পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৮

পলাই আহিলোঁ, বােলাে তালৈ বিয়া হ’লে খালী পেটত শুব নালাগিব অন্ততঃ। পিছে কেইমাহমানতে ভালপােৱা শেষ হৈ সি মদ খাই মােক মাৰ পিট কৰিবলৈ আৰম্ভ কৰিলে, তাৰ অত্যাচাৰ বাঢ়ি অহাত সদায় ভাবিবলৈ ল’লোঁ সি মৰিয়ে নাযায় কিয় আৰু এদিন সঁচাকৈ মদ খাই খাইয়ে সি মৰিও থাকিল। এতিয়া ভাবিছিলোঁ আপােনাৰ দৰে মানুহৰ ঘৰত কাম কৰি ল’ৰা-ছােৱালীকেইটাক মােৰ সৰু কালৰ দৰে খালী পেটেৰে কেতিয়াও শুব নিদোঁ, মতাটো নাই যদিও ইহঁতকেইটাক লৈয়ে শান্তিৰে আছিলোঁ। কিন্তু ভগৱানৰ সহ্য নহ’ল মােৰ শান্তি, সেইৰাতি মােৰ সুখকণ কাঢ়ি নিলে... ভানু কান্দি কান্দি কঁপা মাতেৰে কৈ গ’ল—

 : সেইৰাতি ঘৰত মই অকলে আছিলোঁ, ল’ৰা-ছােৱালীকেইটা মােমায়েকৰ ঘৰলৈ গৈছিল... ৰাতি ভাতকেইটা খাই বিছনাত পৰাৰ লগে লগেই টোপনিয়ে হেচা মাৰি ধৰিছিল। কিন্তু... কিন্তু...

 ভানুৱে ভালদৰে কথাকেইটা ক’ব পৰা নাই... তাই কঁপিছে...

 হঠাতে বিছনাখনত কোনােবা উঠা যেন লগাত চকু মেলি দেখিলাে মানুহ এটাৰ হাতখন কিলবিলাই ফুৰিছে মােৰ গাৰ চুব নলগীয়া ঠাইবােৰত। মই চিঞৰিব বিচৰাত মােৰ মুখখন টিপা মাৰি ধৰিলে আৰু এটা জন্তুৰ দৰি মােৰ ওপৰত জপিয়াই পৰিল, মােক ছিৰাছিৰ কৰি মােৰ সকলাে শেষ কৰিলে... তাই আকৌ কান্দিব ধৰিলে।

 কৰুণাই সপােনতাে ভবা নাছিল ভানুৰ লগত এনে কিবা হৈছে বুলি, বেচেৰীয়ে ইমানখিনি অকলেই সহ্য কৰিছে।

 তই মানুহটো কোন নেদেখিলি নে ভানু ? যদি তই ক’ব পাৰ কোন তাক মই উচিত শাস্তি দিয়াম।

 মই আন্ধাৰত একো দেখা নাপালোঁ বাইদেউ, সি মুখত এখন কাপােৰ বান্ধি থৈছিল... মাথোঁ তাৰ গাত থকা এটা দাগ মই দেখিছিলাে চকামকাকৈ। তাৰ বাহিৰে মই আৰু একো নাজানোঁ। সি মােৰ লগত বেয়া কাম কৰিলে বুলি মােৰ কাকো ক’বলৈ সাহস নহ’ল, কাৰণ কোন আছিল সেই মানুহটো মই গমেই নাপালোঁ, কোনে বিশ্বাস কৰিব মােৰ এনে কথাত। বস্তিৰ মানুহবােৰে মােক এনেও বিধৱা হৈয়াে ভালদৰে খাই লৈ আছোঁ কাৰণে বেয়া চকুৰে চাই। মই ভাবিছিলোঁ যি হ’ল পাহৰি যাম সময়ৰ লগত, আমাৰ নিচিনা গৰিব মানুহৰ দুখ শুনােতা এনেও কোনাে নাই। পিছে সেই অসভ্য পাষণ্ডটোৱে তাৰ পাপৰ বীজ মােৰ পেটত এৰি থৈ গ’ল, বহুত চেষ্টা কৰিও আঁতৰাব নােৱাৰিলোঁ সেই লেতেৰাবােৰ.. পেটত ভুকুৱাই মাৰিলাে কিমান বাইদেউ পিছে পাপটো নমৰিল। মই নিজৰ ওপৰত কৰা অত্যাচাৰবােৰৰ কাৰণে মােৰ গাটো বহুত দুর্বল হৈ পৰিল আৰু সময়তকৈ আগতেই জন্ম পালে পাপৰ ফলটোৱে... ভাবিলোঁ কোনেও নেদেখাকৈ জাবৰৰ দমটোত পেলাই দিও, কুকুৰে খালেও খাওক.. কাউৰীয়ে খালেও খাওক, পিছে বস্তিৰ কাৰােবাৰ চকু পৰিল মই পেলাবলৈ নিওঁতে আৰু মােক পুলিচে ধৰি নিলে৷

 :তই ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰিলি ভানু ?? সেই কণমানিটোৰ কি ভুল যি পৃথিৱীখনত চকু মেলিছেহে মাথো??

 ভানুৱে মুখেৰে একো নামাতি কেৱল উচুপি থাকিল।

 : আমি এতিয়াই পুলিচ থানা যাম আৰু তােৰ হৈ এটা গােচৰ তৰিম, তই উচিত বিচাৰ পাবি ভানু। মই আছোঁ তােৰ লগত সকলাে সময়তে, কোন মানুহে তােৰ লগত এনে ঘৃণনীয় কাম কৰিলে তাক আমি এৰি নিদোঁ।

 থানাত সকলােবােৰ কথা খুলি ক’লে ভানুয়ে কেৱল কৰুণাৰ সাহসতে। পুলিচে এটা ধৰ্ষণৰ মােকর্দমা ফাইল কৰিলে আৰু ভানুক কথা দিলে যে দোষীক অতি সােনকালে কৰায়ত্ত কৰিব। কথা মতেই পুলিচে বিচাৰ-খােচাৰ আৰম্ভ কৰিলে।

 কেঁচুৱাটো সময়ৰ আগতে জন্ম হােৱাৰ বাবে অলপ নিশকতীয়া আছিল, ডাক্তৰে উচিত যত্ন পাবৰ বাবে হস্পিতেলতে আৰু কিছুদিন ৰাখিবলৈ পৰামর্শ দিলে। কৰুণাই নিজৰ ব্যস্ত জীৱনৰ মাজতাে ভানুলৈ যিমান পাৰে সহায় আগবঢ়াই গ’ল। অনুপমে তাইক নুসুমাবলগীয়া কামবােৰত সুমুৱাই ফুৰা বুলি কটাক্ষ কৰিবলে নেৰিলে। হ’লেও কৰুণাই ভানুক অকলশৰীয়া হ’ব নিদিলে। আনহাতে বাকী যি দুঘৰত ভানুৱে কাম কৰিছিল সিহঁতে ভানুক বেয়া চৰিত্ৰৰ মাইকী বুলি কৈ কামৰ পৰা উলিয়াই দিলে। এনে সময়ত ভানুৰ একমাত্ৰ সহায় হৈ ৰ’ল কৰুণা।

 যিহেতু ঘটনাটো হৈ যােৱা কেইবামাহও পাৰ হৈ গৈছিল পুলিচৰ প্রমাণ সংগ্রহ কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল, শেষত কেঁচুৱাটোৰ ডি.এন.এ. পৰীক্ষা কৰি সেইটো ভিত্তিত তদন্ত আৰম্ভ কৰিলে। বস্তিৰ প্রত্যেকটো মতা মানুহৰ তেজ সংগ্রহ কৰিলে কেচুৱা টোৰ ডি.এন.এ. লগত মিলাই চাবৰ বাবে, কিন্তু আচৰিতভাৱে বস্তিৰ কোনাে মানুহৰ লগতে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড