পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৭১

কথাই জানিছিল তাইৰ আৰু নিবিড়। তাইৰ যে নিবিড়ৰ প্ৰতি অলপো প্ৰেমৰ অনুভূতি নাই সেই কথাও সি মৌচুমীৰ পৰা জানিছিল। সেয়ে সি বাৰেপতি তাইলৈ প্ৰেমৰ হাতখন আগবঢ়াইছিল।অৱশেষত নিহাৰীকাই তাৰ প্ৰেম কঢ়িয়াইছিল সংগোপনে।

 মৌচুমী,নিহাৰীকাৰ একেটা বিভাগৰে ছোৱালীজনীলগত খুউব ভাল বান্ধৱী হৈ পৰিছিল মাজে মাজে তাই নিহাৰীকাৰ ঘৰত থাকিবলৈও আহিছিল।নিহাৰীকাই মন কৰিছিল নিবিড়ে মৌচুমীৰ লগত কথা পাতি সময় কটাই ভাল পাই।আগতে যদিও সি অকল ছুটীৰ সময়তহে নিহাৰীকাক বিভাগৰ পৰা আনিবলৈ গৈছিল লাহে লাহে সি কলেজত থকা সময়খিনিত কেইবাবাৰো তাইৰ বিভাগলৈ যায়। তাইৰ লগত কথা পাতে যদিও তাৰ যেন দুচকুৱে অনবৰতে আন কাৰোবাকহে বিচাৰি ফুৰে। কেতিয়াবা যদি মৌচুমী নাহে,তেতিয়া তাইৰ কথা সুধি সুধি আমনি লগাই দিয়ে তাইক। নিহাৰীকাই ভাবে সি বাৰু তাইৰ প্ৰেমত পৰিছে নেকি মৌচুমীৰ। তাক মুকলিকৈ সুধিবও নোৱাৰে তাই। তথাপিও এদিন সাহস গোটাই তাৰ আগত মৌচুমীৰ কথা উলিয়ালে।তাই ভাবিলে সি যদি মৌচুমীক ভাল পাই তেতিয়াহলে তাই সূৰ্যৰ কথাও তাক ক’ব পাৰিব। পিছে তাইক হতাশ কৰি নিবিড়ে কৈ উঠিল,“পাগল নিকি তই। তোৰ লগত মোৰ বিয়া ঠিক হৈয়েই আছে। মই তোকেই ভাল পাব লাগিব।তোক এৰি মই বেলেগ কাৰোবাক কেনেকৈ ভাল পাম।” কথাকেইটা শুনি তালৈ পুতৌ ওপজিছিল। তাই বুজিছিল নিবিড় প্ৰেমত পৰিছে মৌচুমীৰ কিন্তু সৰুতেই মানুহবোৰে তাৰ মগজুত সুমুৱাই দিয়া কথাষাৰে তাক বান্ধি ৰাখিছে। তাৰ মনটোৱে মৌচুমীৰ কথা ভাবিলেও মগজুত সাঁচ বহা নিহাৰীকাক সি আঁতৰ কৰিব পৰা নাই।

 প্ৰতিটো কথাই নিহাৰীকাই মৌচুমী আৰু সূৰুযৰ লগত আলোচনা কৰিছিল নিবিড়ে গম নোপোৱাকৈ। কেতিয়াবা তাইক সূৰুযৰ লগত দেখিলে তাইক সেই ঠাইৰপৰা আঁতৰাই আনিছিল সি। নিবিড়ে তেনে কৰাৰ কথাত সূৰুযেও বাধা দিয়া নাছিল।মৌচুমীয়ে প্ৰথমৰ পৰাই নিবিড়ক যিহেতু ভাল পাইছিল সেয়ে লাহে লাহে নিবিড় তাইৰ প্ৰতি আকৰ্ষিত হোৱা কথাটোত তাই সুখী হৈছিল।সেয়ে তাই সিদ্ধান্ত লৈছিল আৰু নিবিড়ক তাইয়েই ভালপাওঁ বুলি কৈ দিছিল। নিবিড়ে তাইৰ ভালপোৱাৰ প্ৰস্তাৱ মানি নোলোৱাত আচৰিত হোৱা নাছিল মৌচুমী। কিন্তু নিহাৰীকা আচৰিত হৈছিল।প্ৰতিটো কথা নিহাৰীকাৰ আগত কোৱা নিবিড়ে মৌচুমীৰ এই কথাটোও তাইৰপৰা লুকুৱাইছিল যিদৰে মাজে মাজে মৌচুমীক লগ কৰা, তাইৰ লগত একেলগে বহি কফি খোৱা,নিহাৰীকা কেতিয়াবা কলেজ নগলেও মৌচুমীৰ বিভাগলৈ আহি তাইক লগ কৰাৰ কথাবোৰ লুকুৱাইছিল। তাই ভাবি পোৱা নাছিল কি কৰে তাই, সুখ অনুভৱ কৰেনে দুখ।

 দিন বাগৰিছিল। নিহাৰীকা আৰু সূৰ্যৰ প্ৰেমৰ কথা তাইৰ মাকে গম পাইছিল। সেয়ে তাই মাক আৰু বৰমাকক খুলি কৈছিল কথাবোৰ। তাই মৌচুমীৰ কথা ক'বলৈও পাহৰি যোৱা নাছিল। মাকহঁতে ইজনীয়ে আনজনীৰ মুখলৈ চাই ৰৈছিল।তাই বুজাইছিল যে নিবিড় আৰু তাইৰ মাজত প্ৰেম কেতিয়াও নাছিল আৰু নহবও। সৰুতে একেলগে খেলি ধূলি ডাঙৰ হওঁতে সকলোৱে দুইটাকে যোৰা দিয়া কথাটোৱে তাৰ মনত ঘৰ কৰিছিল। যাৰ বাবে সি তাইৰ লগত বিয়া পাতিব,তাইক ভালপাব লাগিববোৰ তাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ধৰি লৈছিল। আৰু সেয়ে সি বেলেগৰ কথা ভাবিবই পৰা নাই। মাক বৰমাক। প্ৰশ্নবোধক চাৱনি দেখি তাই আকৌ কৈছিল যে যদি তাৰ মনত মৌচুমীৰ প্ৰতি একো অনুভূতি নাথাকিলেহেঁতেন, তেতিয়াহ'লে তাইক এদিন নেদেখিলেই উচপিচাই কিয় থাকে সি,নিহাৰীকাৰ পৰা দাঁতত ভাত লগা কথা এটাও লুকুৱাব নজনা নিবিড়ে মৌচুমীৰ কথা কিয় লুকুৱাই, সি তাইক ভালপায়, কিন্তু নিহাৰীকাৰ প্ৰতি দায়িত্ব আছে বুলিয়েই নিজক ফাকি দিছে সি। মৌচুমীয়েও তাক সঁচাকেই ভালপাই। তথাপিও সি তাৰ মনৰ কথা খুলি নোকোৱালৈকে সূৰুযৰ কথা তাক জানিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছিল।

 পাখিলগা কঁড়ৰ দৰে উৰে সময়। সপোনবোৰেও ডেউকা কোবাই উৰিবলৈ ধৰে দূৰ দিগন্তলৈ। তথাপিও সময়ৰ শিকলিৰে বান্ধি ৰাখে সপোনৰ ডেউকা। এদিন দুদিন কৰি ছটা বছৰ পাৰহৈ গৈছিল চকুৰ পলকতে। নিহাৰীকা আৰু মৌচুমী দুইজনীয়ে শিক্ষয়ত্ৰী হিচাপে নিযুক্তি লাভ কৰিছিল।সূৰুযেও চাকৰি এটা যোগাৰ কৰি গুৱাহাটীলৈ বুলি গুছি গৈছিলগৈ। নিবিড়ে নিজাকৈ ব্যৱসায় আৰম্ভ কৰিছিল।সম্পৰ্কবোৰ একেদৰেই আছিল সিহঁতৰ। গাঢ় হৈছিল নিহাৰীকা আৰু সূৰুযৰ প্ৰেম।অলপ সলনি হৈছিল নিবিড়। নিবিড়ৰ পৰা আঁতৰি ফুৰিছিল, যিটোৱে তাক পাগল কৰি তুলিছিল কিন্তু সি একোৱেই কৰিব পৰা নাছিল। তাৰ মাজতে এদিন ঘৰত নিবিড় আৰু নিহাৰীকাক সন্মুখত বহুৱাই সিহঁতৰ বিয়াৰ কথা উলিয়ালে। নিবিড়ে অতি

বেপোভাবে বিয়াত সন্মতি দি দিনবাৰ থিক কৰিবলৈ ক'লে। নিহাৰীকাই ভাবিছিল মুকলিকৈ কৈ দিয়াৰ কথা কিন্তু মাক আৰু

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড