“তাই আৰু মাক হৈ আছেনে? নিজৰ পেটৰ সন্তান এৰি বেলেগ মতালৈ যায়নে?”
বাহিৰত গলখেকাৰি শুনি চুপ হৈ গল গোটেইমখা।
ফুল, নামটো দেউতাকেই দিয়া।পিছে তাই দেউতাকৰ আইমানু। গাওঁখনৰ কণ মদাহীৰ জীয়েক। চোতালখন সাৰিবলৈ
বাঢ়নিটাৰ লওঁতেও দেউতাক ওলাবহি।
ⵓ“থ, তই যা। মোক দে।”
নেওতা আওঁৰাই আঁওৰাই তাই পাকঘৰলৈ ভুমুকিয়ায়। দেউতাকে ভাত ৰান্ধিছে। ভজা মাছৰ গোন্ধ তাই নাকত
লাগে। আজিকালি দেউতাকটো বৰ ভাল মানুহ হ'ল। তাইৰ বিয়াৰ পিছৰেপৰা দেউতাকে বৰকৈ মদ নোখোৱা হ'ল। কেতিয়াবা
ৰাতি ন বজাত ঘৰলৈ উভতা দেউতাকে আবেলিতে ঘৰ সোমায়। কাঠফলা বৰকঁৰতখন সদায়ে কান্ধত থাকে। তাই বুজে
তেতিয়া দেউতাক প্ৰকৃতিস্থ। বাৰীৰ পৰা আবেলি চিঙি থোৱা নেমু আনি তাই দেউতাকক চৰবত যাঁচে।
ঘৰখন একেই আছে। বিচিত্ৰাই সজাই যোৱাৰ দৰে। মাত্ৰ দীঘল পদূলিটোত ঘাঁহ বন গজিল। গোৱৰ মাটিৰে লেপা
বেৰবোৰ মাটি এৰি সঘনাই জলঙাবোৰ হ'ল। পাকঘৰত যাবতীয় সামগ্ৰী ওলমাবলৈ তাই তৰি লোৱা জৰীকেইডালো একেই
আছে। মাত্ৰ সলনি হৈছে দুটা মানুহৰ জীৱনশৈলী। বিচিত্ৰাৰ অনুভৱ ঘৰখনত দুটা মানুহৰ মাজত নোহোৱা হৈছে। ফুলে
কোনোদিন সোধা নাই দেউতাকক মাকৰ কথা। কণেও বিচিত্ৰাৰ কথা ক'বলগীয়া হোৱা নাই ফুলক। শুই উঠি মাকক নেদেখি
গোটেই দিনটো সেইদিনা ফুলে দেউতাকৰ পিছে পিছে ঘূৰি মাকৰ কথা সুধিছিল। মাক ক'লৈ গ'ল সুধি সুধি কান্দি থকা ফুলক
গাত টেমুনা হোৱাকে কোবাই কণ নোহোৱা হৈছিল ঘৰৰপৰা গোটেই ৰাতি। খুৰীয়েকহঁতৰ কথা-বতৰাৰপৰা ফুলে বুজিলে
মাক আন কাৰোবাৰ পত্নী হ'বলৈ তাইক আৰু দেউতাকক এৰি গুছি গৈছে। প্ৰচণ্ড ঘৃণাত মাকৰ অৱস্থিতি যেন থকা সৰকা হ'ল।
সেইদিনাৰপৰা সলনি হ'বলৈ ধৰে দেউতাকৰ আচৰণ। ৰাতি ৰাতি তাইক চাই বহি থকা হ'ল দেউতাক। তাই নুসুধা হ’ল সেই
বিচিত্ৰা নামৰ মানুহজনীৰ কোনো কথা। ঘৰখনত যেন আদিৰেপৰা দুটা প্ৰাণী। তাই আৰু দেউতাক।
কণ মদাহীৰ জীয়েকে বুকুত কাপোৰ ল'ব পৰা হ'ল। চকুৰপৰা সাৰি নগ'ল কথাটো। পিৰালিতে বহি পকা কুটকুৰাবোৰ
বেতেৰে সী থাকোতে কোনোদিনে নোযোৱা চেঙেলীয়াকেইটাক দেখি ফুল জাপমাৰি খুৰীয়েকৰ ঘৰ পালেগৈ। বুকুত অজানিতে
উঠা কঁপনি অনুভৱ কৰিব পৰাকৈ ফুল ডাঙৰ হ'ল। খুৰীয়েকে জীৱনৰ আদিপাঠ শিকাবলৈ ফুলক কাষতে বহাই ল'লে...
অকণি হাতেৰে ফুলে খুৰীয়েকৰ পুৰণি চাদৰৰ আগফালি অকণি ছোৱালী সাজে।
এপাকত মূৰ তুলি ফুলে খুৰীয়েকলৈ চালে।বগী টিনটোত চোতালৰপৰা শুকান ধান ভৰাইছে খুৰীয়েকে।ৰ'দ তেতিয়াও
চোতালত। মানুহবোৰে কোৱাকুই কৰিছে খুৰীয়েকে এইকেইদিনতে কেঁচুৱা পাব। তাইৰ মনত বৰ স্ফূৰ্ত্তি। তাইৰ ভায়েক বা
ভনীয়েক এজনী পাব। উফ তাই যে কিমান মৰম কৰিব। উঠন হৈ থকা খুৰীয়েকৰ পেটটোলৈকে তাইৰ ইমান মৰম! কেঁচুৱাটো
আহিলে যে তাইৰ কিমান ভাল লগিব। খুৰীয়েকক তাই কিছুমাহৰ আগতে নেমু ঠা, তেঁতেলী টেঙা যোগাৰ ধৰি তত পোৱা
নাছিল। খুৰাক কামলৈ যোৱাৰ পিছত স্কুললৈ যোৱাৰ আগতে খুৰীয়েকৰ কাষতে বেলা কটায় ফুলে। বাপেকে ৰিঙিয়ায় স্কুললৈ
যাবলৈ। তাইৰ গাত কথা নালাগে। এইবাৰ পৰীক্ষা দিলে তাই ষষ্ঠ শ্ৰেণীলৈ উঠিব। তাই খুৰীয়েকৰ ৰ'দত ৰঙা পৰা গাল দুখন
দেখি সহ্য কৰিব নোৱাৰিলে। টেমাটো লৈ তাই লাগি গ'ল পাচিত ধানবোৰ ভৰাবলৈ।
ⵓখুৰী তুমি কিন্তু ধান পাচি ভিতৰলৈ দাঙি নিনিবা। খুৰা আহিলে নিবলৈ ক'বা।
খুৰীয়েকৰো মৰম বাঢ়ে হ'বলা তাইলৈ। আপেল এটাৰ এটুকুৰা তাইলৈ আগবঢ়াই দিয়ে। কণ কণকৈ দাঁতেৰে এৰুৱাই
চোবাই থাকে ফুলে। ফুলৰ খুৰাকে চহৰত চাকৰি কৰে। ৰাতিপুৱাই যায়। চহৰৰপৰা খুৰীয়েকলৈ নানা তৰহৰ ফলাহাৰ, বিস্কুট
আনে। খুৰীয়েকে তাইক নিদিয়া নহয় কিন্তু দেউতাকে আনিলে তাই মন গ'লেই খাব পাৰিলে হয়! দেউতাকেও পিছে তাইলৈ
লেতেকু, জামু , আম আদি ননা নহয়। আনে। ফুলে জানে দেউতাকে কাঠফলা কাম কৰি খুৰাকৰ দৰে চহৰীয়া বজাৰ কৰিবলৈ
টকাৰ যোগাৰ কৰিব নোৱাৰে। খুকটোৱে কেতিয়াবা ফুলৰ দেউতাকক মদাহী, সন্মান হানি কৰা বুলি কথা শুনায়। দেউতাকে
লম্ফ জম্ফ কৰি উলাই আহিব বুলি তাই বাহিৰৰ পৰা দুৱাৰত দাং দি থয়। খুৰাকহঁতৰ লোহাৰ গেটখনত গাড়ী গাড়ী খেলোতে
এদিন খুৰাকে তাইক ভৰিৰ পিটত পিটাৰ পিছত আবেলি ফুলে নিজ পদূলিৰ নঙলাতে বহি দেউতাকলৈ অপেক্ষা কৰে। ওচৰৰ
সম্বন্ধীয় বৰমাকে ফুলক কৈছিল..“ বাপেৰে খুৰায়েৰাতকৈ চোকা আছিল। আই -পিতাইক কোনে চাব বুলি চহৰত পঢ়িবলৈ
অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড