পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৬০

মিঠা প্ৰেমালাপৰ সোৱাদ আৰু সোঁৱে বাঁৱে ভোমোৰাৰ জাক। তাইকো মোৰ প্ৰতিদ্বন্দ্বী বুলি ভাবিবলৈ ল'লোঁ। আৰু এবাৰ অহংকাৰী হ'বলৈ মোৰ বাবে যথেষ্ট আছিল। কালৈকো কেৰেপ নকৰি এক অদ্ভুত আনন্দ লাভ কৰিছিলো। মোক অনবৰতে সাহস দি আছিল মোৰ ৰামচন্দ্ৰই।

 এদিন মোক হতবাক কৰি মোৰ গালত পৰিল দেউতাৰ এটা কাণতলীয়া চৰ, ইমান দিনে যাৰ আলাসৰ লাড়ু আছিলোঁ। কেনেকৈ সহো মোৰ সপোনৰ বিৰুদ্ধাচৰণ! মোৰ ৰামচন্দ্ৰই হৈ পৰিছিল মোৰ জীৱন, তাৰ বাহিৰে একো কথাই ভাল নলগা হৈ আহিল।

 সপোন দেখিবলৈ আৰম্ভ কৰিছিলোঁৱে। সপোনৰ কাৰেঙত ৰাজৰাণী হবলৈ এদিন মোৰ ৰাজকুমাৰৰ লগত মনে মনে গুচি আহিলোঁ। নজনালোঁ মোৰ সখীকো! জনাবলৈ প্ৰয়োজনবোধো নকৰিলোঁ, এনেয়ো ভালেমান দিনৰ পৰাই তাইৰ লগত কথা পতা বন্ধ কৰি দিছিলোঁ কাৰণ তাই মোৰ সপোনৰ পথত হেঙাৰ হৈ থিয় দিছিল।

 সি হয়তো এইটো দিনটোলৈকে বাট চাই আছিল আৰু ময়ো। পৰম হেঁপাহেৰে সি মোক তাৰ জীৱনলৈ আমন্ত্ৰণ। জনালে। কলেজলৈ অহাৰ চলেৰে তাৰ বাইকৰ পিছৰ ছিটত বহোতেহে বুকুখন দুদুৰকৈ কপিছিল। তাক জোৰকৈ সাৱটি ধৰিছিলো আৰু পাহৰি পেলাইছিলো সকলো।

 তেতিয়া সন্ধ্যা লাগি ভাগিছিল। এটা সৰু ঘৰৰ সন্মুখত আমি ৰ’লোগৈ। ভয়ত অঞ্চকণ্ঠ মোৰ শুকাল। তাৰ পিছে পিছে। সন্তৰ্পণে গৈ বাৰাণ্ডা পাওঁতেই এগৰাকী মহিলাৰ মাত শুনিলো।

 “পালিহি?”

 তেওঁ যেন আমাৰ বাবেই ৰৈ আছিল। মোলৈ এবাৰ মনোযোগেৰে চাই ক'লে,

 “ভিতৰলৈ আঁহা।”

 লাজে ভয়ে তেওঁৰ পিছে পিছে সোমাই গ'লো। এটা সাধাৰণ ঘৰ, সাধাৰণ আচবাব। সাংঘাতিক কিবা এটা হ'ব বুলি ভাবি থাকিলোঁ আৰু মুখামুখি হ’বলৈ মনে মনে প্ৰস্তুত হ'লোঁ। অতি সহজভাৱে মাকে মোক চাহ খাবলৈ দিলে, কোনো দিনে চাহ নোখোৱা মই সেইদিনা চাহকাপ বিনা প্ৰতিবাদে খালো। তেওঁ মোক কাপোৰ সলাই লবলৈ কলে, তেওঁ বোধহয় জানিছিল মই মনে মনে কাপোৰ এসাজ লৈ গৈছে। তাৰ বাহিৰে তেওঁ মোৰ লগত একো কথাই নাপাতিলে। অতি সহজ ভাৱে তেওঁ ভাত খাবলৈ দিলে। সেইদিনা মই তেওঁৰ লগতে শুলো। পাছদিনাই সৰুকৈ নিয়ম এটা কৰা হ'ল, ৰামচন্দ্ৰই দিয়া সুৱৰ্ণ অলংকাৰ পিন্ধা কইনাজনী নোহোৱাকৈয়ে বোৱাৰীৰ সাজ পিন্ধিলোঁ। আৰম্ভ হ'ল মোৰ প্ৰিয়জনৰ সৈতে জীৱন যাত্ৰা। মিঠা মিঠা তন্দ্ৰালস সময়বোৰত নিজকে হেৰুৱাই আটাইতকৈ সুখী হৈ পৰিলোঁ।

 অহুকাণে পন্থকাণে শুনিছিলো ঘৰত ধুমুহাৰ সৃষ্টি হৈছিল, মায়ে বোলে কান্দোনত গছৰ পাত সৰুৱাইছিল। এইবোৰ কথাই শেল একোপাট হৈ মোক বিদীৰ্ণ কৰি পেলাইছিল যদিও সহজ হৈ আছিলোঁ।

 মই তাৰ মাককো মা বুলিয়েই মাতিবলৈ লৈছিলোঁ। মা আৰু তাৰ মৰমৰ সাগৰত এমাহমান অতি আনন্দেৰে পাৰ হ’ল। লাহে লাহে মন কৰিলো সি বেছি ব্যস্ত হৈ পৰিছে, মোক এৰাই চলে, মাকৰ লগতেই কথা পাতে, ঘৰলৈও দেৰিকৈ আহে। সুধিলে কয়, দোকানৰ কাম বেছি হৈছে। টাউনত তাৰ এখন দোকান আছে বুলি জানিছিলোঁ, তেতিয়ালৈকে দেখা নাছিলোঁ। মায়েও সেইবুলিয়ে কয়, বেছিকৈ সুধি থাকিবলৈ মানা কৰে। এদিন সি গোটেই ৰাতি নাহিলেই, বাৰে বাৰে ফোন লগালোঁ, মবাইলো বন্ধ পালো। মই গোটেই ৰাতি চটফটাই থাকিলোঁ, মাক কিন্তু নিৰ্বিকাৰ হৈ থাকিল। এনে দিন আৰু ৰাতিবোৰ সঘনাই আহিবলৈ ধৰিলে। এদিন তাক সাহস কৰি কৈফিয়ৎ বিচাৰিলোঁ, মোক ইমান ধুনীয়াকৈ মৰমেৰে কথাৰে বান্ধি পেলালে যে মই সকলো পাহৰি পেলালোঁ।

 অলপ দিনৰ ভিতৰতে কথাবোৰৰ পুনৰাবৃত্তি হবলৈ ধৰিলে। অজান বিপদৰ আশংকাত শংকিত হৈ পৰিলোঁ। যাৰ সৈতে মই মোক সুখ দুখ ভগাই ভাল পাইছিলো, মা, বাইদেউ আৰু সখীজনীৰ সৈতে কথা পতাৰ পথ ইতিমধ্যে ৰূদ্ধ কৰি পেলাইছিলোঁ। অকলশৰীয়া হৈ পৰিছিলো মই। কাণসমনীয়া সম্বন্ধীয়া জা এজনী পাইছিলো, তাইৰ লগত সুখ দুখৰ কথাবোৰ পাতিছিলোঁ।শাহুমায়ে তাইক সমূলি দেখিব নোৱাৰিছিল বুলি জনাৰ পিছত তাইৰ লগত কথা পাতিবলৈও মোৰ ভয় লাগিছিল।

 এনে বিষময় দিনবোৰতে এদিন এটা ফোনে মোৰ ভৰিৰ তলৰ মাটি তচনচ কৰি পেলালে। ফোনটো আছিল এগৰাকী

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড