সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫

 তিনিদিনমানৰপৰা কণৰ বুকুখন অদ্ভুত বিষ এটাই হেঁচা মাৰি মাৰি ধৰিছে। গেঙাই উশাহটো লৈ থকা দেখি ফুলে খুৰাকৰ কাষ পালেগৈ। চহৰত বহা ডাক্তৰৰ ঠিকনা লৈ দেউতাকক সাজু কৰিলে ফুলে। নাতি দূৰৈৰ লাইন গাড়ী অহা-যোৱা কৰা পথছোৱালৈ দেউতাক কথমপি খোজ কাঢ়ি গ’ল। ল’ৰালৰিকৈ এৰে লগতে ইটো সিটো দেউতাকক পৰীক্ষা কৰোৱাই বেলা ভাটি দিওঁতেহে ঘৰ পালেহি দুয়ো। কঠোৰ নিৰ্দেশ দিলে ফুলে দেউতাকক তাইৰ নিদেৰ্শমতে দেউতাকক চলিবলৈ। হাজাৰ বাধা দিয়া স্বত্বেও দেউতাকে মদ খাবলৈ এৰি নিদিয়া স্বভাৱটোৰ বাবে ফুলৰ দেউতাকলৈ খং চৰে। এসপ্তাহকৈ দেউতাক কামলৈ নোযোৱাৰ বাবে ঘৰ খালী। এই কথা দেউতাকে গম পালে বেমাৰলৈ পিঠি দিব বুলি জানিয়ে ফুলে দেউতাকে গম নোপোৱাকৈ বাৰীৰ নেমু আৰু কণ জলকীয়াখিনি চিঙি গাঁৱৰ বেপাৰী মহীধৰক দি আহিল। খং এজাউৰী উঠি আহিল ফুলৰ। বজাৰত এমুঠিত দহটকাকৈ বিক্ৰী কৰিব অথচ কেজি ষাঠি টকাকৈ দিয়ে সি।

 মন কুমলিছিল খুৰাকৰো। তাই হাতপাতি ল’লে খুৰাকে দিয়া টকাকেইটা। খুৰীয়েকে দিয়া টোপোলাটো পিছ দুৱাৰেদি দেউতাকে নেদেখাকৈ ভিতৰ সুমুৱালে। জানে তাই এইবোৰ দেখিলে দেউতাক সুস্থ নোহোৱাকৈ পুনৰ কামলৈ যাব। গাঁৱৰে পুতুকণক মাতি তাই মজলীয়া কুকুৰা এটা মৰাই লয়। খাওকচোন দেউতাকে জালুকীয়া জোল অকণ। বুকুখন ভাল পাব। সৰু ল’ৰা এটাৰ দৰে ফুলৰ সকলো নিৰ্দেশ মানি চলিছে কণে। ফুলৰ মনটো ফৰকাল। ভাল হৈ উঠিছে দেউতাক। তাই খৰখেদাকৈ কাম কৰি টেবুলত বহে। তাই এইবাৰ মেট্ৰিক দিব।

 গাঁৱৰ মিনতি পেহীৰ বিয়া। এনেকুৱা সময়তে ফুলৰ মনটো বেয়া লাগে। বিয়াই সবাহে পিন্ধিবলৈ তাইৰ নতুন চাদৰ মেখেলা নাই। হ’ল বুলি পুৰণিবোৰকে কিমান পিন্ধিব। গাভৰু সংগত থাকি চাদৰ মেখেলা পিন্ধি নগ’লে দায় লাগে। হঠাৎ তাইৰ মনত পৰিল মাকৰ বাকচটোৰ কথা। আজিকালি মন গ’লেই বাকচটো খুলি তাই ফটোখন চায়। ফুলে এফালৰপৰা কাপোৰবোৰ চাই গ’ল। সেউজীয়া পাৰিৰ মাকৰ পাটৰ মেখেলা-চাদৰযোৰত তাইৰ হাতখন ৰৈ গ’ল। পিন্ধিব জানো? মানুহে মাকৰ কাপোৰ বুলি চিনি পাব নেকি? যদি কিবা কয় তাই সহিব পাৰিবনে? দেউতাকে যদি চিনি পায়? যদি দেউতাকে চিনি পাই কাপোৰযোৰ কাটি পেলায়?

 ফুলে দেউতাকৰ অলক্ষিতে মাকৰ স্মৃতিক সামৰিবলৈ ধৰিছে। প্ৰতিটো খোজত মাকৰ অভাৱে কোঙা কৰা বুকুখনৰ মাকৰ স্পৰ্শিত সম্পদবোৰলৈ মোহ জাগে। তাই চুই চুই থাকে আজিকালি মাকৰ এপদ দুপদ সামগ্ৰী। কাপোৰযোৰ বাকচটোত সামৰি ফুলে বাকচটো বন্ধ কৰি বাহিৰলৈ ওলাই আহে....

 : মই গাঁৱৰ কলেজখনতে পঢ়ো দেউতা। তোৰে লগত ভাতকেইটা খাই কলেজ যাবগৈ পাৰিম।

 : নালাগে। তই চহৰতে পঢ়গৈ।

 দ্বিতীয় বিভাগত পাছ কৰা ফুলক লৈ কণৰ চকুত সপোন ফুলিছে। দেউতাকক ঘৰখনত অকলশৰীয়া কৰি থৈ চহৰৰ কলেজত পঢ়িবলৈ ফুলৰ মুঠেও হেঁপাহ নাই। দেউতাকৰ বুকুৰ বিষটোৱে মাজে মাজে উক দি থকা কথাটোৱে ফুলক বৰকৈ চিন্তাত পেলায়। কণৰ যুক্তি কিমাননো দূৰৈত থাকিবগৈ তাই। তিনি চাৰিদিনৰ মূৰে মূৰে ডেৰ দুঘন্টাৰ বাট গৈ জীয়েকক টোপোলা একোটা দি আহিবগৈ পাৰিব। ফুলে অহা-যোৱা কৰি পঢ়িলে কষ্টৰ উপৰি পঢ়া সময় উলিয়াব নোৱাৰিব বুলি কণৰ চিন্তা। দেউতাকৰ সিদ্ধান্ততে সন্মতি দি ফুলে চহৰৰ কলেজত পঢ়াৰ সকলো ব্যৱস্থা হৈ উঠিল। গাঁৱৰে চাৰিজনীমান ছোৱালী একেলগে মেচ কৰি থাকিব। খৰচো কম। ঘৰৰে শাক পাত নি খাবগৈ পাৰিব।

 ঘৰৰ পৰা বিয়া দিবলৈ লোৱা ছোৱালীজনীৰ দৰে হুকিয়াই হুকিয়াই কন্দা ফুলক কোনোমতে বুজাই বঢ়াই মেচত থৈ আহিল কণে। ঘৰখনত সোমায়ে অবুজ বেদনাই হেঁচা মাৰি ধৰিলে কণক। ফুল নোহোৱাৰ শূন্যতা চাৰিওফালে বিৰাজমান। হকে বিহকে কণ ঘৰত থকা সময়ছোৱা দেউতা দেউতাকৈ চিঞৰি থকা ফুলৰ মাতটোৱে কণক আমনি দি থাকিল। ফুলৰ বিছনাখন, টেবুলখনৰ কাষত দৰক মাৰি ৰ’লগৈ কণ। কণে পুনৰবাৰ অনুভৱ কৰিলে ফুলৰ অবিহনে বৰকৈ অকলশৰীয়া কণ। পাৰিলেহেঁতেন কণে সন্মতি দিব গাঁৱৰ কলেজখনতে ফুলে পঢ়িবলৈ বিচৰা কথাটোত। কিন্তু নিদিলে। কণে নিবিচাৰে ফুল তাৰ দৰে গাঁৱৰ চাৰিসীমাৰ মাজতে থাকক। কণে নজনা নুবুজা বহু কথা ফুলে শিকক। চহৰৰ ৰেহ ৰূপৰ লগত পৰিচয় ঘটক ফুলৰ। ঘৰখনত সোমাই সোমাই লেটাপলুৰ দৰে হ’বলৈ ধৰা ফুলৰ মনটো ধৰা পেলাইছিল কণে।

 ধনটিক দহাই দহাই কৈ গৈছিল ফুলে দেউতাকক পুৱা গধূলি মাত দিবলৈ। তথাপিও শনিবাৰটো কেতিয়া আহে তাৰে

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ : প্ৰথম খণ্ড