পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯৭

 পৰকহি তাইৰ আই চোতালত চিলনীজনী হৈ..

( সিটোপাৰৰ অধ্যায়)

 জঠৰ হৈ বিচিত্ৰা পৰি ৰৈছিল টঙি ঘৰটোৰ মজিয়াত। মাত নাছিল ৰুক্মৰো। বিচিত্ৰাক কোনেও দেখা নাই ঘৰৰ পৰা উলাই অহা। দিনজোৰা ভাগৰৰ অন্তত কণ তেতিয়ালৈ সাৰে নাথাকে। ফুলজনীৰ মুখখন টোপনিতে সেই সময়ত জয় পৰি ৰৈছিল যদিও বিচিত্ৰাই উভতি নাচালে। পাষাণ হিয়াৰ অধিকাৰী হৈছিল বিচিত্ৰা তেতিয়ালৈ। তেতিয়ালৈ ৰুক্মৰ পাহুৱাল শৰীৰটোৰ মাজত বিচিত্ৰা বহুবাৰে লেওসেও হৈছিল। ক্ৰমশঃ কণৰ লগত বাঢ়িবলৈ ধৰা ব্যৱধানে বিচিত্ৰা আগবাঢ়ি গ’ল ভুল পথে। ৰুক্ম সম্বন্ধত আৰু বয়সত কণতকৈ সৰু হলেও বিচিত্ৰাক বৌ বুলি মাতিবলৈ সংকোচবোধ। চোঁ মাৰি কোনোবা সময়ত বিচিত্ৰাৰ মনটো জুখিছিল ৰুক্মই। নিজৰ খেলত মগ্ন ফুল আৰু পুৱাতেই কামলৈ গুছি যোৱা কণৰ অনুপস্থিতিৰ সুৰুঙাত চাবোন টুকুৰা, চাৰ্ফটো আনি দিয়াৰ অজুহাতত কাষ চাপি গ’ল বিচিত্ৰা আৰু ৰুক্ম। ইমান প্ৰশংসা কেতিয়াও কৰা নাই তাইৰ গিৰীয়েকে তাইৰ শৰীৰটোৰ। স্পৰ্শৰ ভাষা যে ইমান আকুল বুজা নাছিল বিচিত্ৰাই। লাজ খহিছিল দুয়োৰে। ভঁৰালৰ তলত গ্লাচৰ সাজত বালিৰে গ্লাচ সাজিবলৈ নকৈ শিকা ফুলৰ অজ্ঞাতে সিহঁতৰ বিছনাখনত এহাল মানুহৰ দেহৰ ভোক থামিছিল। সেইদিনা অন্যমনস্কতাত কণৰ আঙুলি কঁৰতৰ দা লাগি তেজেৰে লুতুৰি হৈছিল। হয়তো আছিল এয়া সংকেত এটা কাঁইট সিহঁতৰ মাজচোতালত পোত খাই ৰোৱাৰ।

 ব্যস্ত হৈ পৰে ফুল ভঁৰালঘৰৰ তলতে বালিঘৰ সজাত। কাম বাঢ়িছে তাইৰ। মাকৰ পুৰণি চাদৰৰ আঁচলেৰে অকণি ল’ৰা-ছোৱালী দেধাৰ সাজে ফুলে। দুয়ো হাতেৰে বালি ভাঁজ কৰি ঘৰৰ চৌহদ সাজি তাতে ঘৰেপ্ৰতি মানুহ থৈ ৰাজ্য এখনৰ সম্ৰাজ্ঞী হৈ ফুল বহি থাকে। তাইৰ নিৰ্দেশত সেই ৰাজ্যৰ মানুহে উঠাবহা কৰে। পিয়াহ লাগে তাইৰ খেলি খেলি। মাকক চিঞৰে ফুলে। সেই সময়খিনিতে এহাল মানুহৰো পিয়াহ দূৰ হয়। দেহৰ ক্ষুধাৰ লগতে বাঢ়ি যোৱা মনৰ সম্পৰ্কটোৰ লগত তল পৰি ৰ’ল কণৰ উপস্থিতি। অকণমানি ফুলক বিছনাত অকলে এৰি ৰুক্মৰ লগত গুছি আহিবলৈ ইমান সাহসী কেনেকৈ হ’ল তাই? ভাবি থাকিল বিচিত্ৰাই। সহজ সৰল তাইৰ গিৰীয়েকটোৱে একোৱেই গম নাপালে ইমান দিনৰ কু কৰ্ম। দাখন কিজানি খেপিয়াই ধৰিছে কণে। এফালৰ পৰা কিজানি ঘৰৰ বেৰবোৰ ঘপিয়াই গৈছে। কণে বিশ্বাস কৰিছেনে বিচিত্ৰাই যে আন এটা মানুহৰ লগত ঘৰ পাতিবলৈ এখন পতাঘৰ ভাঙি থৈ গুছি যাব পাৰে! ফুলজনীয়ে বাৰু বুজিছেনে তাই খুৰা খুৰা কৈ ফুৰা মানুহটোৱে সিহঁতৰ সৰ্বনাশ কৰিলে। খুব কম কন্দা ফুলে মাকক বিচাৰি নাপাই কিমান যে কান্দিব? নোখোৱা নোবোৱাকৈ কিজানি কান্দি তাই বাগৰি ফুৰিছে। তাইৰ কান্দোনত অসহ্য হৈ কণে কিজানি তাইক গতামাৰি দিছে! মূৰটো আচন্দ্ৰাই উঠিল বিচিত্ৰাৰ। এই ভাবনাবোৰ কিয় তাইৰ আগতে অহা নাছিল। কিদৰে তাই আঠবছৰে সংসাৰ কৰা মানুহটোক এৰি বেলেগ এজন পুৰুষৰ লগত গুছি আহিব পাৰিলে? বুকুৰ মঙহ ফুলক কেনেকৈ মাজৰাতি বিছনাত অকলশৰে এৰি আহিব পাৰিলে। ইমানেই শক্তি আছিলনে ৰুক্ম নামৰ মানুহটোৰ? ইমানেই টান নে এই মানুহটোৰ প্ৰতি তাইৰ? দুভৰি কঁপি এবাৰো পিচলি নপৰিল তাই? যদি দুৱাৰডলিতে তাই উজুটি খালেহেঁতেন নিশ্চয় সাৰ পালেহেঁতেন কণে। পাপী তাই। উফ বৰকৈ মনত পৰিছে তাইৰ ফুল আৰু কণলৈ। দুহাত আঁজুৰিছিল কণে তাই আৰু ফুলৰ বাবে। অভাৱবোৰ পূৰণ কৰিবলৈ অহৰহ কৰা কষ্টবোৰ দেখিও বিচিত্ৰা কেনেকৈ ভুলপথে পৰিচালিত হ’ল? দেহৰ ভোক ইমানেই বেছি নে তাইৰ? কণেও দেখেন তাইক মৰম কৰিছিল তেন্তে কিয় সুখী হ’ব নোৱাৰিলে তাই কণৰ লগত? কেৱল এইটোৱেই কাৰণনে বিচিত্ৰাই ঘৰ এৰি গুছি অহাৰ?

 : মই কিয় গুছি আহিলো ৰুক্ম? মোৰ অবিহনে কণ আৰু ফুলৰ কি হ’ব? মই ঘূৰি যাওঁগৈ।

 কাওমাও কৰি উঠা বিচিত্ৰাৰ কথাত ৰুক্মৰ যেন কিছু খং উঠিল।

 মই তোৰ বাবেই ঘৰখনৰপৰা একেবাৰে গুছি আহিছো। তোক মই সেইখন ঘৰত সুমুৱাবগৈ নোৱাৰো। আই-পিতায়ে পৰৰ ঘৈণী পলুৱাই অনা বুলি শুনাৰ লগে লগেই মোক তাজ্যপুত্ৰ কৰিব। তোক ভালপাওঁ বাবেই সকলো ত্যাগ কৰিছো মই। সকলো কথাতে সন্মতি দি তই এতিয়া এনেকুৱা নকৰিবি। ইয়াৰপৰা আমি পোহৰ হোৱাৰ পিছতে গুছি যামগৈ। ট্ৰেইনৰ টিকট কৰিয়ে থোৱা আছে। ডিমাপুৰত য’ত মই ঘৰ ঠিক কৰি থৈ আহিছো তাত আমাক সহজে কোনেও বিচাৰি নাপায়। তাত কাম ঢেৰ। আমি ধুনীয়াকৈ চলিব পাৰিম।

 ৰুক্মৰো যদি তাইৰ দৰে পত্নী আৰু সন্তান থাকিলহেঁতেনে ইমান সহজে কথাবোৰ কলেহেঁতেননে? সৰ্বনাশটো তাই

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড