সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬

এবাৰ চাই যাম হেঁপাহেৰে। কালিলৈ পুৱাই তুমি মহানন্দৰ মৃত্যুৰ খৱৰ পাবা, তোমাৰ পিতৃ মাতৃৰ হত্যাকাৰীক মই মাৰিলোঁ মাজনী। তোমাৰ পেহীৰ মৰম ল’বা সদায় শান্তিত থাকা।

 একেৰাহে দুঘন্টা সময় ডায়েৰীখনত ডুব গৈ থকা ৰত্নাৰ চকুৰ পানীৰে ডায়েৰীৰ পৃষ্ঠা তিয়াই পেলাইছিল। তাইৰ বুকুৰ ভিতৰত অসহনীয় দুখ অনুভৱ কৰি হুকহুকাই কান্দিবলৈ ধৰিলে। কিয় পেহী, কিয় তুমি অকলে অকলে সকলো সহিলা, মই এতিয়া বহুত দুখ অনুভৱ কৰিছোঁ। তাই পেহীয়েকে দি যোৱা টোপোলাটো খুলি সকলোবোৰ বস্তু চালে, মাক দেউতাকৰ ফটোখন চাই তাই পুনৰ কান্দি উঠিল। তাই মনতে থিৰ কৰিলে মহানন্দ, তই যদিওঁ কেনেবাকৈ জী থাক তোক এইবাৰ মই সুদাই নেৰে। তেতিয়া সময়ে পুৱতি তিনি বজাৰ সংকেত দিছিল। তেনেতে তাইৰ মোবাইলটো বাজি উঠিল, চাবুৱা থানাৰ অচিজনে ফোন কৰি জনালে ৰাজনৈতিক নেতা মহানন্দ দত্ত আৰু পৃথিৱীত নাই। হঠাতে অসুস্থ হৈ তেওঁৰ মৃত্যু হ'ল। তাই তেওঁলোকক তালৈ যাবলৈ ক'লে। ফোনটো ৰাখি তাই মনতে ক'লে পেহী তুমি এইবাৰ সফল হ’লা, মই তোমাৰ এই বলিদান মই অথলে যাবলৈ নিদিওঁ। মই কথা দিলোঁ তোমাক আৰু দ্বিতীয় এজন মহানন্দৰ বাবে কোনো ৰীতা পাগলী হ’বলৈ মই নিদিওঁ। তাই থিৰাং কৰিলে পেহীয়েকৰ জীৱন পৰিক্ৰমাক লৈ তাই এখনি গ্ৰন্থ ওলিয়াব যিখন হাজাৰজনী ৰীতাৰ বাবে প্ৰেৰণা হ’ব যাৰ শিৰোনাম দিব “মই পাগলী নাছিলোঁ”। তাই পেহীয়েকৰ সম্পূৰ্ণ বিধিসম্মত কাজ কৰ্ম কৰিবৰ বাবে অলপ দিনৰ ছুটিৰ বাবে আবেদন লিখিবলৈ আৰম্ভ কৰিলে, তেতিয়ালৈ পূৱে বেলি ওলাবলৈ ধৰিছিল।




অৰ্ধ আকাশ - এগৰাকী নাৰীয়ে আন এগৰাকীক নেদেখাকৈ বুজি পোৱাৰ এক মুক্ত আকাশ..
।।
—চয়নিকা বৰগোহাঁই—

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড