পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭২

প্ৰতিদান

নয়নমণি দত্ত নেওগ


 চাওঁতে চাওঁতে বহাগেই পাবৰহি হ'লহি। তাতত গামোছাকেইখনো আধৰুৱা হৈ আছে।এতিয়াৰ পৰা আঁতৰ শালত নবহিলে বিহুত গামোছাকেইখনো নোলাবগৈ। ছেহঃ কিনো যে এলেহুৱাজনী হৈ পৰিলো আৰু এই ভৰিটো ভাল হোৱাৰ নামকে নোলোৱা হৈছে... পিৰালিতে বহি ঘুনুচাই বেঁকা ভৰিটো লৈ চাই চাই কথাবোৰ ভাবি থাকোতে আলিয়েদি চাইকেলেৰে। আহি থকা ৰমাকান্তই ঘুনুচাক চিঞৰি মাত এষাৰ দি থৈ যায়।

 : ঐ ঘুনুচা। ইমানকৈ কি ভাবি আছ ঐ...

 পিৰালিতে বহি থকা ঘুনুচাই ৰমাকান্তক উত্তৰ দিবলৈ বুলি ওপৰলৈ মূৰ তোলোঁতেই ৰমাকান্ত চাইকেলৰ টিলিঙা বজাই কিছুদূৰ পাইগৈ। তথাপিও ঘুনুচাই মনৰ মাজতে কিবাকিবি গুণগুণাই আঁঠুতে ভৰ দি উঠিবলৈ চেষ্টা কৰে...

 : মোৰনো ভাবিবলৈ কিতো আছে অ'.এই ভৰিটোৰ বাবেই মই সকলোবোৰ হেৰুৱাব লগীয়া হ'ল। মনৰ মাজত থকা দুখবোৰ জাননা তহঁতি বুজিব পাৰিবি।

 কথাবোৰ কৈ কৈ ঘুনুচাই পাছফালে লগাই থোৱা তাঁতৰ শালখনৰ কাষ চাপি গামোছা যুতিত হাত বুলাই কিবা এটা ভাবনাত বিভোৰ হৈ পৰে।

 যেন পুৰণি কিছু কথাই ঘুনুচাৰ মনত দোলা দি গ'ল।

 আজিও ঘুনুচাৰ মনত আছে ....দিহিং নৈৰ পাৰৰ বহাগ বিহুৰ মুকলি বিহু দিনা কিদৰে তাইক নৈখনৰ ইপাৰৰ মদনে তাইলৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল সেই কথা ঘুনুচাৰ আজিও বাৰে বাৰে মনৰ মাজলৈ আহি কিবা এক অজান শিহৰণে আমনি কৰিলেহি...

 : ঘুনুচা ঐ... হ’লনে তোৰ। আমি ওলাই আহিলোৱেই দেই। সকলোবোৰ চাগে আহিলেই। আহ...আহ...সোনকালে ওলাই আহ...

 লগৰকেইজনীৰ চিৰত ঘুনুচাই ৰিহাৰ আঁচলখন টানি টানি কঁকালত মেৰিয়াই ভিতৰৰ পৰা ওলাই আহে।

 ঘুনুচাৰ হাতৰ পৰা তগৰে কপৌফুলপাহ ঘুনুচাৰ খোপাত গুজি দি আটাইকেইজনীয়ে লৰালৰিকৈ বিহুতলীলৈ বুলি খোজ আগবঢ়ায়।

 ঢোল-পেঁপাৰ লহৰত সকলোৱে আনন্দত মতলীয়া হৈ আতঁৰৰ পৰাই নাচি থকা দেখি ঘুনুচাহঁতে এইবাৰ ৰ'ব নোৱাৰি প্ৰায় দৌৰি অহাদি আহি বিহুতলী পাই উলাহত নাচিবলৈ ধৰে। কিছুসময় নাচি থকাৰ মাজতেই ঘুনুচাৰ হাত এখনত কোনোবাই থাপ মাৰি ধৰি ভিৰৰ জুমৰ পৰা তাইক টানি নি একেকোবে বাহঁনি এডৰালৈ লৈ যোৱাত ঘুনুচাৰ হঠাতে বুকুৰ ঢপঢ়পনি বাঢ়িবলৈ ধৰোতেই তাই চিনাকি মুখখনি দেখা পাই ঘুনুচাৰ পলকতে সেই বুকুৰ ঢপঢ়পনি কমি নোহোৱা হৈ পৰিছিল যদিও তাই মদনক দেখি এক লাজৰ আৱৰণে বেৰি ধৰিছিলহি।

 : এইই....কি হ’ল। চাওঁ এইফালে... লাজত তলমূৰ কৰি থকা ঘুনুচাৰ থুতৰিত ধৰি মদনে

 : চাওঁ এইফালে। আজি মোলৈ ইমানকৈ তোৰ লাজ লাগিব লাগেনে? মই জানো তোৰ আপোন নহয়? চাচোন এবাৰ মোলৈ। সিদিনাখন মই গোবিন্দৰ হতুৱাই তোলৈ চিঠিৰ মাজেদিয়েই মোৰ মনৰ কথা প্ৰকাশ কৰিছিলোঁ।

 ঘুনুচাই লাজ লাজ ভাৱে তলমূৰ কৰি ৰিহাৰ আঁচলখনৰ দহিকেইডাল লিৰিকি-বিদাৰি থাকে।

 : মই তোক আজীৱ নিজৰ কৰি ল'ব বিচাৰোঁ ঘুনুচা। তই মোৰ লগ দিবিনে?

 : মই ...কি ক’ম। অতদিনেটো তোৰ কথাই ভাবি আহিছোঁ। ল'ৰালিৰ কালৰ পৰাই তোক মোৰ মন সঁপি আহিছিলোঁ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড