পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭১

কয়, যাবা যাবা। কিন্তু বহুদিন মিলালেও কিবা অজুহাতত সেয়া হৈ নুঠেগৈ।

 এবাৰ গৰম বন্ধত ল'ৰা-ছােৱালী দুটাৰ টিউচনৰ শিক্ষকে প্রথম দহ তাৰিখলৈকে নকৰাে বুলি কোৱাত মই প্রথমেই মাৰ ঘৰলৈ বুলিয়ে ওলালাে। ভণ্টীও আহিব লগ পাম। দুদিনৰ পৰাই প্রস্তুতি চলাই গৈও মই দুদিন পিছতে এক অস্থিৰতাত ভুগিছিলাে। মাৰ সেই অস্থিৰতা মাৰ সেই কথােপকথন মােৰ মুখত উচ্চাৰিত হ'বলৈ ধৰিলে। সােনকালে উভতিবলৈ খদ দম্ লগালোঁ।

 সেয়ানাে কিমান দিনৰ কথা ।এতিয়া আমাৰ ছােৱালীজনীৰাে বিয়া হ'ল। কলিকতাত এটা মাল্টিনেচেনেল কোম্পানীত চাকৰি কৰি থকা জোঁৱায়ে বিয়াৰ দুদিন পাছতে কলিকতালৈ লৈ গ'ল। প্রথমবাৰ বন্ধত ঘৰলৈ আহোঁতে জোঁৱাই আহিছিল, পাঁচদিনৰ চুটিত। সেয়েহে দুয়ােটাই জোঁৱাইৰ নিজৰ ঘৰত থাকিলহি তিনি নিশা আৰু আমাৰ ঘৰত দুনিশা। মাজনী আমাৰ ঘৰত থাকিল সম্পূর্ণ এমাহ। শহুৰ শাহুৱেকলৈ ফোন কৰাহে শুনাে। কিন্তু এদিনাে তালৈ যােৱাৰ কথা তাই নক’লে। কলিকতালৈ যােৱাৰ আগদিনাহে এপাক মাৰি আহিছিল। দ্বিতীয়বাৰ আহোঁতেও তাত থাকিল এসপ্তাহ। আমাৰ ইয়াত প্রায় দেমাহ। এইবাৰ আহােতেতাে মাজনীৰ সন্তানটি পানীকেঁচুৱা। জোঁৱাই আৰু মাজনী নিজৰ ঘৰত দহদিনমানহে থাকিল। জোঁৱাই গ'লগৈ। মাজনী আমাৰ ঘৰতে তিনিমাহমান থাকি কেঁচুৱাটি হাতত লগা টনটনীয়া কৰি শহুৰেকৰ ঘৰলৈ গ'ল। ময়াে গৈছিলাে লগত। যােৱাৰ দুদিন মানৰ আগতেই মাজনীক কৈছিলাে, আজিয়ে যাওঁ বলা, কেঁচুৱা লৈ মাত্র এনিশা থাকি পিছদিনাই কলিকতালৈ গুচি গ'লে তেওঁলােকে বেয়া পাব পাৰে।

 — একো নহয় মা কিয় বেয়া পাব। মইতাে ফোন কৰিয়ে আছে, বাবাটোৰ খবৰ জনায়ে আছে। তােমাৰ সহায়ত যাতে বাবাটোৰ ভাল যত্ন ল'বলৈ শিকো তাৰ বাবেহে নিজৰ ঘৰত আচোহি। তেওঁলােকৰ ডােনাওচোন কেঁচুৱা হওঁতে নিজৰ ঘৰত পাঁচমাহ আছিলহি।

 মাজনীয়ে কোৱা তেওঁলােকৰ ডােনা’ ‘নিজৰ ঘৰ’ এই শব্দই মােৰ বুকুত খুন্দিয়ালে। ডােনা মাজনীৰ একমাত্র নন্দে। দুয়ােজনীৰ মাজত ভাল আন্তৰিকতাও আছে। তথাপিতাে ডােনা মাজনীৰ নিজৰ হােৱা নাই। ঘৰখন শহু শাহুৰৰ সকলাে তৃতীয় পুৰুষত। কিন্তু সম্বন্ধবােৰচোন ঠিক আছে বােৱাৰী, নাতি, বৌ, ভতিজা মাকৰ ঘৰত আছেগৈ বুলি কাৰাে হুমুনিয়াহ, হা-হতাশ নাই। মাজনীৰ নিজৰ ঘৰৰ ধাৰণা মােৰ মাৰ দৰে নাই। নাই আমাৰ দৰে অস্থিৰতা ঘৰ এখনৰ বাবে।

 কেনেকৈ হ'ব সিহতৰ এই অস্থিৰতা। সিহঁততাে নিজৰ ঘৰ এখনৰ বুকুত থাকিবলৈকে নাপায়। কলিকতাৰ ফ্লেটটো, শহু-শাহুৰ ঘৰখন,আৰু জন্মহােৱা ঘৰখন কোনােটো যেন ইহঁতৰ স্থায়ী ঠিকনা নহয়। ইহঁত যেন ঘৰ এখনৰ বুকুত নাথাকে, ইহঁতৰ বুকুতহে যেন ঘৰ থাকে।




অৰ্দ্ধ আকাশ, জীৱন দলিচাৰ অন্য এক নাম; য'ত সপােনবােৰ পাহি মেলে।
।।
—বিদ্যা ৰাণী নেওগ—

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড