পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪৭

কৰাৰ দৰে দায়িত্ব ল’বৰ বাবেও সাজু হৈ উঠিছে।

 হৈ গ’ল সকলো আনুষ্ঠানিকতা মই যোগদান কৰি মোৰ বিভাগত চিনাকি হৈ আহিলোঁ।

 পৰিচয় দি আহিলোঁ মই মিছেছ কণিকা বৰুৱা যুগান্তৰ বৰুৱাৰ পত্নী বুলি অলপো খোকোজা নলগাকৈ।

 বুকুখনৰ পৰা শিল এচটা যেন আঁতৰি গ’ল। বৰ পাতল পাতল লাগিল, মুকলি আকাশখন যেন আজি হে দেখিছোঁ মই।

 সৌৱা তলত যুগান্তৰ ৰৈ আছে গাড়ীত। মোৰ মুখখন হয়তো আৰু উজ্জ্বলি উঠিছিল।

 গাড়ীত বহুতেই তেওঁ মোক অভিনন্দন বুলি তেওঁৰ হাতখন আগবঢ়াই দিলে।

 : “ব’লা এতিয়া ঘৰ এটা বিচাৰোঁ তোমাৰ বাবে। তুমি কলেজলৈ যাওঁতেই মই অলপ ইয়াতে খবৰ কৰি সুধিলোঁ। আছে ঘৰ, পাবলৈ কষ্ট নহ’ব। বলা তেন্তে দেৰি নকৰোঁ।”

 তেওঁ গাড়ী ষ্টাৰ্ট দিবলৈ সাজু হ’ল

 মই তেওঁৰ হাত খন ঠাপ মাৰি ধৰিলো। মোৰ চকুলৈ তেওঁ চালে

 এইবাৰ মই কান্দি উঠিলোঁ হুকহুকাই। তেওঁ আচৰিত হৈ পৰিল, হাজাৰটা প্ৰশ্নই তেওঁৰ মনত তোলপাৰ কৰিলে হয়তো

 :“মোক আপোনাৰ লগতে ৰাখিব নোৱাৰেনে? মই হাতযোৰ কৰি উঠিলোঁ এইবাৰ।

 তেওঁ তৎক্ষণাত মোৰ হাত দুখনত ধৰি বাধা দি উঠিল।

 : “তোমাক মই হাতযোৰ কৰা চাবলৈ বিচৰা নাই, তুমি হাতযোৰ নকৰিবা কাহানিও। তুমি বহুত সফল আজি।

 : “আপোনাৰ অবিহনে মই একোৱেই নহওঁ, আজিৰ এই খিনি মাথোঁ আপোনাৰ বাবে সম্ভৱ হৈছে। মোৰ কোনো আক্ষেপ নাই আপোনাক লৈ , মই নিজকে ভাগ্যবান বুলি ভাবোঁ কিন্তু আপোনাৰ অবিহনে মই নোৱাৰিম।

 : “চোৱা তুমি সকলো জানা, মই তোমাক পত্নী হিচাপে কি দিব পাৰিম কোৱা? বুজিবলৈ চেষ্টা কৰা তুমি। তোমাৰ আজি এক নিজা পৰিচয় আছে যাৰবাবে তুমি সমাজত ...

 : “মোক আৰু মোৰ পৰিচয়ৰ কথা নক’ব, যোৱা আঠোটা বছৰে আপুনি মোক কি দিয়া নাই কওঁক? মোক কেনেদৰে ৰাখিলে আপুনি ভাবি চাওক এবাৰ। আজি মোৰ এটাই পৰিচয় সেইয়া হৈছে আপোনাৰ পত্নী। নাজানো এজন ভাল পতিৰ ওচৰত এজন ভাল বন্ধু পালোঁহেঁতেন নাই কিন্তু এজন ভাল বন্ধুক পতি হিচাপে পাইছোঁ, আপুনিয়েই মোৰ সকলো। মোক এনেকৈয়ে থাকিবলৈ দিয়ক। প্লিজ ...!!!

 মই বৰ আতুৰতাত চালোঁ তেওঁলৈ, চকুপানীয়ে তেতিয়াও ঢল বোৱাই আছিল।

 তেওঁ মোৰ চকুপানী মোহাৰি দিলে মই তেওঁৰ বুকুৰ কাষলৈ ওচৰ চাপি গ’লো। তেওঁও মোক সুমুৱাই ল’লে বুকুত দুয়োখন হাতেৰে। উমান পালোঁ এক আজীৱন বন্ধুত্বৰ, আজীৱন লগৰীৰ এক স্বৰ্গীয় সম্পৰ্কৰ ...!!!

 লাহেকৈ কৈ উঠিল তেওঁ

 : “কণিকা, তোমাক মুকলি কৰি দিয়াটো মোৰ সঁচাই দায়িত্ব আছিল, কিন্তু তেতিয়াই ভাবিছিলোঁ তুমি নাথাকিলে মই পাৰিম জানো??

 উচুপি উচুপিয়ে কৈ উঠিলোঁ মই

 : “মই আপোনাক অলপো দিগদাৰ নিদিওঁ।

 এইবাৰ মোৰ লাহেকৈ যেন হাঁহি উঠিল, হয় তেওঁৰো হাঁহি উঠিছে। মোৰ মূৰৰ চুলি খিনিত লাহেকৈ চপৰিয়াই দিলে।

 : “ব’লা ঘৰলৈ

 “আমাৰ ঘৰলৈ?? মই চালোঁ তেওঁলৈ।

 তেওঁ হাঁহিৰে মূৰ দুপিয়ালে। সুখৰ সংজ্ঞা কিছুমান তেওঁৰ চকুতো মই পঢ়িব পাৰিলোঁ আজি।

 তেওঁৰ হাত খনত মই মেৰিয়াই ধৰি ল’লোঁ, কিয় জানো অলপো এৰি দিবৰ মন নগ’ল।

 পশ্চিমৰ আকাশত বেলিটোৱে হেঙুলীয়া ৰঙ ধৰিছিল, মোৰ কপালৰ সেন্দুৰীয়া আলিটো দগমগীয়া হৈ পৰিছিল এক

নতুন পৰিচয়েৰে ... ...!!

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড