পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৩

সময়। সেই সময়ৰ ম্যাদ উকলি গ'ল। সেয়েহে হয়তো তাইৰ প্ৰতি প্ৰাঞ্জলৰ নৰম ব্যৱহাৰ, যত্নবোৰ দেখিলে কিছু কিছু সময়ত দুৰ্বল হৈ পৰিছে তাই। দোষী দোষী ভাৱেৰে তাইৰ কাষত ৰোৱা প্ৰাঞ্জলক কথাৰে আঘাত দি ঠিকেই আসুৰিক তৃপ্তি পায়, কিন্তু তাৰ অনুপস্থিতিত কিঞ্চিত হলেও শূন্যতা অনুভূত হয় তাইৰ। প্ৰাঞ্জলৰ সতে বিচ্ছেদৰ ভাৱনাই তাইকো জৰ্জৰিত কৰি পেলাইছে। এটা সামাজিক বান্ধোনৰ শক্তি ইমানেই বেছি নে?

 নাই! তাইৰ শক্তি নাই এই বান্ধোন ছিঙিবলৈ। যদি এই সংকোচ, এই অসামৰ্থতা এক নতুন আৰম্ভণিৰ সংকেত হয়, তাই আপত্তি নকৰে। জনাব তাই বৰুণক। ক্ষমা খুজিব দৰকাৰ হলে তাই তাক। নকৈ সপোন দেখক বৰণে। তাক আৰু নাটানে তাইৰ জীৱনৰ জটিল সূত্ৰবোৰলৈ। মূল্যহীন নকৰে তাই বিবাহনামৰ পৱিত্ৰ সম্পৰ্কটোক। দায়বদ্ধ তাই সন্মান কৰিবলৈ। হোৱা উচিত। হৃদয়ৰে সন্মতও পাৰিজাত। এই বান্ধোন ভাঙিব নোৱাৰাৰ কাৰণ এয়া নহয় যে তাই দুৰ্বল। এই বান্ধোন ভাঙিব নোখোজাৰ কাৰণ এয়াই যে তাই সাহসী নিজ সিদ্ধান্তক গ্ৰহণ কৰি সম্পৰ্কটোৰ প্ৰতি দায়বদ্ধ হ’বলৈ। প্ৰাঞ্জলৰ এটা দোষ আৰু তাইৰ ভুলৰ পৰিণাম এই সম্পৰ্কটোক ভূগিবলৈ নিদিয়ে তাই। শেষ হৈ যাওক সকলো ক্লেশ-কানিমা অনুশোচনাৰ জুইত। শেষ হৈ যাওক সকলো খং-বিৰাগ। আৰম্ভণি হওক এই সম্পৰ্কৰ নকৈ। দায়িত্ববোধেৰে, শ্ৰদ্ধাৰে, সেহেৰে। যি নীড় স্নেহ, আদৰেৰে সজা হয়, তাত জানো ভালপোৱাৰ বসতি নহ'ব কোনোদিন? সেই প্ৰেমৰ অংকুৰণৰ বাবে এটা সুযোগ দিব তাই।

 দীঘলকৈ উশাহ এটা টানিলে পাৰিজাতে। গধূৰ বোজা এটা যেন বুকুৰ পৰা নামি গ'ল! মজিয়াত থকা ডিভোৰ্চ পেপাৰকেইখনলৈ চালে তাই। আৰু দুহাতেৰে তুলি লৈ হাতেৰে লাড়ু এটা কৰি কোঠাৰ এচুকত থকা ডাষ্টবিনলৈ নিক্ষেপ কৰিলে। এয়াই শেষ সকলো বিভ্ৰান্তিৰ। আৰু নহয়।

 বহুদিনৰ পিছত ফুটো-নুফেঁটোকৈ সন্তুষ্টিপূৰ্ণ প্ৰশান্তিৰ হাঁহি এটাই আহি তাইৰ ওঁঠত স্পৰ্শ কৰিলে। দুচকুৰ পতা জপাই প্ৰাঞ্জলৰ ছবিখন কল্পনা কৰি মিচিকিয়াই উঠিল তাই। অকৃত্ৰিমতাৰে।




অর্দ্ধ‌আকাশৰ মজিয়াত মই বেছি দিনৰ পুৰণি নহয় যদিও এই মজিয়াখন যেন আমাৰ বাবে
এক মুকলি মঞ্চ,
য’ত কোনো সংকোচ নাই হাঁহি ফুৰ্তি চিৰিয়াচ বিষয় প্ৰতিভা বিকাশ কিযে নাই ইয়াত!
| |
—বিজুমণি শইকীয়া—

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড