পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ

তাৰ অপমান। কাপুৰুষালি। ঘৃণাভৰা দৃষ্টি নিজৰ ওপৰত লৈ প্রেম যাচিব নােৱাৰি; সময়ৰ লগে লগে সি ঠিকেই বুজি উঠিছিল। এদিন শুনিছিল বৰুণৰ সতে কথােপকথনাে ! তাৰ আগত কঠোৰ হৈ থকা পাৰিজাত বৰুণৰ সন্মুখত লেহুকা লতা এডালৰ দৰে লেতুসেতু হৈ পৰা দেখি নিজকে ধিক্কাৰ দিছিল সি। সিযে নােৱাৰিলে পাৰিজাতৰ আৱেগবােৰ প্ৰকাশৰ বাবে যােগ্য ব্যক্তি এজন। হ’ব। কি হৈ ৰ'ল সি? এক নামহীন লােক? অস্তিত্বহীন উপস্থিতি।

 সিদিনাৰ কথােপকথনতেই বিবাহ বিচ্ছেদৰ বিষয়ে শুনা পাইছিল সি। ফোনৰ সিমূৰত বৰুণে কি কৈছিল সি নাজানে। পাৰিজাতক মুক্ত কৰিবলৈ অংগীকাৰবদ্ধ হৈছিল সি। গুচি যাওক তাই ইমান কষ্টত থকাতকৈ। এশ শতাংশই দোষী সি তাইৰ। তাই আঁতৰি গৈ বৰুণৰ লগত সুখী হৈ ৰােৱাটো তাৰ বাবে নগণ্য শাস্তি। বিয়াৰ আগতেই যদি সি বুজি পালেহেঁতেন কথাবােৰ? কাহানিও নাৰীৰ সংস্পৰ্শলৈ আহি নােপােৱা, সম্পর্কবােৰক অনুভৱ কৰিব নােৱাৰাৰ বাবে সি স্বার্থপৰ হৈ পৰিছিল। এতিয়া আৰু নহয়!

 ডিভাের্চ পেপাৰখন হাতত লৈ হতভম্ব হৈ ৰ'ল পাৰিজাত। প্রাঞ্জলে পুঁজি থৈ গৈছে এইমাত্র তাইৰ হাতত। এইমাত্রই বৰুণে ফোন কৰিছে। মিছড় কল হৈ ওলমি ৰৈছে তাৰ নাম মােবাইলৰ স্ক্রীণত। আহি ঠাহ খাইছেহি কেবাটাও মেছেজ-

 “কণিহঁতৰ ঘৰলৈ যাব কাইলৈ মাহঁত।”

 “তােমাৰ কথা কোৱাৰ পাছতাে তেওঁলােক আঁকোৰগােজ। ময়াে আঁকোৰগােজ মােৰ সিদ্ধান্তত।”

 “মই তােমাৰ লগত আছে।”

 “একো নােকোৱা কিয় তুমি?”

 এহাতে বৰুণৰ দাবী আনহাতে প্রাঞ্জলৰ নীৰৱ আত্মসমর্পণ। এহাতে বৰণ, এহাতে প্রাঞ্জল।

 পুনৰ বৃত্তৰ বুকুত ঘূৰি ঘূৰি পাঁচবছৰৰ আগলৈহে ঘূৰি গ'ল যেন তাই! একেই পৰিস্থিতি। পার্থক্য মাথোঁ ইমানেই যে তেতিয়া বৰুণে তাইৰ আৱেগ গধুৰ কথাবােৰৰ সন্মুখত আত্মসমর্পণ কৰিছিল, আজি প্ৰাঞ্জলে।

 পাত্র দুজন বেলেগ হ'ল। বুকুত বিষটো কিয় একেবাৰেই একে !!

 : নীৰৱতাৰ সময় শেষ হ’ল পাৰিজাত। তােমাৰ আধৰুৱা কামখিনি ময়েই কৰি পেলালোঁ। - কৈ কৈ খামৰ পৰা কাগজবােৰ ওলিয়াইছিল সি।

 : ডিভাের্চ পেপাৰ্ছ। চহী কৰা আছে মােৰ। আশা কৰোঁ আজি প্ৰথমবাৰৰ বাবে তুমি মনেবিচৰা কিবা এটা দিব পাৰিছোঁ। সুখী হ’বা তুমি নিশ্চয়ই।

 কাগজখন হাতলৈ আনি প্রাঞ্জলৰ চহীটোলৈ চালে তাই। হাতফুৰাই দিলে তাৰ ওপৰেৰে আলফুলেৰে।

 নাই। নাই। তাই সুখী নহয়। নহয় তাই সুখী। তাইৰ হাতত আজি সৰগৰ মাণিক আহি সৰাদি চাৰে পাঁচবছৰীয়া

 বান্ধোনৰ পৰা । চুক্তিপত্র আহি পৰিছেহি। এই মাণিক খামুচি লৈও তাই নহয়। কিয়? কিয়? স্বইচ্ছাৰে তাইৰ ডেউকাখন ওভােটাই দিয়াৰ পাছতাে কিয় উৰিব খােজা নাই তাই??

 উচপ খাই উঠিল পাৰিজাত তাইৰ মােবাইলৰ শব্দত। বৰুণৰ উপর্যুপৰি ফোন। ৰিচিভ কৰিবলৈ পােৱাৰ লগে লগেই গালি কিছুমান ছিটিকি আহিল বিপৰীত কোণৰ পৰ। সৰহভাগেই তাইৰ নির্বিকাৰ মনােভাৱ লৈ আপত্তি, অনিশ্চয়তাত ৰখাৰ বাবে খং.. শেষত তাইলৈ ৰৈ নাথাকি বেলেগৰ লগত বিয়া হৈ যােৱাৰ অভিমানী ভাবুকি।-প্রতিক্রিয়াহীন ভাৱে ফোনটো থলে তাই সকলাে শুনি লৈও। তাৰপাছত বুৰ গ'ল অটল ভাৱনাত।

 সময়ৰ লগে লগে মানুহৰ পছন্দ অপছন্দ, অগ্রাধিকাৰ এইবােৰাে সলনি হৈ পৰে নেকি? হয়তাে হ'ব পাৰে। সম্পর্ক পৰিৱৰ্তিত ৰূপে দায়বদ্ধ কৰি তােলে মানুহক। এটি বান্ধোনৰ মাজত কেৱল আনুষ্ঠানিকতাইতাে নাথাকে। থাকে দায়িত্ব। থাকে আশীর্বাদ। সমজুৱা আশীর্বাদ শিৰত লৈ আৰম্ভ কৰা এই বান্ধোন কেনেকৈ টিলিকতে ওফৰাই দিয়ে পাৰিজাতে।

 বহি পৰিল তাই মজিয়াতে। তাইতাে কোনেও বাধ্য কৰা নাছিল এই সম্পর্কত বান্ধ খাবলৈ । নিজ কণ্ঠ নিজেই ৰােধ কৰি বিয়াত বহিছিল তাই। তাই দৃঢ় হৈ ৰােৱাহ’লে জানাে কাৰােবাৰ শক্তি হ'লহেঁতেন তাইক এটা প্রেমহীন সম্পৰ্কত বান্ধিবলৈ । প্রাঞ্জলৰ যদি দোষ আছিল, তেন্তে তাইৰ দোষােতাে কম নহয়। হৃদয়ৰ সিদ্ধান্তবােৰ সঠিক সময়ত গ্রহণ নকৰিলে সময়ৰ ম্যাদ

পাৰ হৈ যােৱাৰ পাছত সেয়া কেৱল ভুল সিদ্ধান্তৰূপে পৰিগণিত হয়। জীৱন যাত্ৰাৰ যাত্ৰীক তাই। যাত্রাপথত এৰি আহিছে সেই

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড