অপেক্ষাত ফুল। ল’ৰালৰিকৈ শেষৰ ক্লাচটো কৰি বেগত কাপোৰ ভৰাবলৈ ধৰে তাই। উফ দুঘন্টীয়া যাত্ৰাটো সোনকালে শেষ হওক। ধৰফৰ লাগে কণৰো। দূৰৈৰ পৰা সিহঁতৰ ঘৰটোত জিলিকি থকা চাকিৰ পোহৰে কয় ফুল আহিল। বাৰে বাৰে পদূলিলৈ বাট চায় ফুলে...
: ইমান দেৰিকৈ আহিছ।
হয়তো।
ব্যস্ত হৈ পৰে ফুল দেউতাকে ভালপোৱা কিবা এবিধ ৰান্ধিবলৈ। সপ্তাহযোৰা কলেজৰ ভিন্ন কথা এফালৰ পৰা কৈ যায় ফুলে দেউতাকক।
: তোক ৰেগিং কৰা ল’ৰাকেইটাই তোক আকৌ কিবা জগৰ লগাইছে নেকি?
: নাই দেউতা। সিহঁতে এতিয়া মোক বৰ মৰম কৰে। অ দেউতা কলেজ উইক আছে নহয়। তাতে মই সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম। মই বোলে ভাল আবৃত্তি কৰো...
: আবৃত্তি ...?
: মানে কবিতা আবৃত্তি দেউতা ...তুমি ভালকৈ নুবুজিবা।
মই নুবুজা কথাবোৰ ভালকৈ বুজিবলৈকে তোক চহৰলৈ পঠিয়াইছো ফুল।
মুখ ফুটাই নকয় কথাষাৰ কণে ফুলক। বেগাই পাৰ হয় দুটা দিন। সোমবাৰে পুৱা বাহিৰে বাহিৰে কলেজৰ ক্লাচ পোৱাকৈ ফুল যায়গৈ। বিষাদৰ সংগীতে জোকাৰি থাকে দুটা প্ৰাণীৰ মন।
এনেকুৱা সময়তে ফুলৰ চিলনী জীয়েকজনী হৈ মাকক বিনাবলৈ মন যায়। টাকুৰী ঘূৰাদি ঘূৰি কামবোৰ কৰি লয় তাই। পাকঘৰ সামৰি চোতালৰ এমূৰত বহি থাকেহি ফুল। বিশ্বাস ঘাটকতা কৰিলেও মাকক এপলক লগ পোৱাৰ বাসনা এটাই অনবৰতে ভীৰ কৰি থাকেহি ফুলৰ মনত। তাইৰ তুলনিত আহিছিল একমাত্ৰ মোমায়েক। দেউতাকে পদূলিতে ফুলৰ সৈতে মোমায়েকৰ ঘৰৰ সম্পৰ্ক নিঃচ্ছিন্ন কৰা খবৰটো চুকতে পাইছিল ফুলে। মূৰৰ ওপৰে বাগৰি গ’ল বছৰ বছৰ। ক্ৰমশঃ পাহৰি পেলাইছিল ফুলে মানুহঘৰৰ ব্যক্তিবোৰৰ মুখবোৰ।
আঠটা বছৰ মানুহৰ মুখ পাহৰিবলৈ যথেষ্ট নহয়। ফাইনেল পৰীক্ষাৰ শেষৰ দিনটোত কলেজৰ সন্মুখত মোমায়েকক যে ফুলে লগ পাই যাব তাই ভবাই নাছিল। আগলৈ দিব খোজা ভৰি দুটা থমকি ৰ’ল মোমায়েকৰ। ফুলে আগবাঢ়ি মোমায়েকক মাত দিব নে পিছুৱাই যাব কিংকৰ্তব্যতামূঢ় হ’ল।
চলচলীয়া চকু দুটা মোহাৰি মোহাৰি মোমায়েকে ইমানদিনে নজনা ফুলৰ খবৰবোৰ লৈ পেলালে। ফুলে এবাৰো নুসুধিলে মাকজনীৰ খবৰ। ক্ষোভ এবুকু হয়তো গুজৰি গুমৰি ৰৈছিল তেতিয়াও নুসুধে তাই এই মানুহজনীৰ খবৰ। উফ কিয় লগ পাইছিল তাই মোমায়েকক। যদি বাপেকে গম পায় নিশ্চয় খং কৰিব। ফুলে বুজিছিল বাপেক মাকৰ প্ৰতি ইমান নিৰ্দয় হোৱাৰ কাৰণ। মাকৰ দৰে যদি দেউতাকেও দ্বিতীয় বিবাহ কৰালেহেঁতেন ফুল দেউতাকৰ ইমান আদৰৰ হৈ থাকিলহেঁতেননে? যদি সেই পত্নীৰ আন সন্তান আহিলহেঁতেন ভাগ বাটোৱাৰ কৰি লোৱা মৰমৰ কিমান অংশ ফুলে পালেহেঁতেন? দেউতাকৰ সুঠাম শৰীৰটোৰ নাৰী দেহৰ ভোক মাকজনী নোহোৱা হৈ যোৱাৰ লগে লগে শেষ হৈছিলনে? সকলো কাৰণৰ উৰ্ধত ফুল আৰু দেউতাকৰ মাজত কোনো তৃতীয় পুৰুষৰ উপস্থিতি দেউতাকে কামনা কৰা নাছিল। দেউতাকে যে প্ৰায়ে উজাগৰী ৰাতি কান্দিছিল তাৰ প্ৰমাণে ফুলক বহু কথাই কৈছিল। আছে দেউতাকৰ বুকুৰ কোনোবা একোণত মাকৰ প্ৰতি এতিয়াও ভালপোৱা। যি হাজাৰ ঘৃণায়ো নোহোৱা কৰিব পৰা নাই। আৰু ফুল..? প্ৰতিটো শনিবৰীয়া আবেলি বিশেষ ফটোখনৰ লগত কথা পাতিছিল। মাকে স্পৰ্শ কৰি যোৱা কাপোৰবোৰ লিৰিকি বিদাৰি মাকৰ অস্তিত্ব বিচাৰি ফুৰিছিল। তেন্তে কিয় নোৱাৰিলে ল’ব মাকৰ খবৰ এবাৰো? মোমায়েকে বাৰু জানেনে ক’ত আছে ফুলৰ মাক? আছেনে মাক জীয়াই...? ধৰফৰাই বুকু ফুলৰ। নাই, সুধিব লাগিব। এইবাৰ মোমায়েকক লগ পালে মাকৰ কথা সুধিব তাই।
“তহঁতক মনোকষ্ট দি মায়েৰেও শান্তি নাপালে অ। গোটেইজনী আধাপাগলী হল। আগৰ সেই চেহেৰা নাই মাৰৰ।”
আনন্দ পাব লাগিছিল ফুলে এই খবৰ পাই৷ টপ্ টক কৈ সৰিছে চকুলো মোমায়েকৰ। আপোন ভনীয়েকৰ আন এক
বিষাদগাঁথা মেলিছে কন্যাৰ সন্মুখত। তেতিয়াৰেপৰা চিলনীৰ জীয়েক হৈ ফুলে গীত জুৰিবলৈ হাবিয়াস কৰে।