অন্বেষণত গাঁৱৰ ঘৰত বৃদ্ধ পিতৃ-মাতৃক এৰি ওলাই আহিছিলোঁ। পাইছিলোঁ সুন্দৰ চাকৰি, বিলাসী ঘৰ আৰু বিলাসী জীৱন। কিন্তু তাৰ বিনিময়ত হেৰুৱাইছিলোঁ বহু কিবা কিবি। বৰুৱাই হুমুনিয়াহ কাঢ়িলে। কৈ গ’ল অনৰ্গল।
দূৰত্বৰ কাৰণে জীৱিত কালতে হেৰুৱাইছিলো আই বোপাইৰ সান্নিধ্য। গাঁৱৰ ঘৰত জীৱনৰ আধা সময় পাৰ কৰা মা দেউতাই ইয়াত আহি মোৰ লগত থাকিবলৈ ইচ্ছা নকৰিলে।
একেলগে ডাঙৰ হোৱা পেহীজনীৰ ল’ৰাটো, মামাৰ ছোৱালীজনীৰ বিয়াখন! হেৰুৱাইছিলোঁ আপোন মাটিৰ উমাল পৰশ।
“এ দেউতা বচ বচ হৈ গ’ল। ৰাতিপুৱাটো কৰুণ ৰসেৰে আৰম্ভ নকৰিবা। মই তোমালোকক এৰি যাব নাই বিচৰা। মই মাত্ৰ তোমালোকৰ মতামত বিচাৰিছোঁ দেউতা। তোমালোকে যেনেকৈ বিচাৰা তেনেকৈয়ে হ’ব। এতিয়া এইবোৰ বিলাপ বন্ধ কৰা। বলা ক’ৰবাত যাওঁ তিনিও দুদিন মান থাকি আহোঁ।”
ফুৰি ভালপোৱা, হাঁহি ভালপোৱা নন্দিনী উৎসাহিত হৈ পৰিল।
“চিন্তা এৰা ব’লা ব’লা ক’ৰবাত ফুৰি আহোঁ।”
“কিন্তু ক’ত যাবা মা?”
“তুমি য’লৈ নিবা তালেকৈ যাম সোণ”।
গহীন হৈ বহি থকা প্ৰশান্ত বৰুৱাই উত্তৰ দিলে।
“আমি অসমলৈ যাম। অসমলৈ। মোৰ বুকুৰ আপোন ঠাইলৈ।”
“এহ বঢ়িয়া দেউতা। অসমত দীঘলীয়াকৈ থকাকৈ যোৱাই নাই। বহুত ভাল লাগিব।”
বৰুৱাৰ মন প্ৰশান্তিত উজ্জ্বলি উঠিল। যেন গোমা আকাশত তৰাৰ জিলিকনি। অৰ্নবৰ উৎসাহ দেখি বৰুৱা সুখী হ’ল। এৰা বহুত দিনৰ মুৰত তেওঁ যাব নিজৰ আপোন ঘৰখনলৈ আপোন গাঁৱখনলৈ। হেৰুৱা সুৰৰ সন্ধানত!
আপোন মাটিৰ সুবাস বিচাৰি। আপোন মানুহবোৰৰ মৰমৰ বৰষুণত তিতি বুৰি জীপাল কৰিবলৈ হৃদয়। নন্দিনীৰ পুলকিত মন। ঘৰলৈ যোৱাৰ কথা ক’লেই তাই আবেগিক হৈ পৰে।
“তোমালোকে টিকেট চোৱা। মই ব্ৰেকফাষ্ট ঠিক কৰোঁগৈ।”
এটা ফৰকাল মন লৈ নন্দিনী নিজৰ কামত লাগিলেগৈ। বাপেক পুতেকে লেপটপ খুলি বহিল ফ্লাইটৰ টিকেট কৰিবলৈ। অৰ্নবে দিল্লীৰ পৰা গুৱাহাটীলৈ যাবলৈ পিছদিনাৰ তিনিটা টিকেট কৰিলে। উল্লাসিত তিনিওৰে মন। বৰুৱাই আনন্দত গাই উঠিল।
“এইখনি গাঁৱ মোৰ বুকুৰ আপোন,
ইয়াতে দেখো মই নতুন সপোন।
কোনে জুমি চাই জুৰিৰ দাপোন
ফুলৰ পাতৰ সাজোন কাচোন
এই গাঁও আপোন আপোন।”
সময় গতিশীল। এখন বোৱতী নদীৰ দৰেই সময় নিৰবধি। সময় নৰয় কাৰো বাবে। সময়ৰ সোঁতৰ মাজতে নিবদ্ধ হয়। জীৱনৰ অলেখ খেল। পোৱা-নোপোৱাৰ হিচাপ, সুখ-দু, হাঁহি-কান্দোন — এই সকলোবোৰৰ নীৰৱ সাক্ষী হয় এই সময়েই। পোৱাৰ নোপোৱাত বা পাই হেৰুৱাৰ দুখত কোনেও ৰৈ যাব নোৱাৰে। সময়ৰ বোৱতী নিজকে এৰি দিয়ে জীৱনে। প্ৰশান্ত বৰুৱা বৰ আশাবাদী আৰু কৰ্ম পটু ব্যক্তি। সুখী হ’ব খোজে তেওঁ জীৱনত যি পাইছে। যি কৰিছে তাকে লৈ। মৰমিয়াল পত্নী নন্দিনী আৰু পুত্ৰ অনৰ্বৰ সৈতে প্ৰশান্তৰ সুখী পৰিয়াল। সময়ৰ কোবাল সোঁতত তেওঁৰো জীৱন নাওখনি আগবাঢ়িছে নিজৰ গতিত। কেতিয়াবা পাৰ হৈছে নদীৰ পকীয়াৰ দৰে পাক লগা সময়ৰ। পাকবোৰ খুলি জতিলতাবোৰ সামৰি আগবাঢ়িছে মাথোঁ এক বিৰামহীন যাত্ৰাত।
এৰা প্ৰশান্ত বৰুৱাই নিজৰ ঘৰ, নিজৰ গাঁওখন এৰা বহু বছৰেই হ’ল। প্ৰায় পয়ত্ৰিশ বছৰ। বহু ঠাই ফুৰিছে। বহু ৰাষ্ট্ৰ
ফুৰিছে! বহু লোক লগ পাইছে জীৱনত। নানান অভিজ্ঞতাৰে পুষ্ট হৈছে। তথাপিও নিজৰ গাঁৱখনৰ প্ৰতি থকা টান তেওঁৰ