পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭০


সুবাসিত সময়

মালা দিহিঙীয়া হাজৰিকা

 সন্মুখত পুৱাৰ আহিনৰ কুঁৱলীয়ে ধূসৰ কৰা সেউজীয়া পথাৰখন লৈ বহি আছে নিহাৰীকা। চোতালত তাইৰ বিয়াৰ বাবে দিয়া ৰভাৰ কেইটামান খুটা এতিয়াও ৰভাখনৰ সাক্ষী হৈ থিয় দি আছে।কোমলকৈ হাঁহি এটা বিয়পি গ'ল তাইৰ ওঠৰ কোণেৰে ঘৰখনৰ বাকী মানুহকেইটা সাৰ পোৱাই নাই। মানুহনো কি আৰু মাক, দেউতাক আৰু ভায়েক। কিয় জানো এইকেইটা মাহৰ পুৱাৰ এই অকলশৰীয়া সময়কণ খুউব প্ৰিয় তাইৰ। চেঁচা বতাহ এজাকে কঁপাই তোলা তাইৰ চাৰিওফাল, সেই বতাহতে বিয়পি পৰা কুঁৱলী আৰু শেৱালীৰ সুবাসে তাইক এখন বেলেগ পৃথিৱীলৈ লৈ যায়। সন্মুখৰ বিশাল পথাৰখনে তাইৰ মনৰ পৰিধি বহলাই দিয়ে তাইৰ অজানিতে। আৰু এই যে আহিবধৰা কুঁৱলীসনা কাতিৰ কানিমুনি সন্ধিয়াত মাকৰ স’তে পথাৰত কলৰ মধুনা কাটি জ্বলোৱা চাকিগছি, তুলসী তলৰ চুবুৰী এটা বিয়পি পৰা প্ৰাৰ্থনাৰ সুৰ,বুটমাহ আৰু নাৰিকলেৰে প্ৰসাদৰ শৰাইখনে তাইক এতিয়াও পুলকিত কৰে। এইবোৰে তাইক একেবাৰে সৰুকালটো ঘূৰাই দিয়ে। এনেও এই দুই তিনিদিনত তাইৰ মনৰ ভিতৰৰ ছবিবোৰে বৰকৈ অহা যোৱা কৰি আছে তাইৰ চকুৰ আগত। আৰু এনেদৰে অকলশৰে বহিবলৈ সুবিধা পায়েই সেয়ে তাই যেন গুছি যাব অতীতলৈ, অতীতৰ সেই দিনবোৰলৈ।

 নিহাৰীকা আৰু নিবিড়,সৰুকালৰে লগৰীয়া দুইটা। সিহঁত সৰু থাকোতেই দুখন বেলেগ ঠাইৰ পৰা অহা দুটা পৰিয়ালে একেলগে থাকিবলৈ আৰম্ভ কৰিছিল। লাহে লাহে দুইটা পৰিয়াল ইমানেই আপোন হৈ পৰিল আজি পঁছিশ বছৰ ধৰি তেওঁলোকে একলগেই আছে। প্ৰথম ডোখৰত ভাৰাঘৰত আছিল যদিও পিছলৈ মাটি এডোখৰ কিনি দুয়োটা পৰিয়ালে সমানে সমানে ভগাই ল'লে। সিহঁত প্ৰথমবাৰ লগ পাওঁতে তেনেই সৰু। মাক আৰু বৰমাকে কোৱামতে প্ৰথমবাৰ লগ পায়েই তাই নিবিড়ে হাতত লৈ থকা পুতলাটো কাঢ়ি লৈছিল। লাহে লাহে সিহঁত ডাঙৰ হৈছিল। স্কুল গৈছিল। মুঠতে সকলোতে দুয়োটা একেলগে।খোৱা বোৱাৰ ক্ষেত্ৰতো একেই, এদিন যদি এঘৰত আনদিনা আনঘৰত। ওচৰ চুবুৰীয়াই সিহঁতক ডাঙৰ হ'লে বিয়া পাতি দিব লাগিব বুলি জোকাইছিল। নিহাৰীকাৰ খং উঠিছিল কিন্তু নিবিড়ে ভালহে পাইছিল।সিহঁত ডাঙৰ হৈ অহাৰ লগে লগে সিহঁতৰ মাক দেউতাকেও একেটা কথাই ভাবিছিল। নিহাৰীকা ডাঙৰ হৈছিল। তাই চুকত থকা দিনকেইটা নিবিড়ে তাইক চাবলৈ লগ পাবলৈ হুলস্থূল লগাইছিল।তাক মাক আৰু খুড়ীয়েকে বুজাইছিল যে নিহাৰীকা এতিয়া ডাঙৰ হ’ল। তাই এতিয়া আগৰ দৰে তাৰ লগত দৌৰি দৌৰি খেলিব নোৱাৰিব। কথাষাৰ শুনি তাৰ দুখ লাগিছিল। তাইৰ ওপৰত অভিমান কৰিছিল তাই কিয় অকলে ডাঙৰ হ'ল বুলি। তাৰ অৱস্থাটো দেখি গোটেইবোৰে কিৰিলি পাৰি হাঁহিছিল। চুকত সোমাই থকা নিহাৰীকাইও তাৰ কথা শুনি মুখ টিপি হাঁহিছিল।বেইৰ তলত গা ধুৱাই থাকোতে নিবিড়ে তাইক জুমি জুমি চাবলৈ যত্ন কৰিছিল কিনো ডাঙৰ হ'ল তাই বুলি।

 সময় বাগৰিছিল। স্কুলৰ দেওনা পাৰ হৈ সিহঁত কলেজত পঢ়িবলৈ গৈছিল। কিন্তু বিভাগকেইটা বেলেগ আছিল। তাইৰ শিক্ষাতত্ত্ব বিভাগটোত সি চিট পোৱা নাছিল বাবে ৰাজনীতি বিজ্ঞান শাখাত নামভৰ্তি কৰিছিল। তাতো বহুত যুদ্ধ হৈছিল, নিহাৰীকাই ৰাজনীতি বিজ্ঞান বিভাগতো চিট পালেহেঁতেন সেয়ে নিবিড়ে তাইক একেটা শাখাতেনাম লগাবলৈ জোৰ দিছিল।তাই খুউব কান্দিছিল, ভাল নোপোৱা বিষয় এটা কেনেকৈ পঢ়িম বুলি প্ৰথমবাৰৰ বাবে মাক দেউতাক আৰু বৰ্মাক বৰতাকে নিবিড়ক আওকাণ কৰি তাইৰ কথা শুনিছিল। নিবিড় আহত হৈছিল কেইবাদিনো তাইৰ লগত মাতবোল কৰা নাছিল কথাবোৰ কিন্তু একেই আছিল। অনবৰতে নিবিড়ে তাইক চকু দি থকা কথাটোত বৰ খং উঠিছিল তাইৰ লগত যোৱা লগত অহা মুঠতে নিহাৰীকাৰ স্বাধীনতা বোলা বস্তুটো একেবাৰেই নোহোৱা হৈছিল। মাক দেউতাক বৰমাক বৰদেউতাকৰ আগত ক’লেও সি তাৰ দায়িত্ব পালন কৰিছে বুলি তাইক বুজাইছিল।

 প্ৰেম এক স্বৰ্গীয় অনুভূতি। ইয়াক কৰা নাযায় হৈ যায়। নিহাৰীকা প্ৰেমত পৰিছিল একেটা বিভাগৰে সূৰু নামৰ এজন ল'ৰাৰ। তাইলৈ বহুত আগতেই প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱা ল'ৰাজনক তাই ইতিমধ্যে কেইবাবাৰোনাকচ কৰিছিল। সি সকলোবোৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড