পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৯

২৪৯ পিছলৈ আনৰ ওচৰত লাজ নাপাবলৈ খেতিয়ক বুলি কোৱা হ'লো। ঘৰখন আইতা আৰু মায়ে ধৰি আছিল বুলি ক'ব পাৰি। দেউতাৰ পৰিয়ালৰ ভৱিষ্যত বুলি কোনো চিন্তা নাছিল। আইতা ঢুকোৱাৰ পিছত মাৰ লগৰীয়া মই হলো। মই পঢ়া শুনাও চলাই গৈছিলোঁ যদিও মই পঢ়াত চোকা নাছিলোঁ। এটা শ্ৰেণীত দুবাৰ পঢ়িব নলগাকে উচ্চতৰ মাধ্যমিক শিক্ষা সাং কৰি কলেজত নাম লগাইছিলোঁগৈ। মোৰ এই সফলতাত মাৰ উচ্চকাংক্ষা জাগিছিল। চাকৰি বাকৰি একো নাপালেও অন্ততঃ উচ্চশিক্ষিতা ছোৱালীক (সেই সময়ত সেয়া বহু শিক্ষা) ভাল এঘৰলৈ উলিয়াই দিব পাৰিব। মাৰ সেই সপোন হয়তো মোৰ গাভৰু মনেও দেখিব লৈছিল। কিন্তু মাৰ সপোনক মোৰ কৰি থৈ মা কেন্সাৰত ভুগি মৰি থাকিল। যেতিয়া মাৰ বেমাৰ ধৰাত পৰিছিল তেতিয়া দেউতাই চিকিৎসাৰ বাবে খেতি মাটি বিক্ৰী কৰি চিকিৎসা চলাইছিল যদিও মা সুস্থ হৈ নুঠিল। প্ৰথমবাৰৰ বাবে দেউতাৰ ঘৰৰ বাবে থকা দায়িত্ববোধ দেখিছিলো। বেমাৰ ধৰা পৰাৰ কেইমাহমানৰ ভিতৰতে মোক অকলশৰীয়া কৰি থৈ। মা গ'লগৈ। মা অবিহনে ঘৰখনত বিৰাট শূন্যতা এটা অনুভৱ কৰিছিলোঁ মা নথকা সংসাৰখনত দেউতা কিমান অকলশৰীয়া হৈছিল বুজিব নোৱাৰিলোঁ। কিন্তু মই বহু অকলশৰীয়া হৈছিলোঁ। ঘৰখন কেনেদৰে চলিছিল মই বুজি পোৱা নাছিলোঁ। ঘৰৰপৰা ওলোৱা সোমোৱা বাদ দিছিলোঁ। আনকি কলেজো বাদ দিছিলোঁ। মা ঢুকোৱাৰ কেইসপ্তাহমানৰ পিছত মোৰ কলেজৰ লগৰীয়াবোৰ এদিন ঘৰলৈ আহিছিল। সিহঁতক দেউতাই বহিবলৈ দি সিহঁতৰ আগত মোৰ কথা কৈ যি তৰ্জন গৰ্জন আৰম্ভ কৰিলে সেইদিনা বুজা হোৱাৰ পৰা দেউতাৰ মোৰ প্ৰতি থকা মৰম আৰু ঘৰৰ প্ৰতি থকা দায়িত্বৰ কিছু ৰেঙনি দেখা পাইছিলোঁ। মা নোহোৱা ঘৰখনত দেউতাৰ প্ৰতি মোৰ কিছু মোহ জন্মিছিল। তাৰ পিছৰ পৰাই কলেজ গৈছিলোঁ। ঘৰখনতো সোমাই পৰিছিলোঁ আৰু দেউতাৰ লগতো মাতকথা বহুখিনি আগবাঢ়িছিল।

 কলেজীয়া শিক্ষা সাংহ'ল। মোৰ বিয়াৰ বাবে দেউতাই পাত্ৰ বিচৰাত লাগিল। ঠিক তেনে সময়ত মোৰ সম্বন্ধীয় মামা এজনে মোলৈ এটি চাকৰিৰ প্ৰস্তাৱ আনিলে। মোৰ কোনো আপোন মামা-মাহী নাছিল। মা আইতাৰ একমাত্ৰ সন্তান আছিল আৰু ককা ঢুকোৱাৰ পাছত আইতা মোমায়েকৰ ঘৰত আশ্ৰিতা আছিল মামাজন মাৰ সম্পৰ্কীয় মোমায়েকৰ ল'ৰা আছিল আৰু আপোন মামা বুলি তেওঁৰ লগতেই আমাৰ ঘৰৰ সম্পৰ্ক আছিল। মামাৰ কথা অবিশ্বাস কৰিবলৈ একো নাছিল কিয়নো সেই চাকৰি দিয়াৰ বাবদ তেওঁ টকা লৈছিল আৰু আমাৰ পৰিস্থিতি সম্পৰ্কেও তেওঁ জ্ঞাত আছিল। দেউতাই মাটি বিক্ৰী কৰি সেই টকা দিছিল। কিন্তু এটা সময়ত মামাৰ ওপৰত থকা বিশ্বাস অবিশ্বাসত পৰিণত হৈছিল। মামাই ঠগিছিল যিটো আমাৰ সপোনৰো অগোচৰ আছিল। কাৰণ আমাৰ আৰ্থিক দৈন্য মামাৰ বাবে অপৰিচিত নাছিল৷ সিমানতে চাকৰিৰ আশা বাদ দিছিলো। দিনবোৰ গৈ আছিল মোক বিয়া কৰাবলৈ পাত্ৰৰো অভাৱ ঘটিল। যি সময়ত চাকৰি বিয়া দুয়োটাৰ আশা মই বাদ দিছিলো তেতিয়াই মোৰ বিয়াৰ প্ৰস্তাৱ আহিছিল বহু উচ্চশিক্ষিত এখন ঘৰৰপৰা। পাত্ৰজনৰ চাকৰি নাই যদিও শাসক চৰকাৰৰ দলৰ নেতা। ভৱিষ্যত আছে।সকলো গাভৰুৰ বিয়াৰ সপোন থকাৰ দৰেই মোৰ সপোন আছিল। তাতে তেওঁ মোক পছন্দ কৰিছিল, মানুহজনৰ কোনো নিচা আসক্ত গুণনাই বুলি গম পাইছিলো, উচ্চশিক্ষিত সুদৰ্শন পুৰুষ। মোৰ আপত্তি দৰ্শাবলৈ একো নাছিল। দেউতাৰো আনন্দ অৱশেষত যেনিবা এখন ভাল ঘৰলৈ তেওঁৰ ছোৱালী যাবগৈ।

 বিয়া হৈ মই আন এখন ঘৰৰ বোৱাৰী হ'লো।মোৰ ভাগ্য সুপ্ৰসন্ন নাছিল। ঘৰখনৰ আটাইবোৰ মানুহে মৰম চেনেহ যাচিছিল যদিও মোৰ সপোনৰ ৰাজকুমাৰৰ গাত দেউতাৰ গুণ পৰিস্ফুট হৈ আছিল বিয়া কৰালে যদিও তেওঁ যেন মোৰ বাবে বাধ্য নহয় তেনে আচৰণ ফুটি উঠিছিল। দলীয় মিটিংতেই তেওঁ ব্যস্ত আছিল। তেওঁক বুজিবলৈ মোক অকণো সুৰুঙা নিদিলে আৰু হয়তো মোক বুজিবলৈও চেষ্টা নকৰিলে। কি পৰিস্থিতিত তেওঁ বাধ্য হৈ বিয়া পাতিছিল সেইটো আজিও মোৰ বাবে সাঁথৰ। বিয়াৰ তিনি মাহমান পিছতেই মই সন্তান সম্ভৱা হ'লো। ভাবিলোঁ এইবাৰ তেওঁ বান্ধ খাব। ছোৱালীজনী ওপজাৰ পিছতো যেতিয়া তেওঁ তেওঁৰ ঘৰখন চিনি নাপালে মই দেউতাৰ ঘৰলৈ আহি উভতি নগ'লোঁ। জীৱনত প্ৰথম দেউতা তাৰ পিছত স্বামীৰ এই উদাসীনতা মোৰ সহ্য নহ'ল। মায়ে কি কষ্টেৰ জীৱন পাৰ কৰিছিল প্ৰতিটো উশাহত উপলব্ধি হৈছিল। মোৰ এই সিদ্ধান্তত দেউতা আৰু মোৰ স্বামীয়ে একো প্ৰতিবাদ নকৰিলে। শহুৰৰ ঘৰখনৰ প্ৰতিজনে বুজাই বঢ়াই মোক নিবলৈ চেষ্টা কৰিছিল যদিও মই ন’গলো। শহুৰৰ ঘৰৰ লগত আহ যাহ চলি থাকিল যদিও তেওঁৰ উদাসীনতাত তবধ মানিছিলোঁ। তেওঁ

অন্তৰেৰে আহিছিল নে শহুৰৰ ঘৰখনৰ তাগিদাত পৰি দুবাৰ তিনিবাৰমান ছোৱালীজনীক চাব আহিছিল মই নাজানিলোঁ আৰু

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড