পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

খেদি তাইৰ ওচৰ পায়গৈ। ধুমুহাজাক আহিবলৈ বেছি সময় নাই। এটোপাল দুটোপাল বৰষুণে খৰ খোজেৰে আগবঢ়া ষ্টেলাক স্পৰ্শ কৰিছে। মুষলধাৰ বৰষুণ অহাৰ আগতে তাই ঘৰ পাবগৈ লাগিব। তাই দৌৰিবলৈ ধৰে। পিছে পিছে ৰবাৰ্ট। দীঘল দীঘল খোজেৰে সি তাইৰ পিছ লৈছে।

 ‘স্টপ আই চে। ষ্টপ ইউ বিচ্ছ্‌।’

 হঠাতে কিহবাত উজুটি খাই ষ্টেলা পৰি গ'ল। তাইৰ মুখখনে বালিত থেকেচা খালে। শিলত তাইৰ সোঁ আঠুটো চোচৰা খালে। তেজ ওলাবলৈ ধৰিলে তাইৰ আঠুটোৰ পৰা। আন্ধাৰত তাই তেজখিনিৰ ৰং দেখা নাই কিন্তু তাইৰ ভৰিখন তেজেৰে তিতি যোৱাটো তাই অনুভৱ কৰিছে।

 নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰিয়ো ষ্টেলা থিয় হ'ব পৰা নাই। ৰবাৰ্টে দৌৰি আহি তাইৰ কাষ পাইছে। তাইক টানি ধৰি উঠালে সি। সেভৰিখনৰ আঘাতৰ বাবে তাই পোনহৈ থিয় হ'ব পৰা নাই। বেঁকা হৈ ৰ'বলৈ চেষ্টা কৰি থকা লোক সেই মুহূৰ্ততে ৰবাৰ্টে এটা প্ৰচণ্ড চৰ মাৰিলে। তাই আকৌ বালিৰ ওপৰত বাগৰি পৰিল।

 : তোক কৈছিলো নে মই, আজি তই মোৰ লগত যাব লাগিব বুলি?

 : মই নাযাওঁ।

 : হাৰামজাদী। তোক মই চোঁচৰাই লৈ যাম।

 ৰবাৰ্টে ষ্টেলাক প্ৰায়ে এনেকৈয়ে সম্বোধন কৰে। তাৰ ব্যৱহাৰত তাইৰ এনেকুৱা লাগে যেন তাই তাৰ কিনা গোলামহে।

 ষ্টেলাৰ বাপেকৰ এখন নাৱ আছিল। ডাঙৰ মাছমৰীয়া নাৱ। সেইখন সাগৰত মেলি কষ্ট কৰাহেঁতেন সিহঁতৰ ঘৰখন ভালকৈয়ে চলিলেহেঁতেন। কিন্তু মদৰ নিচাত ডুবি থকা ষ্টেলাৰ বাপেকে কাম কাজ নকৰি তেনেকৈয়ে বছৰবোৰ পাৰ কৰিলে। ঘৰৰ পৰা এপদ এপদকৈ বস্তু নোহোৱা হ'ল। খোৱা বোৱাৰ টনাটনি। লগতে স্টেলা আৰু তাইৰ মাকৰ ওপৰত বাপেকৰ চৰ, কিল, ভুকু।

 কি কৰিব, ক'লৈ যাব, একো ধৰিব নোৱাৰি ষ্টেলাই এদিন নিজেই বীচ্ছত ‘পোহা’ বিক্ৰী কৰিবলৈ আৰম্ভ কৰি দিছিল। এনেকৈয়ে এদিন তাইৰ ওপৰত চকু পৰিছিল ৰবাৰ্টৰ। ৰবাৰ্টে সুযোগ বুজি তাইৰ বাপেকৰ হাতত টকা এসোপা গুজি দিছিলগৈ সহায় কৰাৰ চলেৰে। কিন্তু প্ৰকৃততে তাৰ উদ্দেশ্য আছিল বেলেগ। তাইৰ বাপেকক দিয়া টকাৰ বিনিময়ত ৰবাৰ্টে সিহঁতৰ নাৱখন বন্ধকত লৈছিল। সিহঁতৰ পৰিয়ালৰ মূল উপাৰ্জনৰ আহিলাটো এতিয়া আছিল ৰবাৰ্টৰ দখলত।

 সি জানিছিল যে সময়ত ষ্টেলাৰ বাপেকে টকা ঘূৰাই দিব নোৱাৰিব। ইতিমধ্যে নাৱখনো পুৰণি হৈছিল। সি কৈছিল যে উৱলি যোৱা নাৱখন তাৰ একো কামতে নাহে। গতিকে টকা যদি ঘূৰাই দিব নোৱাৰে তেন্তে তাক কামত অহা কিবা বস্তু এটাহে লাগে। তাক ষ্টেলাক লাগে।

 তেতিয়াৰ পৰাই ষ্টেলা তাৰ অধীন।

 ষ্টেলাহঁতৰ ঘৰখনৰ শেষ নোহোৱা অভাৱবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। ৰবাৰ্টে তাইৰ বাপেকক বিনা পইচাত মদ খাবলৈ দিয়ে। মদৰ নিচাত বাপেকটো দিনে-ৰাতি লাং খাই পৰি থাকে। ৰবাৰ্টৰ মুখলৈ সি চাই থাকে পইচাৰ বাবে।

 : ঘৰৰ বস্তু কি আছে মোক বেচিব পৰা তহঁতৰ?

 : একো নাই।

 : পইচা ধাৰলৈ নাপাৱ। আগৰবোৰেই ঘূৰাই নিদিলি আজিলৈকে।

 : নোৱাৰো ঘূৰাই দিব।

 : পইচা লাগে যদি কিবা বেচ।

 : কি বেচিম? একো নাই মোৰ।

 : জীয়েৰ আছে দেখোন। তাইক বেচ।

 : ল ল লৈ ল। টেক ষ্টেলা। মোক মদ লাগে। মদ দে। পইচা দে। যা তাইক লৈ যা।

 ষ্টেলাক বাপেকে বেচিছিল ৰবাৰ্টলৈ। তেতিয়াৰ পৰাই নিচা লগা ৰাতিবোৰত তাই গুচি যাব লাগে তাৰ লগত।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড