পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬৪


আঐ দেহী


লখিমী কোঁৱৰ হাজৰিকা


 মাকৰ গৰ্ভতে সোনপাহীৰ কেনেকৈনো আঐ দেহী বেমাৰটো লাগিল, সোনপাহীয়ে নিজেই গম নাপালে। অকণমান তাই ডাঙৰ হোৱাৰ পৰাহে তাইক দেউতাকে তাইক কবলৈ ধৰিলে “আইজনী অ তইয়ো মাৰৰ দৰেই হলি আৰু! মাৰে আঐদেহী কৰি কৰি মোক তেনেই ভীখাৰী কৰিলে। মাৰে দুখীয়া মানুহ দেখিবহে লাগে আগপিছনাভাবি দৰমহাৰ পইচা দি দিব। ভীখাৰী দেখিলেই আঐ দেহী কিমান দিন বা ভালকৈ এসাজ খোৱা নাই বুলি মুৰ্গী মাৰি ভাত খুৱাব। নতুন ব্লাউজ এটা কিনি দিমহে কেইদিনমান পাচত দেখিম কোনো বা মগনীয়া এজনীৰ গাত। বুজিছ সোনপাহী মাৰে যদি মোলৈকো চাই কলেহেতেন আঐ দেহী এটা মানুহে আৰ্জিছে চাই চিতি খৰচ কৰোঁ, নাই মাৰৰ অলপো মোলৈ দুখ নাই! তই তেনে নহবি অ আই। পিচে মাকৰ তেজ হে, সোনপাহী মাকৰ দৰেই হ'ল। তাই সৰুতে যেতিয়া দেখে পৰুৱা বোৰে বৰ কষ্ট কৰি ডাঙৰ পাত এখিলা টানি টানি গাতলৈ লৈ যায় সোনপাহীৰ বৰ দুখ লাগে তাই পাত খিলা লৈ পৰুৱাৰ গাতৰ মুখত থৈ আহেগৈ। পৰুৱা বোৰে ভয় খাই পাতটো তাতে এৰি গুছি যায়, ফলত গোটেই দিনটো সোনপাহীৰ চকুপানী ওলাই থাকে। পাচলৈ এই আঐ দেহী স্বভাৱ টোৰ কাৰণেই সোনপাহীয়ে জোলোকা জোলুৰ্কীকৈ পানী খালে। পাচত অলপ গাভৰু হলত তাই প্ৰেমত পৰিল। কেও কিছু নোহোৱা দুখীয়া ল'ৰা এটাক তাই হিয়া উজাৰি ভালপালে। পিছে দুবছৰ মান পাচত হে তাই গম পালে তাইৰ লগৰ গোটেই কেইজনীৰ লগতে সি সমানে প্ৰেম খেলে। ইজনীক সিজনীৰ কথা সিজনীক ইজনীৰ কথা লগাই সবৰে সমন্ধ বেয়া কৰি সি মাজতে দুৰন্ত প্ৰেমিক হৈ প্ৰেম প্ৰেম খেলি থাকে। সোনপাহীয়ে এইবোৰ গম পায় কান্দি কাটি নিজেই আঐদেহী জনী হল। মনৰ দুখতে দেউতাকে চাই দিয়া দৰাৰ লগত বিয়াত বহিল। দৰাও চোকা টেকেলা নিজৰ কাৰণে একো নীতি-নিয়ম নাই কিন্তু সোনপাহীৰ ওপৰত সংসাৰৰ নিয়ম জাপি দিলে। সোনপাহীয়ে এটা কথা ভালদৰেই বুজিলে যে হলা গছ দেখিলে সবেই কুঠাৰ মাৰে। অকল যে মানুহেই আঐদেহী ৰ ফায়দা উঠাই এনে নহয় পশু পক্ষীয়েও সুবিধা লয়। এদিন কল একাশী বেচি কৈ পকি যোৱাত সোনপাহীয়ে গেটৰ বাহিৰত গৈ গৰু এজনীক খুৱাই থৈ আহিলগৈ। সেই দিনাৰ পৰা গৰু জনী গেটৰ ওচৰৰ পৰা লৰচৰ নকৰা হল। অসীম ধৈৰ্য শক্তিৰ পৰিচয় দি গেটৰ বাহিৰৰ পৰা সোনপাহীলৈ চাই থকা হ'ল। লগতে গেটৰ বাহিৰত গোবৰ কৰি কৰি সোনপাহীৰ আৰু কাম বঢ়ালে। শালীকী দুজনী মানকো ৰাতিপুৱাতে চাউল খাবলৈ দি এতিয়া তাই সিহঁতৰ উৎপাতত থাকিব নোৱাৰা অৱস্থা স্বামী দেৱতাৰ লগতো এই স্বভাৱটোৰ পৰাই কভী খুছি কভী গম কৈ জীৱন কটাইছে। সিদিনা বিহুৰ দিনা খন তাই কম লাজ পালেনে? বিহুৰ দিনা ৰাতিপুৱাতে উঠি সোনপাহীয়ে দেখিলে যে স্বামীয়ে এক চৰিয়া হালধি পিচি সবেই গা ধুবলৈ ৰেডী কৰি থৈছে। সৰু বোৱাৰীৰ পানী কেঁচুৱা তাইৰ হালধি লগোৱাৰ প্ৰশ্নইনাহে। সৰু লৰাটোৱে হালধি লগাই গা ধুবলৈ বৰ এটা ভাল নাপায়। সেইয়ে সোনপাহীৰ গিৰিয়েকলৈ মৰমতে দুখ লাগি গল। আঐ দেহী বুলি তাইয়ে হালধিৰ চৰিয়াটো লৈ গা ধোৱা ঘৰত সোমাল। গোটেই চৰিয়া হালধি ঘঁহি জন্দিচ বেমাৰীজনীৰ দৰে হৈ ওলায় আহিল। তাৰ পাচত সোনপাহীলৈ চাই সবৰে ফিচিঙা ফিচিঙি হাঁহি।তাই দুপৰীয়ালৈকে তাই যিহকে চোৱে সেইটো বস্তুৱেই হালধীয়া হল। গিৰিয়েকৰ কোটোহা কোটোহি চাৱনিত তাই আকৌ চাবোনৰে গা ধুই আহিল। এইবাৰ তাই নিজেই আঐ দেহী হ'ল সকলোৰে দৃষ্টিত। স্বামীয়েও সোনপাহীৰ ধুনীয়া বান্ধৱী গৰাকীক সহায় কৰিবলৈ পায় নথৈ আনন্দিত হল। লাহে লাহে হা কথাই না কথাই যাওতে যাওতে সোনপাহীৰ স্বামী বেচি সময় বান্ধৱীৰ ঘৰতে থকা হ'ল। এতিয়া সোনপাহীয়ে অকলে অকলে চকুপানী টুকি ভাবে আচলতে কাৰ গিৰিয়েক টুকাল তাইৰ নে তাইৰ বান্ধৱীৰ। বিধৱা বান্ধৱীৰ দোৰ্ঘোৰ প্ৰেমৰ পৰা সোনপাহীয়ে স্বামীক কেনেকৈ ঘূৰাই আনিব ভাবি ভাবি পাৰ পোৱা নাই। ঘৰ খনৰ বজাৰ সমাৰ, ল'ৰা-ছোৱালীৰ পঢ়াশুনা এই সকলো বোৰ অকলে অকলে সোনপাহীয়ে চাব লগীয়া হৈছে। আঐ দেহী স্বভাৱ টোৱে এতিয়া সোনপাহীকে আঐ দেহী কৰি পেলালে। আইতাকহঁতে এনেয়ে কৈছিল নে বাটৰ কচু গাত ঘঁহিব নাপায় বুলি।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড