: তুমি কাজিয়াৰ সুৰলৈ কিয় নিছা কথাবোৰ। মই সুধিছো মাত্ৰ। মানুহজনীৰ লগত কিবা কাৰণত তুমি যাবও পাৰা। ডাঙৰ কথা নহয়। মোক ফাঁকি দিছা কিয়? মোক ভয় কৰিবলৈ তুমি জগৰ লগাইছা নেকি?
: ভয়? তোক? নহয় বুলি কৈছো। তই পেঘেনিয়াই আছ। হ’লেই জানিবা তই কি কৰিবি? তোলৈ কি ভয় কৰিম মই?
: মোলৈ তুমি ভয় কৰিব নালাগে। আমাৰ সংসাৰখনত দুটা মানুহ। গিৰীয়েক ঘৈণীয়েকৰ মাজত কথাৰ লুকঢাক থাকিব নালাগে।
: গিৰীয়েক ঘৈণীয়েক? তই মই? কি প্ৰমাণ আছে তই মোৰ ঘৈণী। তই কি সুখ দিছ মোৰ ঘৈণী হৈ।এৰি থৈ অহা মতালৈ হুমুনিয়াহ কাঢ়ি বছৰ বছৰ পাৰ কৰিছ। উভতি যাবগৈ নোৱাৰ বাবে মোৰ গাত লম্ভি আছ। আছে তোৰ মৰিবলৈ সাহস? তই কোনখন আইনত মোৰ ঘৈণী। কোনখন সমাজে তোক মোক স্বীকৃতি দিলে? ইয়াত সতী সাবিত্ৰী হ’বলৈ আহিছ? মালিকনীয়ে গম পালে তোক থুৱাই দিব।
নিজৰ দোষ ঢাকিবলৈকে যেন ৰুক্মই তাইক কথাৰে থুকুচিচে। তাই একো বেয়া ভাৱ মনলৈ আনি প্ৰশ্ন কৰা নাছিল। ৰুক্মক। তিলটোকে তালটো কৰি ৰুক্মই বিচিত্ৰাক হানি খুচি গ’ল এফালৰ পৰা। কি ক’লে ৰুক্মই? তাই ৰুক্মৰ ঘৈণী বুলি একো প্ৰমাণ নাই। সাতোটা বছৰে তাৰ ইচ্ছামতে বিচিত্ৰাক গিলি সি প্ৰমাণৰ কথা কৈ গ’ল। সিহঁতৰ মাজত সন্তান কেৱল বিচিত্ৰাই যে কামনা নকৰিছিল এনে নহয় ভগৱানেও কামনা কৰা নাছিল। ৰুক্মৰ ইচ্ছাক মানিবলৈ গৈও বিফল হৈছিল সিহঁত।
মালিকনীৰ লগত বাহিৰলৈ যোৱা নাইবা লাভলিৰ লগত সময় কটাবলৈ এৰি দিছিল বিচিত্ৰাই। খুব নিৰ্জু বুলি বিচিত্ৰাৰ কথা আলহীৰ আগত শলাগ লোৱা মালিকনীয়ে যদি গম পায় তাইৰ অক্ষমনীয় অপৰাধৰ কথা? যদি লাভলিয়ে গম পায় ফুলৰ কথা? নিমিষতে সলনি হ’ব সকলো। এৰি অহা নিষিদ্ধি গলিটোৰ যিয়ে যেনেকৈ পাৰে আনক ৰাউচি জুৰি কোৱা কথাবোৰ তাইৰ মনত পৰে। তাৰদৰেই যদি মালিকনীয়ে তাইৰ মুখতো থু পেলাই দিয়ে? ক্ৰমশঃ লেটা এটা হ’বলৈ ধৰে বিচিত্ৰা।
নুসুধিলে বিচিত্ৰাই ৰুক্মক কালি সি কিয় ঘৰলৈ নাহিল? সোধা নাই ৰুক্মই বিচিত্ৰাক বেগত মাজে মাজে আজিকালি সি কিয় পিন্ধা উপৰঞ্চি কাপোৰ লৈ যায়? দেখে তাই ৰুক্মৰ চকু দুটা উজ্জ্বলি থাকে ঘৰৰপৰা ওলোৱাৰ সময়ছোৱাত। উভতি অহাৰ পিছত অসম্ভৱ গহীন হৈ থাকে যাতে বিচিত্ৰাই কোনো কথাই সুধিবলৈ সাহস নকৰে।
চাৰিদিন ৰুক্স ৰূমলৈ নহা কথাটোক লৈ তাই চিন্তা নকৰো বুলিও নকৰাকৈ থাকিব পৰা নাই। ৰুক্মই যদি পুনৰবাৰ ভুল কৰিবলৈ লৈছে? যদি সেইদিনা তাই দেখা মানুহজনীৰ গিৰিয়েকে ৰুক্মক...উফ উশাহটো যেন বন্ধ হৈ যাব তাইৰ। ৰিক্সা এখন লৈ ৰুক্ম কাম কৰা দোকানৰ সন্মুখত ৰয়গৈ বিচিত্ৰা। ব্যস্ত দোকানখনত কৰ্মৰত সকলো। ফে’’ৰিটো পিছফালে। তাই গাদীত বহি থকা মানুহজনক ৰুক্মৰ কথা সুধিলেগৈ।
: আছে। অলপ আগতে আহিছে।
তাই মানুহজনক একো নুসুধিলে আৰু। নক'লে কক্স চাৰিদিনকৈ ঘৰলৈ নোযোৱাৰ কথা। কথাবোৰ বিচিত্ৰাৰ সন্মুখত ফটফটীয়া হৈছে। ৰুক্মই পুনৰ নাৰী মঙহৰ মোহত পৰিছে। উফ্ ৰুক্ম তই ইমান নিকৃষ্ট। এদিন জয়ে কৈছিল কেইবাদিনো সেই গলিটোত ৰুক্মক দেখা বুলি। ৰিক্সা লৈ পুনৰ ঘৰলৈ উভতিল তাই। জয়ে দেখিছে কেইবাদিনো সেই মহিলাজনীৰ লগত ৰুক্মক। তাই জয়ৰ কাষ পালেগৈ। তাইৰ অনুনয়ত বিচিত্ৰাৰ লগত জয় উঠি বহিল ৰিক্সাত।
তাঁৰত ৰুক্মৰ গেঞ্জি আৰু গামোচা এখন মেলি থোৱা আছে। সিহঁত দুটাক দেখি চোঁ মাৰি খেদি আহিল মহিলাজনী।
: ৰুক্মক ইয়াত চাৰিদিনকৈ কিয় ৰাখিছ?
: হাৰামী, নিজৰ মতাক ধৰি ৰাখিব নোৱাৰ। মোৰ ইয়াত বিচাৰিবলৈ আহিছ। তোৰ মতাই মোক বিচাৰি আহে। মোক বিচাৰি অহা মানুহক মই উভোতাই নপঠিয়াওঁ। যদি পাৰ ঘৰত ৰাখিবি।
হাত দুখন টনটনাই উঠিছে বিচিত্ৰাৰ। মগজুত গৰম তেজ এসোপা উতলিছে। চকু দুটাই সন্মুখত একো নেদেখা হৈছে তাই। পৰি থকা ফলাখৰিডালে মানুহজনীৰ পিঠিৰ সোঁমাজতে ভালকৈ দুকোবমান বহোৱালে উঠিব নোৱাৰাকৈ।
মুখেৰে আৰু কথা নকয় বিচিত্ৰাই। চাই আছে মানুহবোৰে জুমাজুমি কৰি। যেন নিত্য আখৰা সেয়া। কোনেও বিচিত্ৰাৰ হাতৰপৰা মানুহজনীক বচাবলৈ আগবাঢ়ি অহা নাই।
: মৰি থাকিব এইজনী এনেকৈ মাৰি থাকিলে। ব’লা আমি যাওঁগৈ। পুলিচত কোনোবাই খবৰ দিলে বৰ বেয়া কথা