পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৭

ভানুৰ চিধা জৱাব –

 : নোৱাৰিম বাইদেউ। এটা মতাই যিমান তিতা দিলে আৰু মতাৰ লগ নালাগে মোক, ল’ৰা-ছোৱালীয়ে বুঢ়া কালত নাচালেও নাই। আমাৰ বস্তিৰ মতাবোৰে মদৰ বাহিৰে আৰু একো চিনি নাপায় আৰু মাইকীজনীক বিচাৰে অকল ৰাতি বিছনাখনত। এতিয়া এই চাৰিটা সন্তান মোৰ দিঙিত ওলমাই মোৰ মতাটো দুনীয়াই এৰি দিলে... আৰু এটা চপাই ল’লে মোক ৰাতি ৰাতি খাব আৰু মই তাৰ পোৱালি পেটত লৈ ফুৰিব লাগিব, পাঁচটা পেট পালোতে দেহ বেমাৰী হৈ গৈছে, নালাগে অ বাইদেউ, মতাৰ সুখ মোক নালাগে।

 এনে উত্তৰ দিয়া ভানুজনীৰ আজি কি হ’ল, যদি মানুহ বোৰে কোৱাৰ দৰে সচাকৈয়ে তাই গৰ্ভৱতী??

 যোৱা এমাহ ধৰি ভানু কামলৈ অহা নাই, কোনোবা পৰিয়ালৰ মানুহৰ ঘৰলৈ যাব বুলি কৰুণাক জনাইছিল। কিন্তু হঠাতে এদিন ওচৰ চুবুৰীয়া মানুহৰ মুখৰ পৰা এক আচৰিত খবৰ পালে কৰুণাই - সেইদিনা পুৱাই ভানুক পুলিচে ধৰি নিছে। তাইৰ নৱজাতক শিশুটো হত্যা কৰিব বিচৰা অপৰাধত। কৰ্টৰ পৰা ওলাইয়ে কৰুণা চিধাই থানা পালেগৈ।

 ভানু তললৈ মুৰ কৰি বেঞ্চখনতে বহি আছে, শৰীৰটো দুৰ্বল, আউলি বাউলি চুলি আৰু গালত শুকাই যোৱা চকুপানীৰ দাগ...

 : ভানু... অ' ভানু

 নাই, ভানুৰ কোনো কাণসাৰ নাই, এটা মূৰ্ত্তিৰ দৰে একে ঠাইতে ঠৰ হৈ বহি আছে। হয়তো খঙত.. হয়তো দুখত... হয়তো লাজতে...

 পুলিচৰ লগত কথা পাতি কৰুণাই ভানুক নিজৰ ঘৰলৈ লৈ যাবলৈ বুলি গাড়ীত বহুৱালে। ভানুৰ নৱজাতকটি চিকিৎসালয়ত আছে, কাইলৈ পুৱাহে আনিব পৰা যাব। ঘৰ পোৱালৈকে গোটেই বাটটো ভানু মাথোঁ কান্দি থাকিল, কৰুণাইও একো সোধা নাই এই সময়ত। অনুপম মিটিং থকা বাবে আগৰতলা গৈছে এসপ্তাহৰ কাৰণে, ভালেই পালে কৰুণাই, দুদিনমান ভানুক নিজৰ লগতে ৰাখিব পাৰিব... কিবা ধুমুহা বলি আছে এই আজলীজনীৰ মনত তাৰ উমান কোনোৱে নাপায়... পাৰোঁতে জানো এজনী মাকে নিজৰ পেটৰ পোৱালিটোক মাৰিব বিচাৰিব... তাইক যদি কোনোবাই প্ৰেমৰ মিছা চলাহী কথাৰে ঠগিছে... মুঠতে যি কি নহওক এই সময়ত কৰুণাই তাইক অকলশৰে এৰি নিদিয়ে।

 পিছদিনা পুৱালৈ ভানুক কিছু সুস্থ যেন লাগিল কৰুণাৰ, চাহ দুকাপ বনাই তাৰে একাপ ভানুলৈ আগবঢ়াই দিলে।

 : চাহকাপ খা ভানু গাটো অলপ ভাল পাবি। অলপ পিছত আমি হস্পিতল যাব লাগিব, কণমানিটিক আনিবলৈ। সন্মুখত সাপ এডাল দেখাৰ দৰে জপিয়াই উঠিল ভানু

 : পাপ... সেইটো এটা পাপৰ চিন... নানোঁ মই ঘৰলৈ... হস্পিতলতে থাকক... মৰি যাওক তাতেই... মোক নালাগে সেই পাপৰ চিন। উন্মাদৰ দৰে চিঞৰি চিঞৰি এটা সময়ত তাই আকৌ কান্দিবলৈ ধৰিলে।

 কৰুণা উঠি আহি ভানুৰ পিঠিত লাহেকৈ হাত এখন থলে, ভানু সৰু ছোৱালী এজনীৰ দৰে তাইৰ বুকুত সোমাই পৰিল কান্দি কান্দি।

 : মই সেই ৰাতিটো পাহৰি যাব বিচাৰোঁ বাইদেউ... সেই অসুৰটোৱে মোক শেষ কৰিলে...

 কৰুণাই বুজিছে ভানুৰ ওপৰেদি এজাক ধুমুহা পাৰ হৈ গৈছে। কান্দক তাই, অন্তৰৰ কথাখিনি উলিয়াই দিয়ক।

 : কোনে কি সৰ্বনাশ কৰিলে তোৰ ভানু?? কি হ’ল তোৰ লগত? তই আকৌ কাৰোবাৰ প্ৰেমত পৰিছিলি নেকি যাৰ চিন সেই কণমানিটো?

 : আমাক কোনে প্ৰেম কৰিব বাইদেউ, চবেই শৰীৰৰটোহে চিনি পায়... কিন্তু মই নাজানো বাইদেউ কাৰ পাপ মোৰ পেটত কঢ়িয়াই ফুৰিছিলোঁ মই।

 : কি?? মানে কি ক’ব বিচাৰিছ তই??

 কৰুণাই চকুকেইটা বহলকৈ মেলি আশ্চৰ্য্যৰে ভানুলৈ চালে, ভানুৱে আকৌ আৰম্ভ কৰিলে

 : মোৰ ফুটা কপালে লগ নেৰিলে কোনোদিনে, সৰুৰে পৰা অভাৱত আঠ টা ল’ৰা ছোৱালী মাজত ডাঙৰ হ’লোঁ, বহু ৰাতি পানী খায়ে শুবলৈ চেষ্টা কৰিবলগীয়া হৈছিল, ইহঁতৰ দেউতাকৰ চকীদাৰ চাকৰিটো থকা দেখি পোন্ধৰ বছৰ বয়সতে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড