পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯১

ডাঙৰ হৈ উঠিছে। বুজন হৈ উঠিছে।

 কেতিয়াবা বুকুখন বৰকৈ বিষায় পিছে। দোভাগ ৰাতি সি বিছনাৰ পৰা উঠি আহে। তামোলৰ তলত বিহলঙনীৰ মাজত লুকুৱাই থোৱা মদৰ বটল এটা একে সোহাতে শেষ কৰি থৈ আহে। তেতিয়া তাৰ বিচিত্ৰাক বিচাৰি যাবৰ মন যায়। মন যায় তাইক দুচেও কৰি কাটি থৈ আহিবলৈ। সেই মানুহটো যিটোৱে বিচিত্ৰাৰ ধুনীয়া দেহাটোৰ মোহত দ্বিতীয় পত্নী কৰি লৈ গৈছিল সেই মানুহটো আৰু বিচিত্ৰাক জপটিয়াই কণৰ পিচ পিচ কৰি কাটিবৰ মন যায়। পৰি থাকে সি চোতালৰ এমূৰৰ চাংখনত।

 কাৰোবাৰ স্পৰ্শত কণে সাৰ পায়।

 : দেউতা, তই কিয় শুই আছ বাহিৰত? ৰাতিটো তই ইয়াতেই শুলি নেকি?

 : মই আক’ বাহিৰত কিয় শুম? তোৰ কাষতে শুই আছিলো। পুৱতি নিশাতে বাহিৰ ফুৰিব আহিলো। গা তিয়াব এলাহ লাগি চাঙতে বাগৰি দিলো। যা যা তই গা পা ধূগৈ। স্কুল যাবলৈ সাজু হ..

 ফুলে গামোচাখনৰ আগটোত ফ্ৰক এটা বান্ধি নৈৰ ঘাটলৈ দৌৰ মাৰে। দেউতাকক ৰিঙিয়াই যায়.

 তই মই নহালৈ নাযাবি। মই তোৰ লগতে স্কুললৈ যাম।..

 কণৰ চাইকেলৰ আগামত উঠি ফুল স্কুল পায়গৈ। কণে নিজৰ সঁজুলিখিনি পিছকেৰিয়াত বান্ধি লয়।

 : তই এইকণ ৰাস্তা খোজ কাঢ়ি আহিব নোৱাৰ? মোৰ দেৰি হয়গৈ নহয়।

 : মোৰ ভাল লাগে দেউতা।

 দেউতাকক তাই নকয় সুবিধা পালেই খুৰীয়েকে ফুলক কামত খটুৱাব বিচৰাৰ কথা। ভায়েকটোৱে ফুললৈ চাই মেলেক মেলেককৈ হাঁহে এতিয়া। স্কুলৰপৰা অহাৰ পিছত তাই কেইবাপাকো নমৰা নহয় ভায়েকৰ কাষলৈ কিন্তু মাজে মাজে কিতাপো পঢ়ি থাকে তাই। খৰি কাঠ গোটাই পাকঘৰত পানী দুবাল্টি আনিও থয়। আবেলিতে লেম, চাকিত তেল ভৰাই সাজু কৰি থয় ফুলে। তাই বুজি উঠিছে এই কামবোৰ কৰি থলে দেউতাকৰ সকাহ হয়। বাপেকৰ ৰুদ্ৰমূৰ্তিটো মনত পৰিলেই ফুলে ভয় খায়। জগৰ লাগিবলগীয়া কামবোৰৰপৰা দূৰত থাকে। বাপেক আহি পাবৰ সময়ত ফুলে নঙলাডালতে বহি ভৰি দুটা দুলাই থাকে। আজিকালি বাপেকে তাইৰ বাবে সদায়ে খোৱাবস্তু আনে।

 শিকিছে ফুলে বহু কথা। মাহটোৰ বিৰক্তিকৰ দিনকেইটাতো নিজক চম্ভালিবলৈ শিকিছে তাই। আয়ত্ত কৰি লৈছে। ঘৰখন ধৰাৰ বহু কাম। শুই উঠিয়ে দেউতাকৰ লগত বাহী বন কৰি গা পা ধুই টেবুলত বহাৰ আগতে দেউতাকে পাতি দিয়া থাপনাখনত চাকিগজ দি নেদেখা ভগৱানক কিবা এটা খুজিবলৈ শিকিছে ফুলে। অ’ত ত’ত বস্তুবোৰ সিঁচৰতি হৈ থাকিবলৈ নিদি ফুলে ঘৰখন পৰিপাটিকৈ ৰাখিবলৈ শিকিছে।

 কণে ফুলক শিকাবলগীয়া হোৱা নাই কোনো কথা। এদিন খুৰীয়েকে আধাৰুৱা কৰা জীৱনৰ আধাৰুৱা কথা ফুলে জুকিয়াই লয়।

 সাৰ পাই যায় অকস্মাৎ ফুল। দেখিলে তাই দেউতাক কাষৰ বিছনাত নাই। বাহিৰলৈ যাবও পাৰে বুলি কিছুসময় ৰোৱাৰ পিছতো নহা দেখি বাহিৰ পালেগৈ তাই। জোনৰ পোহৰত স্পষ্টকৈ দেখিলে তাই বটলেৰে মদ গলাধৰণ কৰি আছে দেউতাকে। তাই দেউতাকৰ কাষলৈ যাবনে নাযায় চিন্তা কৰিলে। তাইৰ বুজিবলৈ বাকী নাথাকিল তাইৰ বাবে জীয়াই থকা বুলি কোৱা দেউতাকে প্ৰতিদিনে আত্মহত্যাৰ আখৰা কৰিছে। ৰাতিৰ নিৰ্জনতাৰ সুযোগত কন্দা দেউতাকৰ সেই অচিনাকি ৰূপে ফুলক জোকাৰি পেলালে..

 একেৰাহে বৰষুণ পৰি চোতালখন তেনেই শেলাই গজিল। বতৰটো অলপ দাং খাইছে। ভেঁকুৰ ভেঁকুৰ গোন্ধ এটা উপঙি আছে। ফুলে এফালৰপৰা শেলাইৰ সেউজীয়া প্ৰলেপবোৰ কোৰখনেৰে চুঁচি গ’ল। নাল চিঙা কোৰখন বুটী বাবেহে চুঁচিব পাৰিছে তাই। আঁৰ চকুৰে তাই দেউতাকক লক্ষ্য কৰি থাকিল। যোৱাৰাতি বাপেকৰ কিবা কথাত খং উঠিছিল বোধকৰো। বাপেকৰ অকৰা খঙটো তাই চিনি পায়। কথা নকয় সেইদিনা বৰকৈ। আজি তাইৰ স্কুল বন্ধ। ইউনিফৰ্মযোৰ ধুব লাগিব। মাটি এচৰীয়া আনি তাই পিৰালিৰ পৰা খহি অসমান হোৱা ঠাইত মাটি টিপি টিপি বোকাপানীৰে মচি দিলে। সেই সময়তে হাঁহিবলৈ

লোৱা বেলি মূৰত লৈ কেইবাদিনৰ পিছত কামলৈ যাবলৈ ওলোৱা দেউতাকক দেখি সুধি পেলালে..

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড