পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৫

 ⵓমাহী , মাহী। মা মাহীয়ে পানী খাব।

 দৌৰি লাভলিয়ে বিচিত্ৰাৰ মুখত পানী অলপ ঢালি দিলে বটলটোৰ পৰা। বিচিত্ৰাই অবাক হৈ চায় চাৰিওফালে। তাই দেখোন অচিন ঠাই এখনত আছিলগৈ? ইয়ালৈ আকৌ কেনেকৈ আহিল? লাভলিতে কেনেবাকৈ তাইক পাই গ'ল নেকি?

 ⵓমাহী , তোমাৰ ইমান জ্বৰ। আমাক কিয় কোৱা নাছিলা? আবেলি তোমাক বিচাৰি আহিছিলো বাবেহে মই গম পালো। ই তুমি যে কেনেকৈ পকাতে পৰি আছিলা? জয় কাই, মা আৰু মই মিলিহে তোমাক বিছনাত শুৱাই দিছো।

 এটা এটাকৈ মনত পৰিবলৈ ধৰিলে বিচিত্ৰাৰ সকলোবোৰ। যোৱা ৰাতিৰেপৰা অসহ্য বিষ এটাই গা-মূৰ অৱশ কৰি আনিছিল তাইৰ। ভাতকেইটা আধাপেটিকৈ খাই শুই পৰিছিল বিচিত্ৰা। ৰুক্মৰ হেঁচুকণিত খৰধৰকৈ উঠি বিচিত্ৰাই পুৱাৰ কাম- কাজ কৰিলে। গাটো অৱশ লাগি থাকিলেও কৰি গৈছিল কামবোৰ। ৰুক্স খাই বৈ ওলাই যোৱাৰ পিছতে কাপোৰ কানি ধুই আজৰি হ’ল তাই। কিছু সময়ৰ পিছতে সাংঘাতিকভাৱে বেয়া লাগিবলৈ লৈছিল তাইৰ শৰীৰ। মূৰটো যেন ফাটিহে যাব বিচিত্ৰাৰ। পাকঘৰৰ পৰা খুপি খুপি বেৰত ধৰি বিছনালৈ আহিবলৈ চেষ্টা কৰিছিল বিচিত্ৰাই। বিছনাখন খেপিয়াই হাত মেলিছিল তাই যেন চুব পাৰিলেই হয়। আগবাঢ়ি অহা বিচিত্ৰা হাউলি পৰিল। উঠিম উঠিম ভাবটো মনলৈ আহিল যদিও তাইৰ আৰু একো মনত নাই।

 ⵓআমাৰ ঘৰত জ্বৰ মূৰৰ বিষৰ মেডিচিন আছে। মই লৈ আঁহোগৈ। ভাল পাবা খালে। জয়ক ৰুক্মক খবৰ দিবলৈ পঠিয়াইছে।

 মাক গুছি যোৱাৰ পিছত লাভলিয়ে মাহীয়েকৰ মূৰটো পুনৰাই মোহাৰি দিলে। টুলটুলীয়া হয় বিচিত্ৰাৰ দুচকু। সাৱটি ল’বলৈ মন যায় বিচিত্ৰাৰ লাভলিক। লাভলিৰ মুখত অপত্য স্নেহ লৈ এইজনী যেন ফুল। তাইৰ জীৱনত সুবাস বিলোৱা এপাহ সুগন্ধিযুক্ত ফুল। যাৰ সুবাস তাই চকু মুদিলেই পায়। যেনিয়ে তেনিয়ে উপঙি থকা সেই সুবাস খেপিয়াই ফুৰে তাই।

 ⵓভাত এমুঠি খাই ঔষধ খাই দে। ভাল নাপালে কাইলৈ ডাক্তৰৰ ওচৰলৈ যাব লাগিব।

 ⵓবতৰ সলনি হোৱাৰ সময়ৰ জ্বৰ। ভাল পাম ঔষধ খালে।

 বিচিত্ৰাই সেইদিনা কামনা কৰিছিল ৰুক্মই তাইৰ শৰীৰটো পিটিকি মোহাৰি দিয়ক। মূৰত হাতখন থওক। পাকঘৰ সামৰি বিছনাত পৰিবলৈ তাই আহে মানে বেৰৰ কাষচাপি ৰুক্ম টোপনি গ'ল। বিছনাখনত দুয়োৰে মাজত আন এজন মানুহে শুব পৰা ঠাই ৰাখি বিচিত্ৰাও শুই পৰিল পিঠিয়াপিঠি কৰি।

 সাপ্তাহিক বজাৰখনলৈ বিচিত্ৰাক লৈ যায় লাভলিৰ মাকে কেতিয়াবা। দুয়ো হাতে দুটা বেগ দাঙি মালিকনিৰ পিছে পিছে তাই ঘূৰি ফুৰে। মালিকনীজনী বৰ কোমল অন্তৰৰ। মৰমতে দিয়া পাচলিখিনিৰে দুটা মানুহৰ চাৰিসাঁজমান যায়। বিচিত্ৰা মনটো অলপ হ'লেও মুকলি হয় বাবেই মালিকনীৰ লগত যায়। ৰুক্মক আজিলৈ কোৱাই হোৱা নাই তাই ওলাই যোৱাৰ কথা। মালিকনীৰ লগত ৰিক্সাৰপৰা নামিছিল মাত্ৰ বজাৰৰ সন্মুখত হঠাৎ চকু পৰিল ৰুক্ম আৰু মাইকী মানুহ এজনী ৰিক্সা এখনত সিহঁতৰ সন্মুখেৰে পাৰ হৈ গ'ল। নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰা হ'ল তাই। ৰুক্ম দেখোন এই সময়ত দোকানত। তাই ৰুক্মক চিনি নাপাব নেকি? পৃথিৱীত দুজন মানুহৰ চেহেৰাৰ ইমান মিল থাকিব জানো?

 কথাবোৰ সুধিবলৈ চল চাই আছিল বিচিত্ৰাই। মুখত থকা চাহখিনি গিলিব লৈছিল চাগে ৰুক্মই মাত্ৰ। চৰ্চৰণি খাই গ'ল সি।

 ⵓতোক কোনে ক'লেহি। মই ক’ত কাম কৰো নাজান নেকি?

 ⵓজানো। নহয় বুলিয়ে ভাবিছিলো। নিজে দেখিহে সুধিলো। ইয়াত তোমাৰ বিশেষ চিনা জনা মাইকী মানুহ আছে বুলি নাজানো বাবে সুধিলো।

 ⵓমই নহয়। তই আন কাৰোবাক দেখিলি। আৰু তই কলৈ গৈছিল? মোক নোকোৱাকৈ তই ঘূৰি ফুৰিছ যে?

 ⵓমই বাইদেউৰ লগত সাপ্তাহিক বজাৰলৈ কেইবাদিনো গৈছো। ভাল লাগে। অলপ মুকলি লাগে।

 ⵓমই বোলো তোক পাচলিসোপা এনেই দিবনে? ভাড়াঘৰৰ মালিকনীহে তোৰ মাহীয়েৰে নহয়। লেদেনা উকটি ফুৰগৈ কিজানি মই যোৱাৰ পিছতেই। তই খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই? চাবি কিন্তু এইবাৰ। যদি আকৌ যাৱ মোতকৈ বেয়া কোনো নহ'ব।