পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৬


ন্যায়

ৰাজশ্ৰী বৰদলৈ

 সদা ব্যস্ত মহানগৰীৰ ৰাজপথ আবেলিৰ এই সময়খিনিত আৰু অধিক যানজঁটেৰে ভৰি পৰে, সকলোৰে যেন খৰধৰ নিজৰ নিজৰ ঘৰখনলৈ উভতি যাবলৈ। উন্নত দেশবোৰৰ দৰে আমাৰ দেশতো সুবিধাজনক আৰু উচ্চ মানদণ্ডৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা থকা হ’লে কিমান যে সুচল হ’ল হয় জনসাধাৰণৰ জীৱন, কথাটোৱে সদায় দুলি থাকে অধিবক্তা কৰুণা চলিহাৰ মনত।

 পিছত থকা গাড়ী খনৰ হৰ্নৰ শব্দত কৰুণাই তাইৰ গাড়ীখন অকণমান আগুৱাই দিলে, ট্ৰেফিক চিগনেল বোৰটো মানুহে কিয় যে হৰ্ন বজাই তাই বুজি নাপাই। ক’ৰ্টৰ পৰা ঘৰ মাথোঁ পোন্ধৰ মিনিটৰ ৰাস্তা, কিন্তু এই যানজঁটৰ বাবে এইকন বাটেই আধা ঘণ্টা সময় লাগি যায়। কম বয়সতে তাইৰ দক্ষতাৰ বাবে চহৰৰ ভিতৰতে নামজ্বলা অধিবক্তা হোৱা কৰুণাৰ মাক দেউতাকে বিচাৰিছিল তাই চিকিৎসক হওক, কিন্তু তাইৰ সপোন আছিল এগৰাকী সফল আইনজীৱী হোৱাৰ, যিটো সপোনক লাহে লাহে বাস্তৱৰ ৰং বোলাইছে কৰুণাই।

 ঘৰ পোৱাৰ লগে লগে গেটখন খুলিবলৈ ভানু দৌৰি আহিল।

 : চাহকাপ আনো নে বাইদেউ?

 : ৰহ অ’ এইজনী, আহি পাইছোঁ হে, উশাহ লবলৈও নিদিয় মানে।

 বুৰ্বকৰ দৰে হাঁহি এটা মাৰি ভানু কৰুণাৰ গাড়ীৰ পৰা ফাইল কেইটা নমাই আনিলে। এই ভানু জনী নহ’লে কৰুণাই ঘৰৰ একো এটাৰে উমান নাপায়, ঘৰখনৰ প্ৰতিটো বস্তু তাইৰ নখ দৰ্পণত।

 চাৰিটা এমা-ডিমা ল’ৰা ছোৱালীৰে সৈতে মদাহী গিৰিয়েকে তাইক ভৰ যৌৱনতে বিধৱা কৰি গ’ল। সি জীয়াই থাকোতে অইন কোনো সুখ দিব নোৱাৰিলেও অন্ততঃ তাই মানুহৰ ঘৰে ঘৰে কাম কৰিবলগীয়া হোৱা নাছিল, পিছে এতিয়া তাইৰ বাহিৰেও আৰু চাৰিটা প্ৰাণীৰ পেটৰ তাড়নাত কৰুণাৰ ঘৰৰ লগতে আৰু দুঘৰত কাম কৰে। ভানুৰ অনুমানিক বয়স চাবিশ/সাতাইশতকৈ বেছি নহ’ব, মিঠা বৰণীয়া আকৰ্ষণীয় সুঠাম দেহাটো তাইৰ পুৰণি শাৰীখনে ভালদৰে ঢাকি ৰাখিবই নোৱাৰে, উজ্জ্বল তিৰবিৰাই থকা চকু জুৰিৰে সৈতে যদি ভালদৰে কাপোৰ কানি পিন্ধি ওলাই যায় আন দহজনীৰ বাবে তাই ঈৰ্ষাৰ কাৰক হ’ব। আজলী ভানুজনীলৈ কৰুণাৰ বৰ মৰম, তাইৰ ল’ৰা ছোৱালী কেইটাৰ বাবেও কিবা কিবি দি পঠিয়াই তাই মাজে সময়ে।

 জলসিঞ্চন বিভাগৰ উচ্চ পদস্থ বিষয় অনুপম চলিহাৰ লগত কৰুণাৰ প্ৰেম বিবাহ হৈছিল, সকলো ফালৰ পৰা নদন বদন ঘৰখনত অভিযোগ কৰিবলগীয়া একোৱে নাই, কিন্তু বিয়াৰ আঠ বছৰৰ পাছতো নিঃসন্তান চলিহা দম্পত্তি। উন্নত চিকিৎসাইও একো সুফল নেদেখুৱালে আজিলৈকে। সন্তান এটি তুলি লোৱাৰ কথা কৰুণা আৰু পৰিয়ালৰ মানুহ বোৰে কয় মাজে মাজে, অনুপম এই ক্ষেত্ৰত একমত নহয়।

 আজি কিছুদিনৰ পৰা ভানু অলপ অসুস্থ, কামবোৰ অঁতাই সোনকালে বস্তিলৈ উভতি যায়। কৰুণাই দৰব পাতি আনি দিছে, হ’লেও ভানুৰ গাত আগৰ শক্তিখিনি ঘূৰি অহা নাই। ওচৰৰ মানুহ বোৰে বুবু বাবা কৰিছে তাই অন্তঃসত্বা বুলি। কৰুণাইও মন নকৰা নহয় ভানুৰ ক্ৰমান্বয়ে স্ফীত হৈ অহা উদৰটো, পিছে বিধৱা মানুহজনীক এই বিষয়ে কিবা সুধিবলৈ কৰুণাৰ বিবেকে বাধা দিয়ে। ভানুক কেইবাবাৰো বিয়াৰ কথা কৈছিল কৰুণাই —

 ; তোৰ আগত গোটেই জীৱনটো পৰি আছে অ’ ভানু, ভাল মানুহ এটা পালে আকৌ বিয়া হৈ যা। বুঢ়া বয়সত তোকে জানো লগ এটা নালাগিব? ল’ৰা-ছোৱালীকেইটা নিজে কৰি খাব পৰা হ’লে তোক বা লগ দিয়ে নে নিদিয়ে... আজিকালি দিনকালবোৰ যি হে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড