পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৮


সংঘাত জীৱনৰ

প্ৰথমী পূজাৰী

 “খুড়ী আপুনিও কিবা সুধিব খোজে যদি মোৰ লগতে একেলগে সোমাব।” ৰিমিৰ কথাত মই থতমত খালো মই কিবা উত্তৰ দিয়ালৈ ৰিমিয়ে যেন মোলৈ অপেক্ষা কৰা নাই। তাই কোৱা কথাষাৰিৰ উত্তৰ দিবলৈ তাইৰ মুখলৈ চাওঁতে এনে লাগিল এয়া যেন তাইৰ অনুৰোধ বা নিৰ্দেশ। মই একো নক’লো। ৰিমিয়ে পূজাৰ থালখন আকৌ এবাৰ লিৰিকি বিদাৰি চালে, সকলো ঠিকেই আছেতো। অপেক্ষাৰত সময়খিনিত এনেদৰেই এই কামটো তাই বহুবাৰ কৰিলে। তাইৰ অস্থিৰতা দেখি মোৰ ভাব হ’ল তাই যেন তাইৰ শিক্ষা জীৱনৰহে পৰীক্ষা দিব ওলাইছে। হাঁহিও উঠিল মনে মনে। আজি বন্ধ বাবে মন্দিৰলৈ অহা ভক্তৰ সমাগম বেছি। আমাৰ আগতেই কেইজনমান মানুহ মন্দিৰত উপস্থিত হৈছিলহি৷ ৰিমিৰ লগত আগতেও এবাৰ আহিছো এই মন্দিৰলৈ। মানুহৰ এই জনস্ৰোত দেখি মই আচৰিত হও কিমান হতাশ গ্ৰস্থতাত এই বিশ্বাসে বাট লয় মই নাজানো। কিন্তু এটা ঠিক এই হতাশগ্ৰস্থ মানুহজাকৰ লগত মোৰ মনে এতিয়াও যাবলৈ অনুমতি দিয়া নাই। নাজানোঁ মোৰ এই মনৰ সবলতা নে আৰ্থিক দৈন্য। মন্দিৰৰ ভিতৰলৈ ইতিমধ্যে এজন এজনকৈ চাৰি পাঁচজন মানুহ সোমাই গৈ ওলাই আহিছে।ওলাই অহা মানুহখিনিৰ মাজত মন্দিত সোমোৱাৰ আগত যি বেদনা সেইখিনি দেখা পোৱা নাযায়। হয়তো তেওঁলোক “বাবা”ৰ সমাধানত আশস্ত এইবাৰ ৰিমিৰ আগৰ মানুহজন সোমাই ওলাই আহিলে ৰিমি যাব পাৰিব। ৰিমিয়ে মনটোত সুধিব লগা মনৰ প্ৰশ্নবোৰ জুকিয়াই থকা যেন লাগিল যদি কিবা সুধিব ৰৈ যায়, আকৌ কাইলৈ আহিব লাগিব। মনলৈ ভাৱ আহিল ইয়াতকৈ ডাক্টৰ দৰ্শনেই ভাল। অন্ততঃ কিবা সুধিব পাহৰিলেও পিচ মুহূৰ্তত চেম্বাৰলৈ গৈ নতুবা ফোন কৰি সুধিব পাৰি।

 ৰিমি আৰু মই এটি ব্যক্তিগত শিৱ মন্দিৰলৈ আহিছোঁ। এই মন্দিৰটোৰ জনপ্ৰিয়তাৰ আঁৰত হ’ল-মন্দিৰ থকা মানুহঘৰৰ মুখ্য মানুহজনীৰ গালৈ “শিৱ বাবা” আহে আৰু ভূত ভৱিষ্যতৰ সমাধান দি যায়। মানুহৰ বিশ্বাসো অপৰিসীম।বহু ভক্তৰ আগমন হয়। বেকাৰ ল’ৰা ছোৱালীৰ সমস্যা, বিয়া হৈ নুঠা ল’ৰা ছোৱালীৰ সমস্যা, বিষ বেমাৰী, মনৰ অস্থিৰতা, ল’ৰা ছোৱালী নোহোৱা দম্পতী,পৰস্ত্ৰী বা পৰপুৰুষৰ লগত সম্বন্ধ ৰাখি নিজৰ ঘৰখন ডুবোৱা পৰিয়ালৰ মানুহবোৰ... মুঠতে যিকোনো অন্ততাৰ সমাধান আছে “বাবা”ৰ ওচৰত৷ মোৰ সমস্যাৰ সমাধান হ’বনে নাজানো আৰু মোৰ কৌতূহলো নাই ভৱিষ্যত জনাৰ। কিয় জানো নাজানো।

 সৰুতে মায়ে গোঁসাই ঘৰ বা পূজা সংক্ৰান্তীয় যিকোনো কামত যাবলৈ। ধৰিলে আইতাই কৈছিল-“জোৰ নকৰিবি। জোৰ জবৰদস্তিত ভগৱান পূজা নহয়। তাইৰ যাব মন গলে যাব, মন নগ’লে মন্দি গ’লেও একো লাভ নহয়।” আইতাই কোৱা সেই “লাভ” শব্দটোৰ গণনা মোৰ লগত দেখোন কোনোফালৰ পৰাই নহ’ল। যেতিয়া ভগৱানক জনা বুজা হোৱা নাছিলোঁ তেতিয়ালৈ তেওঁক লৈ কোনো ভাৱৰ আদান প্ৰদান ঘটা নাছিল। যেতিয়া বুজি পোৱা হ’লো মানে আস্থা ৰাখিব ল’লো তেতিয়াও এই “লাভ” শব্দটোৰ লগত মোৰ কোনো সংযোগ নঘটিল। ঘৰৰ একমাত্ৰ সন্তান হৈও আৰ্থিক দৈন্য ভালদৰেই পাই আহিছোঁ। এতিয়াও সেই পৰিৱেশ অপৰিৱৰ্তিত। দেউতাৰ কথা কি কম ককাই গোটেই জীৱন জুৰি গোটাই যোৱা মাটি সম্পত্তিৰ সাধনাখিনি বিক্ৰী কৰি কৰি ঘৰখনৰ মানুহ কেইজনৰ পেট প্ৰৱৰ্তালে। বুজিব পৰা হোৱাত দেউতাৰ জীৱিকা কি ক’ব লগা হ’লে তৎক্ষণাত আনৰ ওচৰত উত্তৰটো দিব পৰা নাছিলোঁ। কাৰণ দেউতাৰ বৃত্তি “কি” ক’বলৈ অসুবিধা পাইছিলোঁ। আজি যদি হাটলৈ হাঁহ-পাৰ লৈ যায়, কাইলৈ খৰি, কোনোবাদিনা বাৰীৰ পকা ফল, নাৰিকল, ছাগলী ইত্যাদি ইত্যাদি। যিখিনি খেতি মাটি আছিল আধি দিয়া বাবে বছৰটোত চাউলখিনি কোনোমতে চলি গৈছিল। “মা”য়ে হাটলৈ বস্তু বিক্ৰী কৰিবলৈ বস্তু যোগাৰ কৰি নিদিয়ালৈ কি লৈ যাব বিক্ৰী কৰিবলৈ সেয়া দেউতাই চিন্তা নকৰিছিল। যি কেইদিন হাট নাথাকে সেইকেইদিন।

নদীত, পথাৰৰ দিনত পথাৰত মাছ মাৰি ঘৰলৈ আনিছিল। সেয়ে দেউতাৰ বৃত্তিৰ কথা সুধিলে কি বুলি কম ক’ব পৰা নাছিলোঁ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড