পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৬৯


তুমিয়েই দিবা তাইক। তাইৰ জন্মদাতৃৰ তাইলৈ শেষ উপহাৰ..”

 “শেষ উপহাৰ? মানে?”

 “হুমম! তেওঁৰ কালি শাস্তি শেষ হ'ল। এতিয়া তেওঁ হেনো বহু দূৰলৈ যাবগৈ। মই বহুত অনুৰোধ কৰিছিলোঁ আমাৰ লগতে থাকিবলৈ, তেওঁ মান্তি নহ'ল বুইছা। মাজনীক এবাৰ চাই যাবলৈ কৈছিলো। পিছে তেওঁ মাথা হাঁহিলে। শেষত এই উপহাৰটো দি গুছি গ'ল।”

 “কোন গুছি গ'ল পাপা?”

 “আৰে মাই ডিয়েৰ দটাৰ, মেনি মেনি হেপ্পি ৰিটাৰ্ণচ অফ দ্য দে।” মিষ্টাৰ চলিহাই থতমত খালে যদিও সেয়া লুকুৱাই পৰিৱেশটো সহজ কৰি চেনেহৰ জীয়ৰীক আদৰেৰে শুভেচ্ছা জনালে।

 “হেপ্পি বাৰ্থদে মাজনী।” মিচেছ চলিহায়ো সম্ভাষণ জনাই সাৱটি ধৰিলে জীয়েকক।

 “থেংক ইউ মা, থেংক ইউ পাপা। ইউ গাইজ আৰ দ্য বেষ্ট পেৰেণ্ট ইন দ্য ৱৰ্ল্ড। লভ ইউ ব’থ।”

 “উই লভ ইউ টু হানি..।বাৰু শুনাছোন। মা আৰু মই এইবাৰ তোমাৰ বাবে একেলগে এটি গিফট আনিছো। হ’প ইউ ৱিল লাইক ইট।”

 “থেংকচ এগেইন, ইউ গাইজ আৰ অ'চম।”

 মিচেছ চলিহাই জীয়েকৰ হাতত উপহাৰৰ টোপোলাটো তুলি দিয়ে। জীয়েক ওলাই যায়, দুয়ো চাই ৰয় তাই যোৱাৰ ফালে। নিজৰ কোঠালিত গৈ হুহুকাই কান্দি উঠে ছোৱালীজনীয়ে। মাক দেউতাকৰ কথোপকথন শুনি তাই সকলো বুজি উঠে। তাই আন কাৰোবাৰ সন্তান, এওঁলোক তাইৰ পিতৃ মাতৃ নহয়। আনহাতে তাইৰ নিজৰ মাতৃয়ে তাইক বচাবলৈ নিজে.. উস! কিমান যন্ত্ৰণা সহিলে চাগে মাকে। তাই এতিয়া কি কৰিব? বিচাৰি যাব নে মাকক? পিছে তাই গুচি গ'লে এওঁলোকৰ কি হ’ব? তাইৰ অবিহনে দুইজন জীয়াই থাকিব। নাই, তাই ক'লৈকো নাযায়। ইমানদিনে যেনেকৈ চলি আছে তেনেকৈয়ে থাকক। তাইৰ একৈশ বছৰীয়া এই জীৱনটো এই দুজন ব্যক্তিৰ ত্যাগৰ ফল। তাই মাকৰ প্ৰতিও কৃতজ্ঞ, কিন্তু মাকেই যিহেতু তাইক এনেকৈ থকাতো বিচাৰিছে সেয়ে তাই একো নজনাৰ দৰেই থাকিব। তাই যে কিবা শুনিছিল মাক দেউতাকৰ মুখত সেয়াও পাহৰি যাব। মাকৰ চিনস্বৰূপে তাইৰ লগত থাকি যাব এই উপহাৰটো! পেকেটটোলৈ চকু গ'ল তাইৰ। চকুপানী মচি বহি ল'লে, উপহাৰৰ কাগজখন লাহে লাহে খুলিলে তাই...। বহুত সময় তধা লাগি চাই ৰ'ল, তাৰপিছত লাহেকৈ বুকুৰ মাজত সুমুৱাই সাৱটি ধৰিলে। চকুপানীবোৰ অবাধ্যৰ দৰে বৈ ৰ'ল, সুখৰ নে দুখৰ?

 সেইদিনা সন্ধ্যা চলিহা মেনচনত গ্লেণ্ড পাৰ্টীৰ আয়োজন হয়। আলহী অতিথিৰে ভৰি পৰে চৌহদ। তাৰ মাজতে চহৰৰ নামী দামী ব্যক্তিৰে সৈতে হাঁহি মাতি, খিলখিলাই কথা পাতি ফুৰিছে চলিহা দম্পতীৰ একমাত্ৰ কন্যাই। সকলোৱে তাইক ঘূৰি ঘূৰি চাবলৈ বাধ্য, অপৰূপ দেখা গৈছে তাইক। তাইৰ পিন্ধা নাই কোনো ব্ৰেগুেড কোম্পানীৰ হাই ৱেষ্ট জীনচ অথবা পেপলাম ড্ৰেছ। তাইৰ গাত তেতিয়া জিকমিক কৰিছে গুণাৰ ঘন কাম কৰা এযোৰ বগা পাটৰ সাঁজ, তাইৰ হাঁহিটিকো ম্লান পেলাই কাণত হাঁহি ৰৈছে এযোৰ তেজৰঙা বাখৰ খটোৱা সোণৰ কাণফুল...।


অৰ্দ্ধ আকাশ – সেইখন সেউজ পথাৰ য'ত অংকুৰিত হয় নাৰী জীৱন গাঁথাত সন্মুখীন হোৱা
প্ৰতিটো প্ৰশ্নৰ হাজাৰটা সান্ত্বনাৰ সংজ্ঞা। প্ৰতিটো উশাহক সেউজ কৰি তুলিব পৰা এখন বিশাল আকাশ!!
।।
—গীতাঞ্জলী শইকীয়া—

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড