পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৫

অলপো কমা নাই। তেওঁৰ দৃষ্টিত তেওঁৰ গাঁওখন পৃথিৱীৰ সৱাতোকৈ সুন্দৰ ঠাই। সহজ-সৰল আৰু সুন্দৰতাৰ অন্য এক ছবি। সুখ্যাতিৰে ইঞ্জিনীয়াৰিংত স্নাতক ডিগ্ৰী লোৱাৰ পিছত প্ৰশান্ত বৰুৱাই চৰকাৰী চাকৰিৰ কাৰণে অনুষ্ঠিত কৰা প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছটো ক্ষমতাশালী লোকৰ ক্ষমতাৰ বলি হ’ল৷ পাব লগা চাকৰিটো প্ৰশান্তৰ হাতৰ পৰা ওলাই গৈছিল। অৱশ্যে মেধাবী প্ৰশান্তই পিছলৈ ঘূৰি চাব লগা হোৱা নাছিল। কলেজলৈ অহা কেম্পাচ ইন্টাৰভিউতেই তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হৈ এটা বহিৰ্জাতিক কোম্পেনীত চাকৰি পাবলৈ সক্ষম হ’ল। স্কুলত শিক্ষকতা কৰা দেউতাকৰ সন্মুখত তেতিয়া আজিৰ এই প্ৰশ্নটো উত্থাপিত হ’ল। বৰ্হিৰাজ্যত চাকৰিৰ বাবে পথিয়াবনে? কিন্তু বহল আৰু উদাৰ মনৰ বৰুৱাৰ দেউতাকে এক পল সময় লোৱা নাছিল সিদ্ধান্তৰ বাবে। বিচাৰিছিল তেওঁ তেওঁৰ সন্তানে পৃথিৱীখন দেখক। দুপাখি মেলি উৰক দূৰ দিগন্তলৈ। সুখী তেওঁ। যাওক তেওঁৰ পুত্ৰ আগবাঢ়ি জীৱন পথত। সন্তানৰ সুখৰ বাবে সকলো দুখ কষ্ট সহ্য কৰিবলৈ সাজু।

 : মোৰ ল’ৰা গাঁৱৰ প্ৰথম ইঞ্জিনিয়াৰ। প্ৰথম বাহিৰত চাকৰি কৰিবলৈ যাব। মাল্টিনেচনেল ক’ম্পেইনীৰ চ’ফটৱেৰ ইঞ্জিনীয়াৰ। মোৰ ল’ৰা। মোক আৰু কি লাগে। মোৰ ল’ৰা বহু ৰাষ্ট্ৰ ফুৰিব। বিদেশলৈ যাব।

 সুখী সকলো। মাক দেউতাক আৰু প্ৰশান্ত নিজে। জীৱনৰ গতি কেনেকুৱা হ’ব? দূৰত চাকৰি কৰিলে ল’ৰাৰ সান্নিধ্য হেৰাব নেকি? কাৰো একো ধাৰনা নাই। মাথো পুত্ৰই নিজৰ কেৰীয়াৰ আগবঢ়াই নিয়ক। মাক দেউতাকৰ আশীৰ্বাদৰ ফুল সৰিছিল প্ৰশান্তৰ মূৰত।

 : নৰ’বি বোপাই আগবাঢ়ি যা। সফল হ। আমাৰ আৰ্শীবাদ আছে সদায়; সপোনবোৰ কেৱল তেওঁলোকৰ সন্তানক লৈ। সন্তানৰ সফলতাই তেওঁলোকৰ। সন্তানৰ সুখেই তেওঁলোকৰ সুখ।

 প্ৰশান্তৰ বহু দায়িত্ব আছে। তিনীজনীকৈ ভনীয়েকৰ দায়িত্ব। দেউতাকৰ অৱসৰ ল’বলৈ বেছি দিন নাই। তিনিওজনী পঢ়াই শুনাই অতি মেধাৱী। সিহঁতও আগবাঢ়ি যাব লাগিব। ইয়াতে চৰকাৰী চাকৰিৰ আশাত বহি থাকিলে বহু সময়ৰ অপব্যয় হ’ব। প্ৰশান্তই সন্মুখৰ সেই সুবিধা এৰিব নুখুজিলে। মাক দেউতাকৰ আশীৰ্বাদ শিৰত লৈ আগবাঢ়িল অনাগত ভবিষ্যতৰ দিশত। প্ৰশান্তই চাকৰিটোত জইন কৰিবলৈ সিদ্ধান্ত ল’লে।

 নতুন আশা, নতুন সপোন এটাই বুকুত গজালি মেলিছিল। প্ৰশান্তই চাকৰিত জইন কৰিবলৈ মুম্বাইলৈ যাব। এৰি যাব লাগিব ঘৰখন, গাঁৱখন, মাক দেউতাক আৰু ভনীয়েকহঁতৰ মৰমৰ উত্তাপ। আৰু কিবা এৰি থৈ যাব লাগিব সি। বুকুৰ ওচৰতে কিবা এটা অনুভৱৰ মৃদু সুৰসুৰনি উঠিছিল। হয় এযোৰ আবেগভৰা চকুৰ লাৱনী চাৱনি। যি চাৱনিয়ে সেউজীয়া কৰে তাৰ হৃদয়। কিবা এক অনামী তৰংগই ঢৌ খেলি যায় তাৰ হৃদয়ত। সেই যে একেখন স্কুলতে পঢ়া সিখন গাঁৱৰ গান গোৱা ছোৱালীজনী।

 প্ৰশান্তই আৰম্ভ কৰিলে এক নতুন জীৱন যাত্ৰা। এক অচিনাকি পৃথিৱীৰ দিশত। যান্ত্ৰিক জীৱনৰ অভিমুখে। এখন ৰঙীন পৃথিৱীয়ে যেন প্ৰশান্ত বৰুৱাক হাত বাউলি দিলে। চাকৰিত জইন কৰিবলৈ যাবৰ বাবে কোম্পানীয়ে প্ৰশান্তক টিকেটৰ পৰা আৰম্ভ কৰি থকালৈকে সকলো ব্যৱস্থা কৰিছে। ঘৰৰ পৰ ষ্টেচনলৈকে মাক দেউতাক ভনীয়েকহঁতো গৈছে। এক গোমা পৰিবেশ। মাকৰ চকুত এসোপামান পানীৰ ভীৰ।এৰা ইমান দিন হোষ্টেলত থাকিলেও ওচৰতে আছিল। ফোন এটা কৰিলেই পিছদিনালৈ পাই যায়হি। এতিয়া কথাবোৰ বেলেগ হ’ব। কেতিয়াকৈ বা আহে। এইবোৰ কথা মনতে পাগুলি পাগুলি মাকৰ চকুৰ পানীবোৰ মাথাউৰি ভাঙি পানীৰ ধল বোৱাদি বৈছে। দেউতাকো গহীন হৈ আছে।

 : এই ল’ৰাটো যাবৰ সময়ত এই কন্দা কটাবোৰ কিয় কৰিছা। তাক দুৰ্বল নকৰিবা। ইমান দূৰলৈ যাবলৈ ওলাইছে; আবেগ সামৰিব পৰা দেউতাকে মাকক ধমকেই দিলে। প্ৰশান্তই মাকক দুই হাতে ধৰি সান্ত্বনা দিলে।

 : মা মই সোনকালে আহিম নহয়। তুমি কন্দা কটা কৰিলে মোৰ মনটো বেয়া লাগিব। নাকান্দিবা।

 একেৰাহে ককায়েকৰ লগত চুপতা চুপতি কৰি কাজিয়া কৰি ভালপোৱা ভনীয়েক কিজনীয়েও আঁতৰি আঁতৰি ফুৰিছে। পোনপটীয়াকৈ কোনেও কাৰো চকুলৈ চাবলৈ সাহস কৰা নাই। সুখ আৰু দুখৰ এক মিশ্ৰিত অনুভৱত জলভৰ সিহঁতৰ চকু। মাহেকে পষেকে ঘৰলৈ আহিলে ককায়েকৰ লগত কিমান কাজিয়া, স্ফূৰ্তি। সেইকেইদিনত যেন সিহঁতৰ ঘৰত সুখে বাহৰ পাতি লয়। এতিয়া কিমান মাহৰ মূৰত বা আহিব। দুখবোৰ উজাই আহিছে। কিন্তু দেউতাকৰ ধমকি খোৱাৰ ভয়ত সামৰি থৈছে।

উজাই অহা দুখবোৰ। ছয় বাজি ত্ৰিছ মিনিট যোৱাৰ পিছত ডিব্ৰুগড় হাওৰা কামৰূপ এক্সপ্ৰেছ শিমলুগুৰি জংছন পালেহি। মাক-

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড