পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

২৬১

মহিলাৰ, যি আছিল মোৰ মানুহজনৰ পূৰ্বৰ প্ৰেমিকা আৰু পত্নী। মই ঠিক এনে এটা আশংকাই কৰি আছিলোঁ, মোৰ ষষ্ঠ ইন্দ্ৰিয়ই তাৰেই সংকেত দি আছিল। মাথো ভগৱানক খাঁটি আছিলো মোৰ সন্দেহ অমূলক হয়! বিধ্বস্ত হবলৈ আৰু জানো কিবা লাগে! তাতোকৈ ভয়ংকৰ কথাটো আছিল তাৰ আগতেও বোলে সি আৰু এজনী আনি ঘৰ সুমুৱাইছিলহি, প্ৰেমিকাৰ কথাতো ক’বই নালাগে!

 ক্ৰুদ্ধ বাঘিনীৰ দৰেই মই মাৰ সন্মুখত থিয় দিলোগৈ, সি ঘৰত নাছিল, বাহিৰতে বেছিকৈ থাকে। যোৱা মাহকেইটাত জমা হোৱা সকলো দুখ ক্ষোভ উজাৰি চিঞৰি চিঞৰি কৈফিয়ৎ বিচাৰিলোঁ। ওচৰৰ মানুহ গোট খালে। কাণসমনীয়া জাজনী আহি কান্দিবলৈ লাগিল, তেতিয়াহে যেন মোৰ হুচ আহিল। বহুপৰ কেৱল কান্দিলোঁ আৰু কান্দিলোঁ। চুবুৰীয়া মানুহবোৰে মোক সান্ত্বনা দিলে, উফৰি উফৰি আহি কাণত পৰা কথাবোৰৰ পৰা মই শুনা কথাবোৰ সঁচা প্ৰমাণিত হল। কান্দি কান্দি এটা সময়ত ভাগৰি পৰিলোঁ। মানুহবোৰ ঘৰঘৰি গ'লগৈ, জাজনী মোৰ ছাঁটো হৈ লগতেই বহি থাকিল। ইমান সময়ে শিল হৈ থকা কঠুৱা অন্তৰৰ মানুহগৰাকী, যাক মই মা বুলি মাতিবলৈ লৈছিলো, মোৰ ওচৰলৈ আহিল।

 “তুমি ঘৰলৈ যোৱগৈ।” এইবুলি তেওঁ মোক সাৱটি ধৰি কান্দিবলৈ লাগিল। ঘটনাৰ আকস্মিকতাত হতভম্ব হলো। মই তেওঁৰ পৰা কেতিয়াও এনে ব্যৱহাৰ আশা কৰা নাছিলোঁ। ভাবিছিলোঁ সচৰাচৰ হোৱাৰ দৰে তেওঁ মোকেই দোষী সাব্যস্ত কৰিব। তেনে নহ’ল সেইদিনা। শাহুমাৰ অন্য এটা ৰূপ দেখিলো সেইদিনা। সকলো কথা পৰিষ্কাৰ হৈ পৰিল, প্ৰথমবাৰৰ বাবে মই এগৰাকী কন্যা হৈ তেওঁৰ বুকুত সোমাই কান্দিলো।

 কি কৰোঁ এতিয়া মই? সখীজনীলৈ মনত পৰিল , ঘৰলৈ যোৱাৰ পথ ভেঁটি থৈ আহিছিলো। মা দেউতা বাইদেউ কাৰো আগত মুখ উলিয়াবলৈ মই অযোগ্য হৈ পৰিছিলো। চাৰিওফালে এন্ধাৰৰ বাদে একোৱেই চকুত নপৰা হ'ল।

 মোৰ মটীয়া ৰঙৰ সখীয়ে হয়তো মোৰ খবৰ লৈয়েই আছিল , এনে এক সম্ভ্যাব্য বিপদৰ আশংকা কৰিয়েই!সঞ্জীৱনী সুধা হৈ তাই মোৰ যন্ত্ৰণাকাতৰ ঘাঁডোখৰত মলম সানিবলৈ আহিল এন্ধাৰৰ মাজত এচেৰেঙা পোহৰ হৈ। মোৰ কৃতজ্ঞতা জনাবলৈ কোনো ভাষা নাছিল। তাইৰ সাহস আৰু মধ্যস্থতাতে সপোনৰ কাৰেঙ সাজিবলৈ অহা ঘৰখন এৰি মা-দেউতাৰ বুকুৰ মাজত সোমালোঁগৈ, তেওঁলোকেও সকলো পাহৰি কন্যাক আঁকোৱালি ল'লে। মোৰ ৰামচন্দ্ৰই সীতাক এৰাৰ দৰেই মোক ত্যাগ কৰিলে।

 মোৰহে নিজক চম্ভালিবলৈ বছৰ জুৰি সময় লাগিল। মানুহৰ কথাৰ শেলবোৰে এই সময় বেছি যন্ত্ৰণাময় আৰু দীঘলীয়া কৰিলে। কোনো কোনো মুহূৰ্তত নিজকে শেষ কৰি দিয়াৰ কথা ভাবিবলৈ ধৰিলোঁ। বাইদেউৰ বিয়া হৈ গ'ল, মই অকণো সহজ হব নোৱাৰিলোঁ, ভনীয়েকৰ দায়িত্ব পালন কৰিবও নোৱাৰিলোঁ, বাইদেউৰ বিয়াত ভৰি ধুৱাবও নোৱাৰিলোঁ, কাৰণ মই বিবাহিতা! লাজ, অপমান আৰু সংকোচ, অপৰাধবোধ লগতে এখন তিত- কেঁহা আইনী যুঁজৰ অন্তত মুকলি আকাশৰ তললৈ ওলাই অহাৰ আখৰা কৰিবলৈ ধৰিলোঁ। অনবৰতে মোৰ সাহস হৈ সখীজনীয়ে আৱৰি থাকিল। তাই মোক কাহিনী শুনায়, কিতাপ আনি দিয়ে পঢ়িবলৈ। সুবিধা পালেই মোক নতুন জীৱন আৰম্ভ কৰিবলৈ পৰামৰ্শ দিয়ে।

 লাহে লাহে মই নিজৰ পৰিবৰ্তন অনুভৱ কৰিবলৈ ধৰিলোঁ। নিজক পুনৰ ভাল পাবলৈ আৰম্ভ কৰিলোঁ। এদিন ঘোষণা কৰিলোঁ যে মই মোৰ আধৰুৱা পঢ়া সম্পূৰ্ণ কৰিম আৰু নতুনকৈ বি.এ.ত নাম লগাই ল'লোঁ। মোৰ হেৰৱা ৰংবোৰ ঘূৰাই আনিম বুলি নিজৰ ওচৰতে প্ৰতিজ্ঞা কৰিলোঁ। ইতিমধ্যে সখীৰ এম. এ. ও সম্পূৰ্ণ হৈছিল আৰু এখন বিদ্যালয়ত শিক্ষয়িত্ৰী কৰি আছিল।

 কিছুদিনৰ পাছতেই আহিছিল সখীৰ বিয়াৰ খবৰ। ফুৰা চকা, বিয়া-সকাম এইবোৰ বাদেই দিছিলোঁ। সকলোৰে মনবোৰ সলনি হৈছিল, আত্মীয় আৰু পৰিয়াল পৰিজনৰ ঘৰত মোৰ উপস্থিতি কাম্য হৈ থকা নাছিল বুলি বুজি উঠিছিলোঁ। হীনমন্যতা, অপৰাধবোধ আৰু লাজে মোক বাৰুকৈয়ে চেপি পেলাইছিল। কেৱল সখীৰ ঘৰখন আগৰ দৰেই আছিল, মোৰ প্ৰতি থকা আন্তৰিকতাৰ হীন দেঢ়ি অনুভৱ কৰা নাছিলোঁ। একোৱেই যেন হোৱা নাই এনে এটা ভাৱ আনিবলৈ আৰু মোক পুনৰ্বিবাহৰ বাবে সৈমান কৰোৱাবলৈ তেওঁলোকে চেষ্টাৰ ত্ৰুটি কৰা নাছিল। মই পিছে আন এটি কথাহে সংগোপনে ভাবি থাকিছিলোঁ।

 সখীৰ ঘৰ ওলালোগৈ। বিয়ালৈ যদিও ভালেমান দিন আছিল, খবৰ কৰা মানুহেৰে ঘৰখন উদুলি মুদুলি হৈছিল। মোৰ ঘৰত মই এনে দিন এটি দিব নোৱাৰিলোঁ, মা-দেউতাই মনে মনে দুখ কৰি থাকে, মোক নকয় যদিও নুবুজাকৈ থাকোঁনে! আঙুঠি

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড