পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯০

নগ’ল।” ফুলে শিকি পেলায় পিতৃভক্তিৰ পাঠ। বাপেক আহি পোৱাৰ আগতেই হেকেৰ পেকৰকৈ দমকলৰপৰা দুবাল্টি পানী দেউতাকলৈ যতনাই থয়।

 অসহায়বোধ হয় ফুলৰ। দেউতাকৰ বাহিৰে আন মানুহৰ আগত ঘৰত থকাধৰণে ওলাবলৈ। স্কাৰ্টটো টানি থাকে তাই। খুৰীয়েকে বাপেকে নুশুনাকৈ বকে “জীয়েকৰ বাঢ়ি অহা মঙহ বাপেকে নেদেখে নেকি বুলি?“ খুৰীয়েকৰ গালি নহয় জীয়েকৰ দেহলৈ অহা পৰিবৰ্ত্তন চকুত পৰে কণৰ। সাজ লগাৰ পিছত বেগ দুটা লৈ দেউতাক ঘৰ পাইছিলহি। নতুন ফ্ৰক দুটা দুবাৰত পিন্ধি ফুলে খুৰীয়েকক দেখুৱাই গ’লহি। সেইদিনা খেজুৰ চুপি চুপি তাই দেউতাকৰ কাষতে পীৰা পাৰি নেওতা আওৰালে৷ ষ্টিলৰ বাটি এটাত সাউতকৈ দেউতাকে ৰন্ধা মাংসৰ তৰকাৰী এবাতি খুৰীয়েকক দি আহিলগৈ ফুলে।

 পদূলিত হস্পিতেলৰ গাড়ীখন ৰোৱা দেখি ফুল দৌৰি পদূলি পালেগৈ। প্ৰথমে খুৰাক, খুৰাকে খুৰীয়েকক ধৰি গাড়ীৰপৰা নমাইছে। খুৰীয়েকৰ কেঁচুৱাটো? তাই ভিতৰলৈ জুমি জুমি চালে। খুৰীয়েকৰ মাকে কাপোৰেৰে মেৰিয়াই লৈ আছে। নাচি দিবৰ মন গ’ল ফুলৰ। কিমান যে হেঁপাহ তাইৰ এই মঙহ ধানীলৈ। তাই চুপি চুপি কাষ চাপিব খুজিলৈ কেঁচুৱাকণৰ।

 ফুলৰ ব্যস্ততাও বাঢ়ি গ’ল খুৰীয়েকৰ লগতে। তাইক ভায়েকক ল’বলৈ নিদিয়ে। কিন্তু তাই চাই থাকে কাষতে থিয় হৈ। খুৰীয়েকে গা ধোৱা বা অন্যান্য কাম কৰাৰ সময়ত তাই ভায়েকৰ ৰখীয়া। ভায়েকৰ পেচাৱ পায়খানা কৰা কাপোৰ খচি দিবলৈও তাইৰ ঘিন নলগা হ’ল।

 : কণ ফুলক স্কুললৈ নপঠিওৱা হলি যে?

 বাটতে ভেটাভেটি হোৱা হেমধৰ মাষ্টৰে সুধা কথাত তভক মাৰি ৰ’ল কণ। ক’তা ফুলে দেখোন স্কুললৈ নাই যোৱা বুলি কোৱা নাই। নে তাই ভায়েকক পাই স্কুললৈ পিঠি দিয়া হ’ল? উভতি ঘৰলৈ বাট ল’লে কণে। দেখিলেগৈ দমকলৰ পাৰত খুৰীয়েকৰ কাপোৰবোৰো ফুলে খচি আছে। খঙত গোটেইটো ৰঙা পৰিল কণ। হাততে পোৱা বাঁহৰ কামি এচটা আনি ভালকৈ দুকোবমান সোধালে ফুলক পিঠিতে। ফুলে একো তৰ্কিবই নোৱাৰিলে। এনেকুৱা ৰুদ্ৰমূৰ্ত্তি এটা বাপেকৰ মাজত লুকাই আছে বুলি ফুলে ভবাই নাছিল। কলৈ যাওঁ কলৈ নাযাওঁ বাট ল’বলৈ ধৰোতেই কণে টানি আনি ভায়েকৰ চোতাল পোৱালেহি ফুলক।

 : তহঁতি ফুলক তহঁতৰ ঘৰৰ চাকৰণি কৰিছ? কি বুলি ভাবিছ তহঁতি মোক? তাই স্কুললৈ নগৈ তহঁতৰ ঘৰত লেদেনা উকটিছে। তঁহতি সোঁৱৰাই দিব নোৱাৰ হোঁ? আৰু তই? বাপেৰক ফাঁকি দি ল’ৰা ৰখীয়া হৈছ? দিনৰ দিনটো হাজিৰা কৰো মই কাৰবাবে? তই খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই? লোকৰ এৰেহা চুৰুকিবলৈ তোক দিছো নেকি মই?

 মৰণ কাতৰ চিঞৰে ফুল খুৰাকৰ চোতালত পৰি থাকিল। সামান্যতমো অপৰাধপ্ৰৱণতাত নুভূগি খুৰীয়েকে কৈ গ’ল...

 : ইয়াত হুলস্থূল কৰি নাথাকিব। মই ল’ৰা শুৱাইছো।

 কান্দি লেবেজান হোৱা ফুলক দাংকোলাকৈ কণে ঘৰ পোৱালেহি। কেঁচা বাঁহৰ কামিয়ে সেৰা পাতি পাতি তেজ ফটা ফুলৰ পিঠি, ভৰি এফালৰ পৰা তিতা ফটাকাণিয়ে মোহাৰি গ’ল কণে। ফুলৰ হেকেটি আৰু উচুপনি বন্ধ হোৱা নাই তেতিয়াও।

 : তই কিয় কেইবাদিনো স্কুললৈ যোৱা নাই ফুল? মোক মাষ্টৰে বাটত ক’লে কাৰণেহে। তই দেখা নাই খুৰাৰ আৰু মোক। খুৰায়ে ভালকৈ পঢ়াৰ কাৰণে কিমান সুখত খাইছে আৰু মই? মই চকু থাকিও অন্ধ। তোৰ অংকবোৰ কৰি দিবলৈও মোৰ শিক্ষাৰ অভাৱ। আজিৰ বজাৰত শিক্ষাৰ মূল্য বহুত ফুল। মই তোৰ বাবেই জীয়াই আছো ফুল।

 ফুলক সাৱটি কান্দি দিলে কণে।

 : দেউতা, মই এনে কেতিয়াও নকৰো আৰু। মই স্কুললৈ যাম দেউতা। মই স্কুলত পঢ়াবোৰ ভালকৈ নোৱাৰো বাবে স্কুললৈ যাবলৈ মন নাযায় দেউতা। হোমৱৰ্কবোৰ খুৰাক সুধিলেও ভালকৈ কৈ নিদিয়ে।

 : তই মাষ্টৰক ভালকৈ সুধি লবি। ক্লাচত মন দি নুবুজাটো বুজি লবি। ওপৰ শ্ৰেণীলৈ উঠিলে তোক মই টিউচন দিম।

 এটেপা এটেপা ভাত খুৱাই গ’ল কণে ফুলক। ভজা কণী অকণ অকণ এৰুৱাই তাইৰ মুখত দি গ’ল কণে। এইজনী ফুল তাৰ জীয়াই থকাৰ সম্বল। যিজনী মানুহক বিশ্বাস কৰি সি ঘৰৰ ঘৈণী কৰিছিল সেইজনী মানুহে তাৰ দূৰৱস্থাক ইতিকিং কৰি পৰপুৰুষৰ লগত সংসাৰ কৰিবলৈ গুছি গ’ল। আনৰ গিৰীয়েকক নিজৰ কৰি প্ৰতিটো বস্তু ভাগ বাটোৱাৰ মাজেৰে চলা

বিচিত্ৰা ধনী নে সি ধনী? কণে ভাবে এতিয়া কণেই সবাতোকৈ ধনী। তাৰ কাষত সকলো সময়তে তাৰ খেয়াল ৰখাকৈ ফুল

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড