চিন্তাৰ কাৰণ হৈ পৰিছে সেই কথা বাৰুকৈয়ে গম পাইছিল। সহানুভূতি দিয়া পুৰুষ দিনে দিনে বাঢ়িছিল। সকলোৰে চকু
আছিল তাইৰ শৰীৰটোত। শৰীৰৰ মূল্য যে মানবীয়তাতকৈ বেছি তাই অনি নোহোৱাৰ পৰাহে উপলব্ধি কৰিছিল। মানুহৰ
ভদ্ৰতাৰ মুখাবোৰ খুলি গৈছিল তাইৰ আগত। আৰু আজি, আজি তো..! ছোৱালীটিয়ে কান্দি উঠিল। সাৰ পালে চাগৈ,
লৰালৰিকৈ তিতা কাপোৰ কেইটা সলাই ছোৱালীজনীক কোলাত তুলি ল'লেহি। ভোক লাগিছে বোধহয়, ততাতৈয়াকৈ
গাখীৰ খুৱাবলৈ লাগিল তাইক। সৰু মুখখনিলৈ চাই তাইৰ বিষাদ নিমিষতে উৰা মাৰিলে। বেচেৰী, তাইতো নাজানে
পৃথিৱীখন কিমান নিষ্ঠুৰ। দুৰ্ভগীয়া তাই, এবছৰ নহওঁতেই দেউতা নামৰ শব্দটোৱেই মচ খাই গ'ল জীৱনৰ পৰা। আৰু এতিয়া
এনে এগৰাকী মাতৃৰ লগত জীৱন কটাইছে যাৰ তাকৰীয়া উপাৰ্জনে তাইক ভালকৈ এসাঁজ খোৱা পিন্ধাও যোগাব নোৱাৰে।
আচলতে দুৰ্ভগীয়া ছোৱালীজনী নহয়, দুৰ্ভগীয়া তাই নিজে হে। তাইৰ দুৰ্কপালে সকলোকে শেষ কৰি গৈছে এফালৰ পৰা।
নাই নাই, আৰু নহ'ব। তাই অদৃষ্টক অন্যায়ৰ পিছত অন্যায় কৰি যাবলৈ নিদিয়ে। ছোৱালীজনীক সুন্দৰকৈ তুলি তালি এটা
সুদৃঢ় ভৱিষ্যৎ দিয়াটোৱেই এতিয়া তাইৰ লক্ষ্য। তাইৰ আৰু অনিৰ প্ৰেমৰ সাক্ষ্য, যাক তাই এই জঘন্য পৃথিৱীৰ পৰা বচাই
ৰাখিব; তাই দৃঢ়প্ৰতিজ্ঞ। গাখীৰ খোৱাৰ শব্দবোৰ বন্ধ হ’লকোলাতে টোপনি গ'ল তাই পুনৰ। গালখনত হাত ফুৰাই দিলে
তাই জীয়েকৰ। কণমানিজনীয়ে টোপনীতে মিচিকিয়ালে। নৰেন দাইটিক ঢেকীথোৰা এটা বনাবলৈ দিয়া আছিল, গধূলি
হোৱাৰ আগেয়ে আনিবগৈ লাগিব। তেতিয়াহে কালিলৈ ছোৱালীৰ কাৰণে জলপান খুন্দিব পৰা যাব। তাই শুই থাকোতেই
নানিলে পিছত অসুবিধাই হ'ব, জীয়েকক বিছনাত শুৱাই দি ভাৱিলে তাই।
ৰান্ধনী বেলিটো গাওঁখনৰ সিটো পাৰে পাতত বহিছিল তেতিয়া৷ খৰকৈ খোজ দিছিল তাই। দাইটিৰ ঘৰৰ পৰা উভতি আহোঁতে বাটৰ কাষত শাক-পাত দুডালমান চিঙিবলৈ বহোতেই কিমানপৰ গ'ল তলকিবই নোৱাৰিলে। ইফালে জীয়েকক ঘৰত অকলেই শুৱাই থৈ আহিল। কথাতো মনলৈ অহাত খোজৰ গতি আৰু খৰ হ'ল। ঢপলিয়াই আহি কোনোমতে নঙলামুখ পালেহি। কানিমুনি বেলি, একোকে মনিব নোৱাৰি। ঘৰৰ পিনে চাই বুকুখন চিৰিংকৈ গ'ল, দুৱাৰখন দেখোন খোলা! দৌৰি আহি দুৱাৰমুখ পাই দেখে ভিতৰত এটি ছায়ামূৰ্ত্তি লৰচৰ কৰি আছে। ভয় লাগিল তাইৰ, কি বস্তু বাৰু? কিবা অশৰীৰি নহয়তো? হে হৰি! জীয়েক যে ভিতৰত টোপনিত লালকাল। ভগৱানৰ নাম লৈ আগুৱাই গ'ল ভিতৰলৈ, ছাঁটো বিচাৰিবলৈ ধৰিলে। হঠাৎ শোৱনীকোঠালৈ চকু গ'ল তাইৰ, এটি উলংগ শৰীৰ ধীৰে ধীৰে আগুৱাইছে বিছনাৰ দিশে। বিছনাত জীয়েকে টোপনিতে হাঁহি উঠিছে আকৌ এবাৰ, থিক অথনি তাইৰ কোলাত হঁহাৰ দৰেই। এনেতে ছটোৱে হাত এখন আগুৱাই নিয়ে জীয়েকৰ ফালে, আঙুলি মুঠেই ছঁটা...।
বাহিৰত তেতিয়া ঘোৰ আন্ধাৰ, ছোৱালীজনীৰো কান্দোন বন্ধ হোৱাৰ নামেই নাই। এডোঙা তেজ আৰু এটা প্ৰাণহীন দেহ সমুখত লৈ তাই থিয় হৈ আছিল। হাতত জোৰকৈ খামুচি লৈ থকা টেকীথোৰাটোৰ পৰা টুপ টুপকৈ তেজবোৰ পৰি আছিল। শাকমুঠি লেৰেলিছিল তেতিয়ালৈ...।
“হেৰা, আজি ৰাতিপুৱাই মানুহগৰাকী আহিছিল। মাজনীক..“ বিখ্যাত উদ্যোগপতি বিনয় চলিহাই পত্নীৰ আগত কিবা এটা ক'বলৈ লৈছিলহে, তেনেতে পত্নীয়ে চিএওঁৰ মাৰি উঠিল,
“কি? কিয় আহিছিল তেওঁ? মাৰ্জনীক লৈ যাব নেকি তেওঁ? নাই নাই, তাই আমাৰ ছোৱালী। তাইক নিলে আমি কেনেকৈ থাকিম? আপুনি একো নক'লে কিয় তেওঁক? মাজনীক নিবলৈ নিদিওঁ বুলি নক'লে কিয়?“
“আস সা! শুনাছোন প্ৰথমে, অধৈৰ্য্য কিয় হৈছা? যোৱা বিশটা বছৰে তেওঁ জানো কোনোবাদিনা তাইৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিছে? কোনোবাদিনা জানো কৈছে তাইক লৈ যোৱাৰ কথা? মাজনী সদায় আমাৰেই, আমাৰ জীওটো তায়েই। অজস্ৰ সম্পত্তিয়েও দিব নোৱাৰা অমূল্য সম্পদ, আমাৰ সন্তান আমি তেওঁৰ পৰাই জানো পোৱা নাই? তাইক বচাবলৈ গৈ তেওঁ আজি ইমান বছৰে কষ্ট পালে। নিজৰ সন্তানৰ মুখ নেদেখাকৈ অত বছৰ কটালে। তেওঁক অসম্মান কৰিলে আমাক পাপে চুব। বাৰু যি কি নহওক, তেওঁ বেলেগ কাৰণতহে আহিছিল। আজি যে মাজনীৰ জন্মদিন, তেওঁ তাইৰ বাবে এটি উপহাৰ আনিছিল। কৈছিল তেওঁৰ নাম উচ্চাৰণ নকৰাকৈ যাতে উপহাৰটি তাইক দিওঁ।”
“অহ, দেহি! মই মিছাতেই চিন্তিত হৈছিলো। যিমানেই নহওক, মই যে মাক।”
“পাহৰি নাযাবা, তেঁৱো মাজনীৰ মাক। গতিকে তেওঁ দিয়া দায়িত্ব আমি পালন কৰিবই লাগিব। এই উপহাৰটি