পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২৮

বি.এ. পাছ কৰিলে। আনন্দৰ বন্যাত যেন উটি ভাঁহি যাব কণ। নতুনকৈ চিন্তা এটাই লগ দিছে কণক। ফুলৰ দেখোন বিয়া দিয়াৰ বয়স হ’ল। বুকুখন বিষায় উঠে কণৰ। সঘনাই হৈ থকা বুকুৰ বিষটোৱে তাক যদি কেতিয়াবা সিপৰীয়া কৰে কি হ’ব ফুলৰ? কিবা কথা এটাৰ অজুহাতত ফুল বৰকৈ খুৰাকৰ ঘৰলৈও নাযায় আজিকালি। ধনটি দূৰণিৰ চহৰত। অসমীয়া বিষয়ত মেজৰ লোৱা ফুলে দেউতাকক বুজায় মেজৰ মানে কি? বি.এ. ৰ পিছত আৰু ওখ ক্লাছ এম.এ.।

 : তই এম.এ.টো নাম লগা ফুল।

 : বি.এ. পৰীক্ষাৰ ৰিজাল্ট দিয়ক দেউতা। আৰু এম.এ. আমাৰ কলেজত পঢ়িব নোৱাৰি নহয়। এম.এ. পঢ়িবলৈ গুৱাহাটী নাইবা ডিব্ৰুগড়লৈ যাব লাগিব। তাতে থকা ইউনিভাৰচিটিত নাম লগাব লাগিব। নম্বৰ ভাল পাব লাগিব। চিট পাব লাগিব। আৰু মই চিট পালেও তোক এৰি থৈ ইমান দূৰলৈ নাযাওঁগৈ৷ মই গাঁৱৰ ল’ৰা-ছোৱালীবোৰক টিউচন কৰিম। চাকৰিৰ বাবে হোৱা পৰীক্ষাবোৰ দি থাকিম।

 ফুলৰ নাম উল্লিখনেৰে কণৰ অভিভাৱকত আলোচনী কিছুমান আহে। কণে সুধেগৈ তাইক।

 : দেউতা, মই এই আলোচনীবোৰলৈ লেখনি দিও। চা, চা এয়া মোৰ নাম আছে ইয়াত চা। এয়া কবিতা মই লিখা। এয়া গল্প..আৰু এয়া চা মোৰ লেখনি পঢ়ি পাঠকে মোক প্ৰশংসা কৰি লিখা চিঠি।

 কণে যেন বুজি পায় ফুলৰ বিশেষ গুণটো। গাঁৱৰ কেইজনৰ ঘৰলৈ এনেকৈ আলোচনী আহে ডাকত? কণৰ বুকুখন অহংকাৰী হৈ উঠে। ফুলে যে কয় সেইবোৰ তাইৰ সৃষ্টি। ইমানবোৰ কথাৰ সি ভূ ভা নাপায়। কণে ভাৱে ফুল তাৰ অহংকাৰৰ কাৰণ। চকুৰ পলকতে বাগৰি যোৱা সময়ৰ খোজত ফুলে ভৰি থৈ বহুকথাই শিকিলে। বহু অভিজ্ঞ হ’ল।নাই আৰু ক্ষোভ কণৰ একোৰে প্ৰতি।

 ল’ৰা-ছোৱালীবোৰ পঠিয়াই লেম-চাকি যোগাৰ কৰি চোতালখনতে পায়চাৰি কৰি থাকে ফুলে। দেখিছে তাই দেউতাকে যেতিয়াই তেতিয়াই তাই লিখা কবিতা গল্পবোৰ জোটাই জোটাই পঢ়ি থাকে। নুবুজা শব্দৰ অৰ্থ সুধে। তাইৰ মনটো ভৰি আহে। পাঁচটা বছৰ চহৰত থাকি পঢ়ি আহিলগৈ যদিও তাইৰ পুনৰ গাঁৱৰ পৰিৱেশটোত আসজা লগা নাই। ধনটিলৈ মনত পৰি থাকে। চহৰলৈ মাজে মাজে গ’লে ফুলে ফোন এটা কৰি আহে। খুৰাকে এতিয়া তাইক আগৰ দৰে বৰকৈ খং ৰাগ কৰি নাথাকে। খুৰীয়েকক মাজে মাজে এতিয়াও সহায় কৰে। কিন্তু তাইৰ নতুনকৈ চিন্তা এটা সুমুৱাইছে মূৰত। তাইলৈ খবৰ পঠিয়াইছে শৈলেন চাৰে। “অসম ভিত্তিক উপন্যাস প্ৰতিযোগিতা’’ৰ আয়োজন হৈছে। তাত ফুলে অংশগ্ৰহণ কৰিব লাগে। চাৰক লগ কৰিবলৈ ফুল কলেজ পাইছিলগৈ। ৰিজাল্ট দিয়াই নাই এতিয়াও। দিষ্টা কাগজ অলপ কিনো বুলি কিতাপ বহীৰ দোকানখনলৈ সোমাই গৈছিল ফুল। দুচকু টলবলাই উঠিল তাইৰ। ভাইমনক লৈ মোমায়েক। ভাইমনে কলেজ পাইছেগৈ। এটা বছৰ আগত হোৱাহ’লে ভাইমনক কাষতে পালে হয় ফুলে.....

 মোমায়েকে মেলি ধৰিছিল ফুলৰ সন্মুখত মাকৰ যাতনৰ খিল খিলা পৃষ্ঠা...

 আখৰ নহয় যেন সেয়া কোনোবাই যেন নলীয়া কটাৰীয়ে ৰেপি ৰেপি বোৱাই দিয়া তেজৰ চেকা। বুকুখন ত উজাই উজাই অহা বিষ তাই খামুচি ধৰে। মনত আছে ফুলৰ। দেউতাকে তামোল পাৰোতে মাত্ৰ চাৰিটা তামোলৰ থোক এটা মাকৰ পিঠিত পৰিছিলহি। মাকক যেন দাংকোলাকৈহে ল’বহি দেউতাকে। ৰ’দাই থোৱা ধান পাচি অকলে ভিতৰত সুমুৱাইছিল দেউতাকে। সেইজনী মানুহক এটা মাতালে মৰিয়াই মৰিয়াই মঙহ খহালে। নোৱাৰে লিখিব তাই সেই জীয়া ইতিহাস। নোৱাৰে তাই মাকৰ ইমানবোৰ যাতনা লিখিব। সামৰি থয় কলম বহী। দৌৰি বাকচটো খোলেগৈ তাই। সেজে সেজে পৰি থকা ফটোখন চুই চাই বাৰে বাৰে তাই। যাতনাৰ ওপৰি যাতনা সামৰি বছৰ বছৰ মৰি মৰি জী থকা মানুহজনীৰ কাষলৈ তাইৰ দৌৰি যাবৰ মন গৈছে। এই মুহূৰ্ত্ততেই যেন মাকৰ কাষ পাবগৈ তাই। পাৰিবনে দেউতাকে সহ্য কৰিব? পাৰিবনে মাকৰ মৰা তেজে গোট মাৰি থকা দাগ দেউতাকে চাব? অচিন ঠাইখনত মাকে যি যাতনা লৈ জীয়াই আছে সেইকথা শুনিলে দেউতাকে জীয়াই ৰাখিবনে ৰুক্মক? মাকক যে জীয়াই ৰাখিবই লাগিব। উৰি গৈছেগৈ নিমিষতে ফুলৰ মাকৰ প্ৰতি সমস্ত পুঞ্জীভূত ক্ষোভ, খং নাইবা অভিমান। তাৰ ঠাইত তাইৰ বুকুত বাহ লৈছেহি বেদনাই। সেই বেদনাই কঁপনি তুলিছে গাত। দেউতাকক তাই এই কথাবোৰ কব নোৱাৰে। ভাৰসাম্য হেৰুৱাব দেউতাকে।

 : ফুল, শুই থাক অ...

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড