটল আৰু কাগজৰ টুকুৰা কিছুমান পৰি আছিল। অনুসন্ধিৎসু হৈ তাই টুকুৰা এটা তুলি চালে।

 ⵓ“একো নাইচোন খালী কাগজ।” অসাৱধানবশতঃ মুখেৰে উলাই আহিল তাইৰ।

 ⵓ“কি বিচাৰিছে বাইদেউ?”

 ⵓ“নাই এনেই।” থতমত খালে তাই। কি বিচাৰিছিল তাই নিজও নাজানে।

 ⵓ“এইবোৰ পাগলীৰ কাম বাইদেউ। তাইৰ টিকটবোৰ।”

 ⵓ“মানে!! কি টিকট??” তাইক উত্তৰ দিয়া বাদ দি মানুহটোৱে তাইলৈহে আচৰিত হৈ চালে।

 ⵓ“আপুনি টিকট পাগলীৰ কেছটো শুনা নাই নেকি?”

 ⵓ“অ' শুনিলো অলপ আগত।”

 ⵓ“তেন্তে কি টিকট সুধিছে যে। তাইৰ টিকট এইবোৰ।” মানুহজনৰ ৰুঢ় উত্তৰত তাইৰ খঙ উঠিল কিন্তু এই টিকটবোৰ চিনি নোপোৱাটো যে অসাধাৰণ কথা তাইৰ বুজিবলৈ বাকী নাথাকিল। বিশেষ বাক্যব্যয় নকৰি টমটম এখনত উঠি তাই চিধাই ঘৰলৈ উভতিল। গোটেই ৰাস্তাটো তাইক ঘটনাটোৱে জোকাৰি থাকিল।

 ⵓ“য়ে মাম্মা আহি গ'ল। য়ে” তাইক টমটমৰ পৰা নমা দেখিয়ে ৰেয়ান্সে উৎপাত আৰম্ভ কৰি দিলে।

 ⵓ“হুৱেৰ ইজ চামোচা মাম্মা। মই খাব।” ভুলে শুদ্ধই অসমীয়া কোৱা ৰেয়ান্সে বেগটো থপিয়াই নিয়া দি নিলে। আইতাক ৰেণুকাই তাৰ কাণ্ড চাই হাঁহি থাকিল। কিন্তু তনিষ্ঠাৰ মুখলৈ চাই সেই হাঁহি মুখতে মাৰ গ'ল।

 ⵓ“কি হ’ল মাজনী?? ৰাস্তাত কিবা হৈছে নেকি? মুখখন ক'লা পৰি আহিছে কি হ'ল? চাঁও বহি দিয়াহিচোন।”

 তাইক লৈ শাহুৱেক ব্যতিব্যস্ত হৈ পৰিল। সন্মুখৰ চকীখনতে তনিষ্ঠা বহি পৰিল।

 ⵓ“নাই মা। তেনেকুৱা একো নাই। কিন্তু ৰাস্তাতে ঘটনা এটা দেখি আহিলোঁ।”

 তাই সমস্ত ঘটনা শাহুৱেকক বৰ্ণনা কৰিলে। প্ৰত্যুত্তৰত তেওঁ মাথো হুমুনিয়াহ কাঢ়িলে।

 ⵓ“মা। পাগলীজনী হেনো সদায় থাকে ইয়াতে ঘুৰি-পকি। কোনো সংস্থানৰ চকুত পৰা নাই নে?”

 ⵓ“এইবোৰ বহুত কথা মাজনী। বহুত সংস্থান, পুলিচ, চিকিৎসালয়ে তাইক নিবলৈ বহুত চেষ্টা কৰিলে। কিন্তু দুই- চাৰিদিন ধৰি বান্ধি নিলেও তাই চিঞৰত গগন ফালে আৰু পলাই নগাঁও পায়হি।”

 ⵓ“অহ। কিয় বা!! আৰু নামটো টিকট পাগলী বুলি কিয় কয় মানুহে?”

 ⵓ“তাই অনবৰতে টিকট টিকট চিঞৰি ফুৰে। সেইকাৰণে তাইৰ নাম সেইটো হ'ল। তাইৰ আচল নাম মায়া।”

 ⵓ“কিন্তু টিকেট কিয়?? কিবা ৰহস্য আছে চাগৈ।”

 ⵓ“সেইবোৰ বহুত দুখৰ কথা তাইৰ জীৱনৰ। কম দিয়া পিছত। বাবাৰ্হত পাবহিয়ে এতিয়া ভাত খাই লোৱাগৈ বলা। সিহঁত মোমায়েকৰ ঘৰতে খাই আহিব।

 ⵓ“নাই মা তেওঁলোকৰ দেৰি হ'ব ফোন কৰিছিল। আপোনালোকে খাই ভালেই কৰিলে মোৰ ভোক লগা নাই একেবাৰে। মা কওঁকচোন মোক কথাখিনি এতিয়াই।” ৰেণুকাই ভালকৈ জানে তনিষ্ঠাৰ কিবা কথাৰ উৎসুকতা থাকিলে নজনালৈ শান্তি নাপায়।

 ⵓ“ঠিক আছে শুনা তেন্তে। এইবোৰ বহু পুৰণি কথা। আৰম্ভ হৈছিল আজিৰ পৰা প্ৰায় বিশ বছৰ আগতেই। তোমালোকৰ বিয়াৰো আগত। মায়াৰ ঘৰ ভোটাইগাঁওত আছিল। ইয়াৰ পৰা প্ৰায় ১৮ কি.মি. দুৰত। সেইখন গাঁওত আমাৰ এখেতৰ নিজৰ