পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৬৭


 “চা ন-ছোৱালী তোক মই পইচাখিনি বিচাৰি আহিছোঁ বুলি তই নাভাৱিবি যে মোৰ তোৰ এই অৱস্থাটো দেখি বেয়া লগা নাই। বৰ দুখ লাগিছে, সি ল'ৰাটো ঘপহকে এনেকৈ...।”

 “মৌজাদাৰ দেউতা, অনিয়ে লোৱা টকাকেইটা মই যেনেতেনে উভতাই দিম। আপুনি মাত্ৰ মোক অলপ সময় দিয়ক।”

 তামোলটো কাঠচটাত টুকুৰিয়াই দুফাল কৰি লাহেকৈ উত্তৰটো দিলে তাই। মৌজাদাৰে বুজিলে, তেওঁৰ মিঠা মাতে আশ্বস্ত কৰিছে তাইক। পেটে পেটে আত্মসন্তুষ্টিৰ এটি হাঁহি মাৰিলে তেওঁ, এয়েই সময়। কুমলীয়া বয়সৰ বিধবা ছোৱালী, তেওঁৱেই যদি সহায়ৰ হাতখন আগ বঢ়াই, তেন্তে কেনেকৈ হ'ব? নাই এই সুযোগ হেৰুৱাব নোৱাৰি, অনিৰ্বাণৰ ঘৈণীয়েকৰ দৰে সুশ্ৰী ছোৱালী গোটেই অঞ্চলতে নাই। আগে পিছে তেওঁৰ ওচৰত আন আন ছোৱালীবোৰে সহজেই লেওসেও হৈ পৰে । টকাৰ টোপ আৰু জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা ভাতমুঠিৰ লোভে তেওঁৰ কাম সহজ কৰি দিয়ে। পিছে এইবাৰ ৰ ঘূৰাই আছে এইজনীয়ে, পিছে যাব ক'লৈ? তেওঁ নিজৰ বুদ্ধিৰ ওপৰত গৌৰৱান্বিত হ'ল। মানুহে কয় সোঁহাতৰ ছটা আঙুলি হেনো বুধিয়কৰ লক্ষণ, তেওঁৰ ক্ষেত্ৰত এইটো ষোল্ল অনাই সঁচা। তেওঁৰ বিচক্ষণ বুধিৰে কিমানক বশ কৰিলে, কিমানৰ মাটি সম্পত্তি নিজৰ কৰিলে হিচাপ নাই। গাঁৱৰ কেইবাটাও ল'ৰা ছোৱালীৰ যে প্ৰকৃতি পিতৃ যে তেওঁ এই কথা কেইজনে জানে? এনে অকলশৰীয়া মানুহে মৰম আৰু সজ মাত এষাৰেইতো বিচাৰে। সহানুভূতি দেখুৱাই সকলো আদায় কৰিব পৰা যায়। তাইৰ পিনে আকৌ এবাৰ চালে তেওঁ, কোনে বাৰু ক'ব এইজনী এটা এমাডিমা সন্তানৰ মাক! তেওঁৰ মনে লকলকাবলৈ ধৰিলে। লাহেকৈ উঠি আহি তাইৰ ওচৰত থিয় হৈ আগতকৈও মিহি মাতেৰে তেওঁ ক'বলৈ ধৰিলে,

 “সময়! দিম বাৰু। পিছে ন-ছোৱালী, তোৰ হাতত এনে এক অমূল্য ধন আছে যিটো মোক দিলে আৰু একোৱে নিবিছাৰোঁ। টকাও উভতাব নালাগে। যদি তই...”

 তাই মূৰ তুলি চালে, তেওঁৰ চকুহাল তাইৰ চাদৰখন পিছলি গৈ সামান্যভাৱে উন্মুক্ত হৈ থকা বুকুৰ সেই বিশেষ অংশত গৈ লাগি ৰৈছেগৈ। মানুহজনে তাইৰ ফালেই হাত এখন আগুৱাই হাউলিবলৈ ধৰিছে। তাইৰ বুজিবলৈ বাকী নাথাকিল তেওঁ কি বিচাৰিছে। সৰ্বশক্তিৰে চিকাৰ কৰি উঠিল তাই,

 “খবৰদাৰ! এখোজো আগ নাবাঢ়িবি। অকলশৰীয়া হ'লো বুলি নাভাবিবি যে মই দুৰ্বল। এখোজো যদি আগবাঢ় তেন্তে তোৰ পুৰুষত্ব এইখন কটাৰীৰ আগত ইয়াতে এৰি যাব লাগিব।এতিয়াই ওলাই যা মোৰ ঘৰৰ পৰা..।”

 “তই পস্তাব লাগিব, চাই লম মই তোক, চাই লম...।”

 ভোৰভোৰাই ওলাই যায় সম্ৰান্ত ঘৰৰ ভদ্ৰলোকজন। হাতৰ কটাৰীখন খহি পৰে, মূৰটো আচন্দ্ৰাই কৰিবলৈ ধৰে তাইৰ, কলৰ পাৰলৈ গৈ মগে মগে পানী ঢালে মূৰত।

 “উস অনি! কিয় নাই তুমি? কিয় গুচি গ'লা অ’? এনেকুৱা নৰপিশাচবোৰে বখলিয়াবলৈ এৰি গ'লা ন’ মোক? নে দৈনিক হাজাৰ যোৰ চকুৰ চাৱনিৰে ধৰ্ষিতা হ’বলৈ গুচি গ'লা?“

 অনি নাই! সি নোহোৱা আজি চাৰিমাহেই হ’লহি, সকলো সপোন, আশা ভাঙি চুৰমাৰ হৈ গ'ল তাইৰ। এটা ৰাতিপুৱা, তাইক আৰু কণমাণিজনীক ঘৰত থৈ কামলৈ বুলি চাইকেলখন লৈ সুহুৰিয়াই সুহুৰিয়াই ওলাই গৈছিল। উভতিছিল এম্বুলেঞ্চৰ চাইৰেনৰ সৈতে, টোপোলা এটি হৈ।ট্ৰাকখন হেনো তাৰ ওপৰেৰে পাৰ হৈ গৈছিল, মুখৰ মাত এটা ওলাবলৈও সময় অকণ নিদিলে তাক। শান্ত শিষ্ট মুখখন তেজৰ চেকুৰাবোৰৰ মাজেৰেও ঠিকেই দেখিছিল তাই, হাঁহি আছিল তাৰ ওঁঠ দুখনে। মৃত্যুৰ আগে আগে বাৰু জীয়েকৰ কথা ভাৱিছিল নেকি? নে ভাৱিছিল তাইৰ কথা? তাৰ হাঁহিটো এবাৰ চুই চাবলৈ বৰ ইচ্ছা। জাগিছিল। পিছে তাক লৈ গৈছিল সকলোৱে কান্ধত তুলি। তাইৰ অনি, যাৰ জিভাত গম চাহ লাগিলেও উস্ আস্ কৰিছিল, সেই একেই অনি চিতাৰ দপদপীয়া জুইকুৰাৰ মাজত হেৰাই গৈছিল, এটা শব্দও নকৰাকৈ...। সেইদিনা কোনেও নেদেখাকৈ সেই জুইতেই তাইৰ কপালৰ ৰাখিনিও ছাই হৈছিল। প্ৰচণ্ড অভিমান হৈছিল তাৰ ওপৰত, খং উঠিছিল ভগৱানলৈ। নালাগে কাকো, অকলেই যুঁজিব তাই। ছোৱালীটিক বুকুত বান্ধি নিজকে চম্ভালি লৈছিল। পিছে ইয়াৰ পিছৰ পৰ্যায় মসৃণ নাছিল। সলনি হৈছিল তাইৰ পৃথিৱীখন, সলনি হৈছিল মানুহৰ তাইৰ প্ৰতি মনোভাৱ। ওচৰ পাজৰৰ যিবোৰ মাইকী মানুহে অনি থকা অৱস্থাত হাঁহি মাতি কথা পাতিছিল, ঘৰলৈ সঘনাই আহ যাহ কৰিছিল; তেওঁলোকেই আজিকালি নিজৰ নিজৰ স্বামীক গাভৰু বাৰী তিৰোতাৰ পৰা আঁতৰত ৰাখিবলৈ তাইৰ লগত সম্পৰ্ক কমাই দিছিল। বুজি উঠিছিল তাই, তাই যে সকলোৰে কাৰণে

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড