পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৪

তাক নিশ্চিত কৰিলোঁ যে মই আন কাকোৱেই নকওঁ। ঘৰলৈ আহি মই বৰ সাৱধানেৰে বটলটো মোৰ কাপোৰৰ মাজত ভৰাই ৰাখিলোঁ। মোৰ বৰ মন গৈ আছিল চাবুৱালৈ সোনকালে যাবলৈ, কিন্তু বাইদেউৰ মৰমত মই যাব পৰা নাছিলোঁ।এদিন বাইদেৱে মোক জনালে মাইনাজনী প্ৰশাসনিক পৰীক্ষাত উত্তীৰ্ণ হৈ পুলিছৰ অফিচাৰ হ’ল। বাতৰিত তাইৰ ফটোখন দেখুৱালে মই শুনি বৰ ভাল পালোঁ। বাতৰিত তাইৰ নিৰ্ভয়ে কোৱা কথাবোৰ শুনিলোঁ মন ভৰি পৰিল, মই দাদা বৌৰ অংশক অন্তত এহাল ভাল মানুহৰ হাতত দি যে ভাল কৰিলোঁ তাৰ বাবে সুখী হ'লোঁ। বাইদেৱে ফোন কৰি গম পালে তাইৰ পষ্টিং চাবুৱাতে হ’ব। এই খৱৰে মোক আকৌ এবাৰ সুখী কৰিলে এতিয়া অন্তত মই মৰাৰ আগতে তাইক সকলো কব পাৰিম।মই আধালিখা ডায়েৰীখন সম্পূৰ্ণ কৰিবলৈ লাগিলোঁ দিন ৰাতি একাকাৰ কৰি সময় পালেই মই লিখিবলৈ ল'লোঁ। এনেকৈয়ে থাকোতে এদিন বাইদেউৰ গা বহুত বেয়া হ'ল, মই তেওঁক নাৰ্চিংহমত ভৰ্তি কৰাই দি তনয়লৈ খৱৰ দিলোঁ। সি দুদিনৰ ভিতৰতে আহি পালেহি৷ বাইদেউ অলপ সুস্থ হোৱাত, সি তেওঁক লগতে লৈ যাব বিছাৰিলে। মই বৰ ভাল পালোঁ অন্তত এতিয়া মই নিশ্চিত মনে মোৰ কামত আগবাঢ়িব পাৰিম। তেওঁলোকে মোকো লগ ধৰিছিল যদিও মই অজুহাত দেখুৱাই নগ'লোঁ। বাইদেউৰ পৰা মাজনীৰ ঘৰৰ ঠিকনা আৰু তাইৰ থানাৰ ঠিকনা লৈ থ'লোঁ। যাবৰ সময়ত মোৰ হাতত অলপ পইছা দি ক'লে, যেতিয়ালৈকে মন যায় মই ইয়াত থাকিব পাৰিম। কিন্তু বাইদেউ নথকা উদং ঘৰখনত মোৰ মন নবহা হ’ল। কাম বন নকৰাকৈ এনেয়ে থাকি থাকি মোৰ মন অশান্ত হৈ পৰিছিল। মই সোনকালে চাবুৱা যাবলৈ মন বান্ধিলো। তাৰ মাজতে মই বাতৰি কাকতত মহানন্দৰ বহুতো কুকীৰ্তি শুনিলোঁ, ক্ষমতাশালী হৈ সি সকলোকে দমন কৰি ৰাখিবলৈ সক্ষম হৈছিল। মই ভাৱিলোঁ মানসিক বিকাৰগ্ৰস্ত হোৱাৰ ৰূপ লৈয়ে মই তাৰ চহৰত সোমাম, তেতিয়া মোৰ কামবোৰ কৰিবলৈ সহজ হ’ব। তাৰটো এতিয়া সাধ্য নাই মোক চিনি পাবলৈ। মাজনীকো সুবিধা বুজি লগ কৰি মহানন্দৰ কথা ক'ব লাগিব তাইটো এতিয়া সক্ষম দোষীক শাস্তি প্ৰদান কৰিবলৈ। মই যোৱাৰ আগদিনা নিজকে কিছু সলাই পেলাইছিলোঁ, মোৰ চুলিখিনি নিজেই খলপা খলপিকৈ কাটি ল'লোঁ আৰু সৰু টিনৰ বাকচটো লৈ, মলিয়ন কাপোৰ এযোৰ পিন্ধি ল'লোঁ। সেইদিনা ৰাতিয়েই মই চাবুৱালৈ বুলি গাড়ীত উঠিলোঁ।

 সন্ধিয়া সময়ত মই পাগলীৰ ৰূপত মহানন্দৰ বিনাশৰ উদ্দেশ্যৰে তাৰ চহৰত ভৰি থ'লোঁ। সেইদিনা আলেঙে আলেঙে ঘূৰি মই চহৰখনৰ চাৰিওফালে ফুৰিলোঁ। মোক কোনেও গুৰুত্ব দিয়া নাই দেখাজনে ভাৱিছে আকৌ নতুনকৈ এজনী পাগলী আমাৰ চহৰলৈ আহিল। মই সেইদিনা থানাখনৰ ওচৰতেই পানী নপৰাকৈ থাকিব পৰা পুল এটাৰ তলতে থাকিলোঁ, সেইদিনা মই উপলব্ধি কৰিলোঁ পাগল নোহোৱাকৈ পাগলৰ আচৰণ কৰাটো কিমান কঠিন। লাহে লাহে সময় অতিবাহিত হৈছিল, ময়ো চহৰখনৰ মানুহবোৰৰ চিনাকি হৈ পৰিছিলোঁ। মই কিন্তু তেতিয়ালৈকে ভতিজাজনীক আৰু মহানন্দক লগ পোৱা নাছিলোঁ। কিন্তু এদিনাখন ৰাতিপুৱা মই পুলটোৰ ওপৰত বহি থাকোতে তাইক দেখিলোঁ, ওখই পাখই চেহেৰা একেবাৰে বৌৰ দৰে। মই তথা লাগি বহুত সময় চাই ৰ'লোঁ মন গৈছিল দৌৰ মাৰি গৈ যেন সাৱতি ধৰিম কিন্তু সেয়া কৰি মই তাইৰ পদ মৰ্যাদা লাঘৱ কৰিব বিচৰা নাছিলোঁ। মই নিজকে সম্বৰণ কৰিলোঁ লাহেকৈ ডায়েৰীত লিখি থ'লোঁ৷ এদিন শুনিলোঁ স্বচ্ছতাৰ কিবা আঁচনিৰ বাবে ৰাস্তা পথ সকলো পৰিষ্কাৰ কৰিব, মোৰ থকা ঠাইখিনিও আজৰি কৰাব বুলি ভাৱি মই তাৰ পৰা আঁতৰি আহিলোঁ। তাইৰো হয়তো মই দৃষ্টিগোচৰ হৈছিলোঁ লাহে লাহে, সেইদিনাই থানাত কিবা কামৰ বাবে মহানন্দ সোমোৱা দেখিলোঁ, মোৰ মনৰ সুপ্ত জুইকুৰা পুনৰ জ্বলি উঠিল। সি যোৱাৰ পিছতে মই তাৰ নাম লৈ বকিবলৈ ধৰিলোঁ যাতে তাই শুনে। কেইদিনমান বৰষুণৰ বাবে মই তিতি থকা দেখি পুলিচ ল'ৰা দুজনে মই থকা ঠাইত পাল এখন তৰি দিলে। মই সকাহ পালোঁ, তেতিয়া মোৰ লক্ষ হৈছিল মহানন্দ।

 মই প্ৰতিদিনে পুৱাই ওলাই যাওঁ, মহানন্দৰ লগত ফুৰা নিৰ্দিষ্ট মানুহকেইটামানক মই ভালদৰেই চিনি থৈছিলোঁ। সিহঁতি সদায় চহৰৰ কাষৰীয়া এখন হোটেলত বহি চাহ খাই। ময়ো ওচৰতে থাকি সিহঁতৰ আলেখ লেখ চাই ৰওঁ। সি পাষণ্ডই কেইবাটাও নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত হৈও আছিল। সেইদিনা সিহঁতি চহৰখনৰে এটা বন্ধ গোদামত চৈধ্যজনী বন্দী কৰি থোৱা ছোৱালীক পিছদিনা ৰাতিলৈ চালান দিয়াৰ কথা পাতি আছিল। মই ভালদৰে শুনি ল'লোঁ আৰু খৰধৰকৈ থকা ঠাই পালোঁগৈ তাতেই এখিলা কাগজত সেই বিষয়ে লিখি মাইনাই পোৱাকৈ থৈ আহিলোঁ। কেনেদৰে থ'লোঁ জানা, এতিয়া যদি তুমি পঢ়ি আছা গম পাইছাই ছাগৈ তুমিয়েই যে মোৰ মাইনা গতিকে তুমি বুলিয়েই কৈছোঁ দেই। সেইদিনা তুমি মৰ্ণিংক

কৰিবলৈ যোৱাৰ সময়তে হ’কাৰটোৱে পেপাৰখন দি গৈছিল, মই তাৰ মাজতে কাগজখন থৈ আহিছিলোঁ। তুমি যে পালা মই

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড