পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩০৪

 পাঁচটা বছৰে মানসিক অস্থিৰতাত ভূগি ভূগি শৰীৰৰ মঙহ তেনেই খহিল বিচিত্ৰাৰ। আটিল শৰীৰটোৰ পতনক লৈ তাইৰ মনত কোনোধৰণৰ আক্ষেপ নাহে। এটা কথাই তাইক শান্তিহে দিয়ে। ৰুক্মই তাইৰ শৰীৰটো লৈ এতিয়া বিশেষ টনা- আজোৰা কৰি নাথাকে। নতুনকৈ সলোৱা ভাড়াঘৰটো আগৰটোতকৈ কিছু ডাঙৰ। পাকঘৰ সুকীয়া। লগালগিকৈ দুৱাৰমুখবোৰ নাই। সেই ঘৰটো পিছলৈ নিষিদ্ধ এলেকাৰ দৰে লগা হৈছিল বিচিত্ৰাৰ।

 মালিকৰ ঘৰৰ লগত বিচিত্ৰাৰ সু সম্পৰ্ক এটা গঢ়ি উঠিছে। ৰুক্ম কামলৈ যোৱাৰ পিছত বিচিত্ৰা মালিকৰ ঘৰ পায়গৈ। ঘৰখনৰ লাচনি পাচনি কৰি দিবলৈও বেয়া নাপায়। মণিপুৰী মানুহ ঘৰৰ মালিকনীৰ ভঙা অসমীয়া বিচিত্ৰাই ধুনীয়াকৈ বুজা হ’ল। প্ৰায় দহবছৰীয়া ছোৱালী এজনী তেওঁলোকৰ। লাভলি বুলি মাতে তাইক ঘৰত। পুৱা তাই স্কুললৈ যোৱাৰ সময়ত জোতা মোহাৰি দিয়াৰপৰা বেগ দাঙি গাড়ীত উঠাই দিয়ালৈকে সকলো কৰি দিয়ে তাই। এই কামটো কৰি সুখ পায় তাই। লাভলিৰ লগত ফুলৰ কল্পনাৰে বিচিত্ৰাই পাৰ কৰে তাইৰ সতে আবেলি। মাহী বুলি কয় লাভলিয়ে তাইক। বিচিত্ৰায়ে শিকাইছে। এই সম্বন্ধ। আপোনত্বৰ গোন্ধ এই সম্বন্ধত।

 ফুলজনীও কিজানি দেউতাকৰ চাইকেলৰ আগধামত উঠি স্কুল যায়গৈ। স্কুলীয়া সাজযোৰ কিজানি তাই নিজে ধুই পখালি ল’বলৈ শিকিছে। স্কাৰ্টৰ চিঙি যোৱা পাতলি লৈয়ে স্কুললৈ যায়নে চিলাই লয় ভাবি থাকে বিচিত্ৰাই। লাভলি বৰ মৰমলগাজনী হৈ স্কুললৈ যায়। দুডাল বেণী প্ৰায়ে গুঠি দিয়ে বিচিত্ৰাই। ৰঙা ফিতাৰে মুখখন জিলিকি উঠে তাইৰ। ফুলকো দিলেহেঁতেন বিচিত্ৰাই। লাভলিয়ে আবেলি তাইৰ জ্যামিতি বাকচৰপৰা মৰ্টন এটা বিচিত্ৰাক দিয়াৰ দৰে ফুলেও দিলেহেঁতেন তলপেন্টৰ কোঁচনিৰপৰা আমলখি নাইবা শিলিখা এটা মাকৰ হাতত গুজি।

 বহুযোজন বাট এতিয়া এৰি অহা বাটলৈ। লাভলিৰ বুকুৰ আগমঙহ দুটুকুৰা দাং খাইছে। হয়তো ফুলৰো। গাভৰু হলে সকলোবোৰ চম্ভালি ল’ব পাৰিবনে তাই? কণে উৱাদিহ পাবনে? তাইৰ যে ফুলৰ তুলনিলৈ একো এডোখৰ কাপোৰ বৈ থৈ অহা নহ’ল। সেইবছৰ কণে ডালে-পাতে ঠেঙুলি মেলি অহা চোমনিডৰাত মুগাৰ সঁচ দিয়াৰ কথা কৈছিল। খুৰাক খুৰীয়েকে বাৰু তাইক মৰম কৰেনে? বিচিত্ৰাক ৰুক্ময়ে খবৰ দিছিল সিহঁতৰ ল’ৰাটোৰ জন্মৰ কথা। নিজৰ মঙহ থাকোতে লোকৰ মঙহ টুকুৰা জানো সকলোৱে আপোন কৰি লয়? তাইৰ হিচাপত অহা বছৰ ফুল গাভৰু হ’ব। তাইৰ বাঢ়ি অহা শৰীৰটোলৈ কোনোবাই বাৰু বেয়া দৃষ্টি দিয়ে নেকি কণ নথকা অৱস্থাত? ফুলক যে একোৱে শিকাই থৈ অহা নহ’ল অ। এইবোৰ কাৰণতে বাৰে বাৰে বিচিত্ৰাই কণে এজনী চপোৱাৰ কথা ভাবিছিল। সেই খবৰটো ৰুক্মই আজিলৈ দিয়া নাই। বিচিত্ৰাৰ প্ৰতি ভালপোৱা আছিল বাবেই কণে আন এজনী চপোৱা নাই নেকি? হয়তো বিশ্বাসঘাটকতাৰ বাবেই নাৰীজাতিলৈ তাৰ ঘৃণা, হয়তো ফুলক সি অকলে আৱৰি ৰখাৰ হাৱিয়াস।

 বাৰে বাৰে প্ৰাৰ্থনা কৰে বিচিত্ৰাই “কুশলে থাক তহঁতি।”

 : আজি বহুদেৰি কৰিলা।

 : আজিৰপৰা দেৰিয়ে হ’ব। কাম বঢ়াই লৈছো। টকা আহিব বেছিকৈ।

 : ইমান ৰাতিকৈ আহিলে মোৰ ভয় নালাগিব জানো?

 : তোক ৰখি থাকিবলৈ গধূলিতে ঘৰ সোমাব নোৱৰো নহয়।

 আজিকালি ৰুক্মই কথাবোৰ এনেকৈয়ে কয়। বিচিত্ৰাৰ গাত নালাগে। সেইদিনাৰপৰা ৰুক্ম দূপৰীয়াও বৰকৈ ঘৰলৈ নহা হ’ল। সুধিলেও কথাবোৰ টানকৈ কয় বাবে বিচিত্ৰায়ো বৰকৈ নুসুধে। এখন ঘৰৰ দুটা মানুহৰ মাজত অদৃশ্য প্ৰাচীৰ এখনে খুন্দিয়াবলৈ লয় ক্ৰমশঃ ...

 বাৰে বাৰে পৰে আকৌ উঠে। পৰি ধৰি আপ্ৰাণ চেষ্টা বিচিত্ৰাৰ দৌৰিবলৈ। শুকান পথাৰখন এচাহ হালবোৱা। মূৰ দাঙি থকা দলিচপৰাবোৰত উজুটি খাই খাই পৰিছে বিচিত্ৰা। উফ কেনেকৈ পালেহি এই ঠাই তাই? অচিনাকি চৌপাশ। পথাৰখনৰ সিটোমূৰলৈকে চালে তাই। দমৰা গৰু এটাও নাই আনকি পথাৰখনত। আছে নেকি কৰবাত খাল, দোং? ইমান যে পিয়াহ লাগিছে বিচিত্ৰাৰ। ডিঙিটো শুকাই কৰ্কৰীয়া লাগিছে যেন। পানী এঢোক নাপালে যে তাইৰ উশাহ লোৱাত কষ্ট হৈছে। শুনিব নেকি পক্ষীয়ে তাইৰ মাত। দিবহি নেকি কণমানি ঠোটেৰে এফুট পানী?

 : পা...নী...পানী....

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড