পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩০

 : সময় হোৱা নাই নেকি ফুল?

 : হৈছে দেউতা। অকণমান আৰু। মুখ্য বক্তাজন আহি পালেই আৰম্ভ হ’ব।

 গম্ভীৰ পৰিৱেশটোত কণে উপলব্ধি কৰিছে ফুলৰ পৃথিৱীখন সুকীয়া। এই পৃথিৱীৰ মানুহবোৰ সিহঁততকৈ বেলেগ। একে খালেও,একে পিন্ধিলেও চেতনাত উপলব্ধ কথাবোৰ বেলেগ।

 ফুলৰ নামটো বহুবাৰ উচ্চাৰিত হৈছে মঞ্চত। প্ৰতিবাৰেই বুকুখন ওখ হৈ উঠে কণৰ। এই যে ফুলে কিবা এটা অৰ্জন কৰিছে কণৰ আনন্দখিনি তাৰপৰাই নিগৰিছে। সি বাৰে বাৰে ফুললৈ চায়। তাই গাম্ভীৰ্য্যতা বজাই বহি আছে।

 জাউৰিয়ে জাউৰিয়ে চাপৰি সৰিছে। ফুলক গামোচাখন পিন্ধাই দিওঁতে কণৰ ডিঙিত যেন কোনোবাই হীৰাৰ মালা এধাৰ পিন্ধাই দিছে এনে অনুভৱ হৈছে। ঘোষণা কৰিছে ফুললৈ নগদ পাঁচহাজাৰ টকা দিয়াৰ কথা, মানপত্ৰ , শৰাই,কিতাপৰ টোপোলাবোৰ ফুলে দাঙিব পৰা নাই। কোনোবাই সহায় কৰি দিছে। কণে উচপিচাই থাকিলেও উঠি যাবলৈ সাহস কৰা নাই কিবা ভুল হয় বা বুলি।

 দৌৰি যাবগৈ যেন কণ। লাজ,সংকোচে আৱৰি ধৰিছে তাক। গাঁৱৰ নামঘৰত ভাওনা-সবাহৰ বাবে পতা মিটিঙতে সি কথা পাতি পোৱা নাই। ইমানবোৰ মানুহৰ আগত কথা ক’বলৈ বাৰু ফুলে কিয় মাতিব লাগে। তাৰ বাবে বেচেৰী লাজত পৰিব আজি।

 সাজু হৈ উঠিছে “যাতনাৰ পৃষ্ঠা’’ৰ উন্মোচনৰ সময়। মঞ্চত উপবিষ্ট প্ৰত্যেকৰে হাতত একোখনকৈ কিতাপ দিছে। সন্মুখত কেমেৰা। কণে কিতাপখন লৈ থিয় দিব নজনা মানুহটোৰ দৰে ফুলৰ পিছত ৰৈছেগৈ।

 উন্মোচকে কৈ যায় থোৰতে। ফুললৈ দি যায় শুভাশীষ। ফুল ৰৈ থাকে স্পীকাৰটো হাতত লৈ লেখিকাৰ একাষাৰ ক’বলৈ। ইমান সময়ে সবল হৈ থকা মানুহজনী দেখোন নিমিষতে বোবাজনী হৈ পৰিল। সকলোৱে চাই আছে তাইলৈ। কণে মঞ্চত তাক আয়োজক কমিটিয়ে দিয়া গামোচাখন লিৰিকি বিদাৰি চাই আছে জীয়েকলৈ...

 : যাতনাৰ পৃষ্ঠা...

 কঁপে ফুল। সেমেকি উঠিছে দুগাল। বাৰে বাৰে তলমুৱা হৈছে তাই। সকলো উদগ্ৰীৱ কি হৈছে তাইৰ। গা-মূৰ বেয়া বুলি কোনোবাই দৌৰি তাইক পানী এবটল দিছেগৈ। তাই উচুপিছে কণে যেন বুজি উঠিছে সকলো। সি লাহে লাহে মঞ্চলৈ উঠি যায়। ফুলৰ পিঠিত হাত থয়। কৈ যায় লাহে লাহে...

 বয়স আঙুলৰ মূৰত। সৌ সিদিনা কলেজ পঢ়িবলৈ গৈছিল ফুল। মানুহবোৰে বাৰে বাৰে শলাগ লৈছিল কিতাপখনৰ। ইমান কম বয়সতে স্পৰ্শকাতৰ বিষয় এটা তুলি ধৰা বাবে বাৰে বাৰে প্ৰশংসা কৰিছিল বিচাৰকসকলে। প্ৰকৃতিষ্ঠ হোৱাৰ চেষ্টা কৰিলে তাই। তাইক লৈ উৎসুক চকুবোৰৰ প্ৰশ্ন উত্তৰ দিব তাই। শৈলেন চাৰ কাষ চাপিছে তাইৰ। তাই পৰা নাই। ইমান যাতনা ক’ত সামৰিছিল তাই? দেউতাকে দুখ পাব বুলিয়ে দেউতাকৰ চকুৰ আগত কান্দি নোপোৱা হ’ল। মেচত লগৰীয়াৰ ভয়ত। আজি..? ইমানবোৰ মানুহৰ মাজত তাইৰ দুচকু কিয় উথলিছে? সকলোবোৰ মনত পৰি ভৰি পৰিল ফুলৰ চকু। মাকৰ লাৱনী হাতৰ ভাতগৰাহ, চোলাটো পিন্ধাবলৈ হাতৰ বাউসী এটা দাঙি দিওঁতে কূটকূটাই দিয়া, তাঁতশালত বহোতে পিয়াহ লাগিলে। দৌৰি মাকক পানী এগিলাচ আনি দিয়া....সৌজনী মাক। চাই আছে তাইক শেষৰ চকীখনত বহি। শুকান মুখখনত অফুত ভাষা। হাতখন মাকে ডাঙিব পৰা নাই। অথচ তাইক চুই চাবলৈ বাৰে বাৰে উচপিচাইচে তেওঁ। নোৱাৰিলে তাই একোৱে ক’ব। দেউতাকে নমাই আনিলেগৈ ফুলক কান্ধত ধৰি।

 ৰাতিপুৱাই খুৰাকে হকাৰে দিয়া পেপাৰ দুখন ফুলক দি গ'লহি। মঞ্চত “যাতনাৰ পৃষ্ঠা’’ৰ উন্মোচনৰ ফটো। লগতে কিতাপখনৰ এটি আলোকপাত। বাপেকৰ চকুলৈ সাহস কৰিব নোৱাৰা ফুলে পেপাৰ দুখন সাৱটি লৈছে।

 কণ সোমাই আছে ভিতৰতে। কালি উভতি আহোতেও বাটত নিশ্চূপ হৈ আহিছে সি। তায়ো যেন বাপেকৰ আঙুলিত ধৰি বাট চিনি নোপোৱাজনী। তাইক দিয়া অভিনন্দনৰ টোপোলাবোৰ বোজাই গাড়ীত তুলিছিল কণে। ফুলক দিয়া কিতাককেইখন বুকুত হেঁচিয়ে সি চিটত বহি পৰিছিল। চিনাকি দুই এজনক প্ৰত্যুত্তৰ দিছিল ফুলে। কণ নিমাত। কালি ঘৰ পোৱাৰ পিছৰেপৰা যেন মৌন ব্ৰত পালিছে কণে। ফুলে দেখিছিল গোটেই ৰাতি দেউতাকে জোটাই জোটাই পঢ়ি লুটিয়াইছে কিতাপৰ পাত।

কোঠাটোত সোমাবলৈও ভয় হৈছে তাইৰ। যদি বাপেকে ঘৰখনৰ কথাবোৰ ৰাজহুৱা কৰা বুলি খঙত একো নাই হৈ পৰে?

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড