পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৯

 : দেউতা, তই শুই থাক। মই শুমেই আৰু...

 নিলিখাে বুলিও পুনৰাই মেলি লয় ফুলে বহীখন। মাকজনী বহি লয় তাইৰ সন্মুখত। দুহাত মেলি উঠি লয় মাকৰ কোলাত। মাকে দেখােন ফেকুৰিছে! কি হ’ল মাকৰ? ইমান বছৰৰ পিছতাে তাইক লগ পাই আনন্দ নকৰি মাকে কান্দিছে কিয়? বহীখনৰ পৃষ্ঠাবােৰ পানীয়ে বিৰিঙি উঠিছে। চুই চায় ফুলে নিজক। মাক নহয় তাই কান্দিছে।

 “যাতনাৰ পৃষ্ঠা’’

 ফুল শইকীয়া

 অপেক্ষা কৰা নাই ফুলে ডাকোৱালটোলৈ। এবাৰাে ঘূৰি লুটিয়াই নােচোৱাকৈ বেজী সূতাৰে চিলাই সাধাৰণভাৱেই পঠিয়াই দিছিল তাই আয়ােজক কমিটিলৈ। দেউতাকক কথাবােৰ জনােৱাৰ আগতে মােমায়েকক আৰু এবাৰ লগ পােৱাটো বিচাৰিছিল তাই।

 ফুলে নিজৰ পুৰণি বহীবােৰ জাপি থােৱা কাৰ্টুনবােৰ ৰ’দত দিলেগৈ। মাজে মাজে ৰ’দত নিদিলে নিগনিয়ে কূটিব। পুৱাৰেপৰা কাম এসােপা উলিয়াই লৈছে তাই। তাই পঢ়া এম.ই.স্কুলখনৰ ইংৰাজী পঢ়ুৱা চাৰজনৰ গা বেয়া বাবে হেডচাৰে তাইক ক্লাচবােৰ ল’বলৈ মাৰি পঠিয়াইছে। পা-পইচা নিদিলেও তাইৰ যােৱাৰ মন এটা নথকা নহয়। কিন্তু মূৰত সকলাে সময়তে মাকৰ কথাবােৰে পাক দি আছে। দেউতাকৰ আঁৰ লৈ কেৱল কান্দিছে তাই।

 আশানকৰাকৈয়ে ডাকোৱালজনে সিহঁতৰ ঘৰত বেল বজালেহি। আনদিনাৰ দৰে ফুলৰ আনন্দ লগা নাই। দেউতাকক আজিকালি তাই কামলৈ যাবলৈ নিদিয়ে। ঘৰতে কাঠিকামী কৰি থকা দেউতাকেও চাইকেলৰ বেলৰ শব্দ শুনি ওলাই আহিছিল।

 : তােলৈ আলােচনী আহিছে নেকি ফুল ? দেচোন মােকে। ময়ে পঢ়ো। ৰাতি বৰকৈ নমনাে চকুৱে।

 : দেউতা আজি বেলেগ এটা খবৰ আহিছে দেউতা। মই উপন্যাস এখন প্রতিযােগিতাৰ বাবে পঠিয়াইছিলাে। প্রথম হৈছাে দেউতা। আমাৰ কলেজতে মূল মিটিংখন হ’ব। মােক তালৈকে মাতি পঠিয়াইছে। পুৰস্কাৰৰ ওপৰিও তেওঁলােকে কিতাপ আকাৰে ছপা কৰিব দেউতা।

 : ইমান ভাল খবৰ। তইনাে কি মেজেঙা মুজোঙাকৈ দিছ?

 শােকটো সামৰি লয় তাই।

 : অহা সােমবাৰে মিটিং দেউতা। মাজত চাৰিদিন। তয়াে উলাবি।

 : মইনাে কি কৰিমগৈ ?

 : কাহিনীৰ নায়ক-নায়িকা আমি দেউতা। তই নিজ চকুৰে দেখিবলৈ পাবি।

 দেউতাকে পুনৰাই প্রশ্ন নকৰাৰ আগতেই ফুল ভিতৰ সােমাল।

 গাত এহতীয়া ফুলৰ গামােচাখন লৈ কণ বহি আছে সভাৰ মাজত। পিন্ধনত সামৰণ পাঞ্জাৱী আৰু পায়জামাটো। চামৰাৰ চেন্দেলযােৰ। চৌপাশে বহি থকা মানুহবােৰ বেচ ভদ্ৰ আৰু শিক্ষিত। মূল মঞ্চখন বৰ ধুনীয়াকৈ সজাইছে। চাৰিটা চুকত চাৰিটা জাপি। মাজভাগত গামােচা ওলােমাই তাৰ মাজে মাজে সােণাৰু কৃষ্ণচূড়াৰ ফুলৰ থােপা ওলােমাই দিছে। গাঁৱৰ বাটে-ঘাটে থকা ফুলবােৰৰ ইমান সৌন্দর্য্য আৰু আদৰ আছে বুলি কণে ভৱাই নাছিল। তাক বহােৱাই ফুলজনী জানাে কলৈ গল? দেখিলে সি তাই বাহিৰত কাৰােবাৰ লগত কথা পাতি আছে। বয়সীয়াল যেন মানুহবােৰৰ ভৰি চুই তাই সেৱা কৰিছে। কোনােবাই তাইক বিচাৰি থকা কণে গম পাইছে। কণে বুজিছে এই আয়ােজন ফুলক লৈ। সি ইমানদিনে ভৱা নাছিল ফুলৰ কলমটোৰ শক্তিৰ কথা। ফুলৰ মন মগজুৰ কচৰতৰ ফচলৰ আদৰে কণক আনন্দ দিছে। সি যেন চিঞৰি ক’ব “মই ফুলৰ দেউতাক”।

 ফুল দেউতাকৰ কাষতে বহিলহি। দেউতাক খুব শান্ত হৈ বহি থাকিলেও ভিতৰি অস্থিৰতাত ভূগি থকা কথাটো ফুলৰ চকুৰপৰা সাৰি নগ’ল। বাধ্য ছাত্ৰৰ দৰেই দেউতাকে পিন্ধি পেলাইছিল তাই তুলি দিয়া সাজযােৰ। প্রতিবাদ নকৰাকৈ ডিঙিত পেলাই লৈছে গামােচাখন, পিন্ধি লৈছে চেন্দেলযােৰ। গাড়ীত উঠি চহৰ পাইছেহি তাইৰ খােজত খােজ মিলাই। বহুদিনীয়া হেঁপাহ এটা ফুলেও পূৰাইছে আজি। মাকৰ সেউজীয়া পাৰিৰ কেঁচা পাতৰ চাদৰ-মেখেলাযােৰ পিন্ধিছে আজি তাই। মাকৰ

সুবাস এটা যেন বিয়িপিছে যেনিয়ে তেনিয়ে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড