পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০

মৰমী কাৰ্বি আংলং।

 ল'ৰা-ছোৱালীহঁত তাইৰ লগত সহজ হৈ পৰিল। সিহঁতে বাইদেউ জনীক খুব পছন্দ কৰিলে। সিহঁতৰ কোঠাটোৰ মজিয়াখন আছিল কেঁচা। তাতে জাৰত কঁপি থকা ল'ৰা-ছোৱালীবোৰৰ ভৰিত মোজাও নাছিল। মিৰদানে হেডছাৰক কৈ কোঠাটোৰ সোঁমাজত জুই একুৰা ধৰিলে আৰু আটাইবোৰে জুইৰ সেঁক লৈ কথা পাতিবলৈ ধৰিলে। তাই বিচাৰিছিল, সিঁহতবোৰ যাতে তাইৰ লগত সহজ আৰু নিসংকোচ হওক।

 কথাই কথাই কোনে কোনে ডাঙৰ হ'লে কি কি হ’ব ক'লে। বিদ্যা সিঙে ক'লে, মই ডাঙৰ হ'লে বিয়া পাতিম। এক্টাহে পোৱালি থম আৰু তাকে ইচকুল আইভ কাৰণে এক্টা চাইকেল ভি কিনি দিম। মিৰদানৰ লগতে আটায়ে হাঁহি দিলে। কিন্তু সি গহীন হৈয়েই ৰ'ল।

 বাছাপীয়ে ডাঙৰ হৈ মা হ'ম বুলি ক'লে। শুনাত সাধাৰণ অথচ গভীৰ জীৱন বোধ থকা উত্তৰ বোৰে তাইক চমকৃত কৰিলে। তাই বুজিলে, এই ল'ৰা-ছোৱালীহঁতৰ পৰা তাইও বহুত শিকিব পাৰিব।

 এসময়ত আটাইবোৰে শাৰী পাতি ৰান্ধনিঘৰলৈ গ'ল। চাৰলংকিৰ কাষতে সৰু সৰু চকুৰে জাপানী পুতলাৰ দৰে হেমাৰী বহিল। ষ্টিলৰ থালত গৰমে গৰমে বাঢ়ি দিয়া মূলা বন্ধাকবি আৰু আলুৰে ৰন্ধা খিছিৰীখিনিত এচেলেক মাৰিয়েই সি চাৰলংকিক ক'লে, “মই বাইদেউক বিয়া পাতিম।”

০০ ০০ ০০

 সেইদিনা আছিল দেওবাৰ। এটা ধুনীয়া ৰ’দঘাই পুৱা। আৰাত পকা জলকীয়াবোৰ খাবলৈ এজাক ভাটৌ চৰাই চাৰলংকিৰ মূৰৰ ওপৰেদি উৰি গ'ল। মাকে তাক বন্ধাকবিৰ জোল আৰু পানীপিঠা খাবলৈ বাৰে বাৰে মাতি থকাৰ পাছতো সি চোতালতে ৰ লাগি উৰি যোৱা ভাটৌ জাকলৈ চাই ৰ'ল।

 মাকে কেইবাবাৰো মাতিও তাৰ মাতবোল নুশুনি বাহিৰলৈ ওলাই আহিল আৰু তন্ময় হৈ থকা ল'ৰাটোৰ মূৰত হাত ফুৰাই ক'লে,“সোণ টো অ’! আজি মই সোনকালে বজাৰলৈ যাব লাগিব নহয়। এতিয়া আৰাৰ পৰা শাক পাছলিবোৰ আনিব। পাৰিলেহে বজাৰলৈ সোনকালে যাব পাৰিম। বল খাই বৈ আজৰি কৰি দে গৈ”

 খাই থাকোতে চাৰলংকিয়ে ক'লে, পাই! আজি ময়ো তোৰ লগত আৰালৈ যাম। আমাৰ মিৰদান বাইদেৱে কৈছে নহয়, আমি বোলে সৰু সৰু কামবোৰত ডাঙৰক সহায় কৰি দিব লাগে। হুণমিলিয়ে হাঁহি দিলে। আজিকালি ল'ৰাকণে শয়নে সপোনে কেৱল মিৰদান বাইদেউৰ কথাকেই কৈ থাকে। বাইদেউৰ কথা শুনি শুনি আজিকালি হুণমিলিৰ এনেকুৱা লগা হ'ল যেন মিৰদান নামৰ মৰমলগা গাভৰু এজনী তাইৰ ওচৰে পাজৰে ঘূৰি ফুৰিছে!!

 আৰালৈ যাবৰ পৰত কাদমেনাতিয়েকক ক'লে,পিঠাগুড়ি দি কুকুৰা মঙহ সিজাইছো দেই কাবু! সোনকালে আহিবি। মাৰক আমনি নকৰিবি। চাৰলংকিয়ে একো নেমাতিলে। এই গামবুৰী জনীয়ে হয়তো গমেই পোৱা নাই যে আজিকালি সি আগতকৈও বেছি ভাল ল'ৰা হৈ গ'ল। মিৰদান বাইদেৱে সিহঁত চবকে বৰ ভাল ল'ৰা-ছোৱালী বুলি কৈছে আৰু সিহঁতেও আগতকৈ বেছি ভাল হ'বলৈ বাইদেউৰ সকলো কথা মানি চলিছে। দুপাত বেলেগ বেলেগ হাৱাই চেণ্ডেল পিন্ধি উৱলি যোৱা চুৱেটাৰটোৰে মাকৰ লগত ওলাই যোৱা পোৱালিটোলৈ চাই কাদমে হুমুনিয়াহ চাৰিলে। আৰাত ঢেৰ জলকীয়া পকিছিল। হাত পুৰিব বুলি চাৰলংকিক মাকে সেইবোৰ চিঙিব নিদিলে। একো কৰিবলৈ নেপাই

 সি যেনি তেনি পৰি থকা খৰিবোৰকে গোটাই পেলালে। হুণমিলিয়ে মূলা শাক,কুমলীয়া ৰঙালাও,ধনিয়া আৰু পকা জলকীয়া বোৰ চিঙি হোৰাটোত ভৰাই ল'লে। চাৰলংকিয়ে গোটাই লোৱা খৰিৰ বোজাটো দেখি তাইৰ অবুজ শোকে বুকুখন খুন্দা মাৰি ধৰিলে। এইকণ ল'ৰাই দুদিন স্কুল গৈয়েই যেন বহুত ডাঙৰ বহুত বুজন হৈ পৰিছে। সি হাঁহি হাঁহি ক'লে,মোকো খৰি এবোজা বান্ধি দে পাই!তই অকলে ইমান খৰি নিব পাৰিবি জানো?”

 মেটমৰা বোজাটো আৰু কাষতে চাৰলংকিক লৈ হুণমিলি ঘৰমুৱা হ'ল। অকণমান খৰিৰ বোজাটো লৈ তাইৰ কাষে কাষে খোজ দিয়া পুতেকটোৱে দেখিব বুলি তাই লৰালৰিকৈ চকুপানী খিনি মচি পেলালে। তাই মনে মনে অংক এটা কৰি পেলালে, জাৰৰ দিন নেযাওঁতেই মাকৰ ঘৰত আধি পুহিবলৈ দিয়া গাহৰিটো বেছি হ'লেও চাৰলংকিক এযোৰ জোতা মোজা আৰু এটা চুৱেটাৰ কিনি দিবই লাগিব।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড