পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ

ৰং

হিৰন্ময়ী গগৈ কোঁৱৰ

 সখীৰ বিয়াৰ খবৰ আহিছে , ভালেমান দিনৰ বিৰতিৰ মূৰত। তাইৰ দুখন বিয়া ভাঙিছিল ,গাৰ মটীয়া ৰংটোৰ বাবে। চাহ-জলপানৰ শৰাধ কৰি যোৱা ল'ৰাৰ ঘৰে বোলে নিৰ্লজ্জভাবে এই সমীক্ষা সিহঁতৰ ঘৰলৈ পঠিয়াই দিছিল। হাঁহি উঠিছিল মোৰ, আয়ৈ দেহি চকুত চানি পৰাহঁত! তহঁতে ৰং চিনি নেপালি।
 ঠিক টোপনিৰ পৰা সাৰ পোৱাৰ দৰে লাগিছিল মোৰ। হয়তো এটি উপলক্ষ নতুবা এটি অজুহাত পাই সংগোপনে বুকুৰ একোণত জীয়ন দি থোৱা হেঁপাহ এটিয়ে ঠন ধৰি উঠিল। কাৰণটো কাৰোবাৰ বাবে হাস্যকৰ হবও পাৰে। হওক। মোৰ কোনো আক্ষেপ নাই। বহুদিন নিজকে সজোৱা নাছিলো, আইনাৰ আগত ৰৈ নিজকে চাই ভেলেঙী হোৱাৰ বাসনা কৰবাত হেৰুৱাই পেলাইছিলোঁ। ব্ৰহ্মকুমাৰীৰ ৰূপ এটিয়ে মোৰ মন মগজু অধিকাৰ কৰি পেলোৱা মই আজি সখীৰ বিয়াত কৰিবলগীয়া সাজোন। কাচোনৰ কল্পনা কৰি পেলালোঁ।
 এছাটি প্ৰাণচঞ্চল বতাহে মোক শৈশৱৰ পখিলীজনী কৰি পেলালে ,মোৰ স্থবিৰ হৈ পৰা জীৱনলৈ সুমধুৰ কল্লোল নৈঃশব্দ্য ভেদি ৰিণিকি ৰিণিকি ভাহি আহিল। মোৰ সমস্ত শৈশৱ সখীৰ গুণগুণনিৰে মুখৰ হৈ আছিল, এতিয়াও আছে। মোৰ খেলৰ একমাত্ৰ লগৰী আছিল তাই। দৰা-কইনা খেলখন আছিল আমাৰ আটাইতকৈ প্ৰিয় খেল। কি কাৰণত জানো! অবুজ শিশু মনত কইনাৰ প্ৰতিচ্ছবিখনে এক সুকীয়া ঠাই দখল কৰি পেলাইছিল। গাঁৱৰ বিয়ানামবোৰত শুনা ৰামে দি পঠোৱা সুৱৰ্ণ অলংকাৰৰ মোহত পৰিছিলোঁ। পূজাত কিনা প্লাষ্টিকৰ খাৰু মণিবোৰ পুতলা কইনাজনীক পিন্ধাইছিলোঁ আৰু মনে মনে নিজেও পিন্ধিছিলোঁ। মোলৈ তাইৰ হেঁপাহৰ অন্ত নাছিল। সংগোপনে যৌৱনে আমাৰ দেহত টুকুৰিয়াইছিল। অদ্ভুত আছিল এই অনুভৱ। চিনাকি পৃথিৱীখনৰ অচিনাকি ৰূপত সন্মোহিত হলো। নাৰ্চিৰ্চাচৰ দৰে নিজেই নিজৰ ৰূপত মুগ্ধ হোৱাৰ বয়স, আনৰ কথাবোৰ অদৰকাৰী যেন লগাৰ বয়স। প্ৰেম, সপোন, জীৱন, আশা, ৰং এনেবোৰ যাদুকৰী শব্দৰ প্ৰতি তীব্ৰ আকৰ্ষণ অনুভৱ কৰিবলৈ আৰম্ভ কৰাৰ সময়। এই ছায়াময়া সময়তে মেট্ৰিকৰ দেওনা পাৰ হ'লো। যৌৱনৰ বলিয়া বতাহৰ বা এচাটিয়ে লুকাভাকু কৰিবলৈ ধৰিলে। শিহৰিত হৈ উঠিলো। যে ইমান মায়াময় হব পাৰে ভবাই নাছিলোঁ। শৈশৱৰ ৰামচন্দ্ৰই চকুৰ আগতে ধৰা দিবলৈ ধৰিলে। স্বাভাৱিকভাৱেই মোৰ সুখ-দুখৰ লগৰী সখীজনীক মোৰ মনৰ কথাখিনি জনালোঁ। তাই উচপ খাই উঠিল।
 “তই পাগল হৈছ নেকি? চিনি পাৱনে তাক? আৰু সি এটা বদমাচ লৰা। তোতকৈ বহু ডাঙৰ। তাৰ প্ৰেমিকা কেইজনী জাননে?”
 তাইৰ কথা শুনি মোৰ প্ৰথমবাৰৰ বাবে এনে লাগিল তাই হিংসাতে এনেদৰে কৈছে , কাৰণ তেতিয়ালৈকে তাইৰ কোনো প্ৰেমিক নাছিল। মোৰ দৰে পোৱা নাছিল তাই সতেজ গোলাপৰ কলি অথবা মিঠা মিঠা প্ৰেমালাপৰ সোৱাদ আৰু সোঁৱেবাঁৱে ভোমোৰাৰ জাক। তাইৰ মটীয়া বৰণটোৰ প্ৰতি সেইদিনা পুতৌ জন্মিল। অহংকাৰী হৈ উঠিলোঁ মই। এনে মতলীয়া নিচা মই তাইৰ কথাত কিয় এৰিম। তাইৰ পৰা মোৰ দূৰত্ব বঢ়াই দিলোঁ।
 বেপৰোৱাকৈ তাক মই যতে মন যায় ততে লগ কৰিবলৈ ধৰিলোঁ। তিনিআলি চাৰিআলিৰ আড্ডত মই বিখ্যাত হৈ পৰিলোঁ।
 মোৰ কৃতিত্বৰ খবৰ ঘৰৰ মানুহৰ কাণত পৰিবলৈ বেছি সময় নালাগিল। প্ৰথমে বুজনি, তাৰ পাছত পাল পাতি পাতি আহিল দাবিধমকি। আলাসৰ লাড়ু মই, অতিপাত মৰমৰ, এইবিলাক এখন কাণেৰে সুমুৱাই আনখনেৰে উলিয়াই দিলোঁ। মোৰ বাইদেউ আছিল। তায়ো আছিল বুজনি দিয়াসকলৰ মাজত, যি মোৰ দৰে পোৱা নাছিল সতেজ গোলাপৰ কলি অথবা মিঠা

অৰ্দ্ধ-আকাশ ⵓ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড