পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৫

সোনকালেই খৱৰটো পালোঁ কাৰণ পিছদিনা থানাত প্ৰেছ মিট হৈছিল আৰু ছোৱালীকেইজনী উদ্ধাৰ হৈছিল। দোষী অৱশ্যে সাৰি গৈছিল তথাপিও মনত শান্তি আছিল যে ছোৱালীকেইজনী বাচিল। মই তেতিয়াওঁ সুযোগ পোৱা নাছিলো মহানন্দক আঘাত কৰাৰ। তাৰ মাজে মাজে মই সেই দৰৱৰ বটলটো চাওঁ, কেতিয়ালৈ বা ইয়াৰ সদ ব্যৱহাৰ কৰিব পাৰোঁ। উল্কণ্ঠাৰে মই বাট চাই ৰৈছিলোঁ, সেইকেইদিন তুমিও আলেঙে আলেঙে চাই ফুৰিছিলা কোনে দিছিল সেই বাতৰি। মই মহান প্ৰতি তোমাৰ মনোভাৱ আৰু বেয়া কৰিবৰ বাবে তোমাক শুনাই শুনাই সদায় ৰাতিপুৱাই তাক গালি পাৰিবলৈ লৈছিলোঁ। তুমি আচৰিত হৈ শুনিছিলা কোনো মন্তব্য নিদিয়াকৈ গুচি গৈছিল। মই বৰ মৰমেৰে তোমালৈ চাওঁ হেঁপাহ জাগে তোমাক যেন সকলোবোৰ কৈ দিওঁ, কিন্তু ক'ব পৰা নাছিলোঁ কিয়নো তেতিয়ালৈ বহুত পলম হৈ গৈছিল। মোৰ হাতলৈ এদিন সুযোগ আহিল গম পাইছিলোঁ চহৰৰে এখন খেলপথাৰত তাৰ এখন মিটিং আছে। মই সুবিধা চাই তাত পালোগৈ, তাৰ কি ভাষণ, ৰাইজৰ সেৱাৰ বাবেই সি অবিবাহিত হৈ আছে। চালা হাৰামী মইহে জানো তই কিয় বিয়া নপতাকৈ আছ, মোৰ ইমানেই খং উঠিছিল যে মই কাষতে থকা শিল এটা মঞ্চলৈ দলিয়াই দিছিলোঁ যিটো ঠিক তাৰ কপালত লাগি হুহুৰে তেজ ববলৈ ধৰিছিল। উপস্থিত মানুহবোৰৰ মাজত হুৱা দুৱা লাগিছিল আৰু মই সাৰি আহিবলৈ সক্ষম হৈছিলোঁ। এইদৰে কেইবাখনো মিটিঙৰ মাজতে মই বেমেজালি সৃষ্টি কৰি হয়তো সিহঁতৰ দৃষ্টিত পৰিছিলোঁ। আৰু এদিন মই গৈ থাকোতে মোক গাড়ীত উঠাই লৈ গৈছিল সিহঁতি মই তেতিয়া লগত সদায়ে বেজীটো আৰু দৰৱটো লৈ ফুৰিছিলো যাতে মই মৰিলেও তাক মাৰিহে মৰিম।

 মই সকলোবোৰ নিয়তিৰ ওপৰত এৰি দিলোঁ, সময়ে মোক যি কৰিবলৈ বাধ্য কৰাব তাকেই কৰিম। মই জনা নাছিলোঁ মোক ক'লৈ নিছে, বাটতে কোৱা শুনিলোঁ আগৰ দুবাৰৰ দৰে এইবাৰ চিকিৎসাৰ বাবে নিয়া নাই। তুমি মোক দুবাৰকৈ চিকিৎসাৰ বাবে পঠিয়াইছিল আৰু ময়ো ভাল হোৱা যেন দেখুৱাই গুচি আহিছিলোঁ। কিন্তু এইবাৰ তুমি মোক পঠিওৱা নাই মহানন্দৰ মানুহে মোক আনিছিল, হয়তো সিহঁতৰ সন্দেহ হৈছিল মোৰ ওপৰত। মই জানিছিলো এয়াই হয়তো মোৰ শেষ যাত্ৰা মনত বহুত আক্ষেপ হৈছিল ইমান কাষতেই থাকিও তোমাক একো ক'ব নোৱাৰিলোঁ আনকি ডায়েৰীখনো দিব নোৱাৰিলোঁ। এঘন্টা মানৰপিছত মোক সৰু এটা ঘৰত সুমুৱাই থ'লে মই বহুত চিঞৰিছিলো, কিন্তু কোনো ফল ধৰা নাছিল। সিহঁতি কাৰোবাৰ লগত কথা পাতি আছিল মই কাণপাতি শুনিলোঁ, হয় সিহঁতি মহানন্দৰ লগতে কথা পাতি আছিল। সি অলপ পিছতে আহিব বুলি কোৱা শুনিলোঁ, মই মোৰ খুচনিৰ পৰা বটলটো ওলিয়াই ল'লোঁ। আৰু চাগৈ মই কেতিয়াও সুযোগ নাপাম, সিহঁতে মোক আৰু জীয়াই থাকিব নিদিয়ে। মোৰো নিজৰ জীৱনৰ প্ৰতি অলপমানো মোহ নাছিল শেষ ইচ্ছা মহানন্দৰ পতন কৰা, গতিকে মই আজি তাক মাৰিবলৈ চেষ্টা কৰিবই লাগিব। মই চিৰিঞ্জত দৰৱটো ভৰাই সাৱধানে থ'লোঁ। কোৱা মতেই সি আহি পাইছিলহি। আহিয়েই সি মোক মাতি আছিল, ঐ, মূৰটো তুল মই তোক চাব বিছাৰোঁ। মই জানিছিলো সি মোক সন্দেহ কৰিছে, আৰু সি ওচৰলৈ আহিলেহে মই তাৰ শৰীৰত বেজীটো ভৰাব পাৰিম গতিকে মই হাতত বেজীটো লৈ তল মূৰ কৰি বহি থাকিলোঁ। বাৰে বাৰে। ৱানক প্ৰাৰ্থনা কৰিলোঁ এইবাৰ যাতে পাপীটোক মই নাশ কৰিব পাৰোঁ। মই ভাৰ দৰে সিও অধৈৰ্য হৈ মোৰ কাষ পালেহি, মই লগালগ চিৰিঞ্জটো তাৰ ঠিক ডিঙীৰ কাষতে হেচি ভৰাই দিছিলোঁ। সি লগালগ চিঞৰি উঠিল, তই, তই ৰীতা, তই জীয়াই আছ। সি হয়তো ভবাই নাছিল মই যে তাক বিহ ভৰাই দিছোঁ খালী চিৰিঞ্জ বুলি টানি ওলিয়াই পেলাইছিল আৰু মোক এটা গোৰ মাৰি দিছিল। মই তাক ক'লোঁ মই তোক মাৰিবলৈকে জীয়াই আছিলোঁ এতিয়া নিশ্চিন্ত মনে মৰিব পাৰিম। তোৰ দেহত মই বিহ ভৰাই দিলোঁ হাৰামী, আজিৰ ৰাতিটো আছে মাত্ৰ তোৰ হাতত। সি খঙত ৰব নোৱাৰি মোক বহুত কোবাল আৰু শেষত মোৰ জননাংগৰ এই অৱস্থায় কৰি মোক থকা ঠাইত পেলাইথৈ গ'লহি।

 মাজনী মই এয়া সেহাই সেহাই লিখি আছে, তোমালৈ বুলি।মই পাগলীনহয় অ' তোমাৰ পেহী। তোমাক চাগৈ মাত এষাৰ দিয়াৰ সুবিধা নাপাম আৰু মাজনী, জীৱনটোত বহুত সহিলো, পোৱাতকৈ নোপোৱাৰ সংখ্যাই বেছি। জীৱনৰ কিমান যাতনা পালে মানুহৰ মগজুৰ ভাৰসা হেৰাব পাৰে! তুমি মনলৈ বিষাদৰ ভাৱ নানিবা। মোৰ বহুত ইচ্ছা থকাৰ পিছতো তোমাৰ আগত নিজৰ পৰিচয় দিব নোৱাৰিলোঁ। মোৰ মনে নক’লে নতুন উদ্যমেৰে চাকৰি আৰম্ভ কৰিয়েই তুমি ক'লা অতীতৰ মাজত সোমাই পৰাটো। ভাৱিলোঁ যদি পাৰোঁ নিজেই কৰি চাওঁ, নোৱাৰিলে অৱশেষত তোমাৰ কাষ চাপিম। মই তোমাক ডায়েৰীখন দিবলৈ পাওঁ নে নাপাওঁ সেইটো চিন্তাহে কৰি আছিলোঁ, মোৰ কাপোৰৰ টোপোলাৰ মাজত সদায়ে লৈ ফুৰোঁ। সিহঁতি আনি

পিছে মোক আকৌ থকা ঠাইতে থ’লেহি বাবে মোৰ বহুত ভাল লাগিছে। মই ৰাতিপুৱালৈকে মৃত্যুৰ লগত যুঁজ দিম, তোমাক

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড