সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১

 দহবিঘা মাটিৰ আধি কৰি পোৱা ধান,নিজে আৰু আনক পুহিবলৈ দিয়া গাহৰি কুকুৰা আৰু হুণমিলিৰ বেপাৰেৰে কাদমৰ ঘৰলৈ নিমখ, তেল, কাচিৎ দাইল এপোৱা আৰু কেতিয়াবা দুই এটা বিলাসী বস্তুও আহে। বিলাস বুলিবলৈ হুণমিলিৰ কাৰণে পাউদাৰ এটেমা আৰু কামৰ বাবে গোন্ধ তেলৰ বটল এটা। চাৰলংকিক স্কুলত পঢ়ুৱাবলৈ সিহঁতৰ বৰ বেছি কষ্ট হোৱা নাই। কিন্তু দায়িত্ব বাঢ়িছে। সি পঢ়াত ভাল বুলি মিৰদানে এদিন বজাৰতে হুণমিলিক কৈছে। এনেকৈ গৈ থাকিলে সি ভাল হ'ব। পিছে তাক ভালকৈ এসাজ খুৱাবলৈকে চোন সময় নোলায়গৈ! হুণমিলিৰ মনটো বৰ বেজাৰমুৱা হৈ পৰে। মানুহটো থকা হ'লে আজি তাইৰ এনে দশা নহয়। কাদমে পানী উতলাই নাতিয়েকলৈ ৰৈ আছিল। নঙলা খুলি পিঠিত খৰিৰ বোজা কঢ়িয়াই সোমাই অহা পোৱালি কণ দেখি তাইৰ হাঁহি উঠিল। গৰম পানীৰে তাক গা পা ধুৱাই বুঢ়ীয়ে বৰ হেঁপাহেৰে তাৰ মুখলৈ চাই থাকিল। ল’ৰাকন যেন জাৰত অকণমান কঁপিছে। জুহালতে বহি থকাৰ পাছতো যেন তাৰ ওঁঠদুটা ক'লা পৰি গৈছে। কোচমোচ খাই বহি থকা নাতিয়েকটোলৈ চাই তাই চিঞৰিলে, ঐ শুনিছ আজি বজাৰলৈ আমিও যাম।

 বজাৰলৈ আহি আহি প্ৰায়বোৰ দোকান পোহাৰ হুণমিলিয়ে চিনি পোৱা হৈছিল। কাদমক লংচিঙৰ ঘৈণীয়েকৰ কাষতে বহুৱাই থৈ তাই চাৰলংকিক লগত লৈ চুৱেটাৰ কিনিবলৈ ওলাল। কাদমে তাইক ৰখালে আৰু কান্ধৰ মোনাখনৰ পৰা টকা কেইটামান উলিয়াই ক'লে,হোঁ‌ ল! তই নিজলৈও গৰম কাপোৰ এখন কিনি লবি। হুণমিলিয়ে হাত পাতি ল'লে। অনেক দৰদাম অনেক কেৰজেৰৰ পাছত ভূটিয়া বেপাৰীৰ দোকানৰ পৰা চাৰলংকিৰ গালৈ চুৱেটাৰ এটা আহিল। আন এখন দোকানত সি নিজেই পছন্দ কৰি জোতা মোজা এযোৰ কিনিলে। আনন্দত দেও দি দি সিহঁতে যেতিয়া কাদমৰ কাষ পালেগৈ ,তেতিয়াও তাহানিতে মুখৰ আগত লৈ বহি থকা কলদিলকেইটা আৰু কাঠআলু ডোখৰ একেদৰেই ৰৈ আছিল। চাৰলংকিয়ে বুজিলে, মাকে তাক আজি কিনি দিয়া চুৱেটাৰ আৰু জোতা মোজা আচলতে কেইবাদিনৰো পৰিশ্ৰমৰ ফল। মিৰদান বাইদেৱে যে কয়, আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন! এয়াই তেনে আইৰ মৰম! পুৰণি এড়ী চাদৰ এখনেৰে কোনোমতে জাৰ গুচাবলৈ চেষ্টা কৰা মাকজনীক চাৰলংকিয়ে কঁকালত সাৱটি ধৰিলে। আইতাকে দিয়া টকা খিনিৰেও আনকি তাৰ মাকে গৰম কাপোৰ নল'লে। বৰঞ্চ আইতাকলৈ এখন গৰম চাদৰ লৈ আহিছে। ইমান যে ভাল তাৰ মাকজনী! চাৰলংকিৰ চকুহাল সেমেকি উঠিল।

 আন্ধাৰ হোৱাৰ আগতেই ঘৰ পাবগৈ লাগিব। হুণমিলিয়ে বজাৰ সামৰিলে। কাদমক ক'লে,যাওঁগৈ পাই! উঠকচোন আপুনি।

 কাদম বহাৰ পৰা উঠিল। হুণমিলিয়ে মোনাৰ পৰা গৰম কাপোৰখন উলিয়াই কাদমৰ গাত মেৰিয়াই দিলে। কাদমে বোৱাৰীয়েকলৈ চাই থাকিল। তাই চকুৰে জলক তবক দেখিলে। আজিকালি তাইৰ দৃষ্টি বৰ সহজতে ধূসৰ হৈ পৰে। তাই চকুহাল মোহাৰিলে। তাইৰ আঙুলিত দুটোপাল লুণীয়া লাগি আহিল।

০০ ০০ ০০

 জপনাকাষৰ নাহৰজোপাৰ তলতে ৰৈ মানসিং টেৰণে ছাৰ্টিটো জপাই ল'লে। বাঁহৰ জেউৰাখনত নীলা অপৰাজিতা ফুলবোৰে হাঁহি হাঁহি অ'ত ত'ত বগাই ফুৰিছিল। অলপ পাছতেই ল'ৰা ছোৱালীহঁতৰ কোঢ়ালে এই মৌন সময় খিনি মুখৰিত কৰি তুলিব। আনদিনাৰ দৰেই তেওঁ আজিও সোনকালে স্কুললৈ আহিছে,সকলোতকৈ আগতে। চকীদাৰটোৱে দুৱাৰ খিৰিকীবোৰ খুলিবলৈ আৰম্ভ কৰিছিল। তেওঁ আগুৱাই গৈ তাক গছপুলি ৰুবলগীয়া ঠাইবোৰ দেখুৱাই দিলে। নিজৰ কোঠাটোৰ নিজৰ চকীখনত বহি তেওঁ দ্ৰয়াৰৰ চিঠি এখন উলিয়াই ল'লে। প্ৰখ্যাত অসমীয়া আলোচনী এখনৰ সম্পাদকে তেওঁলৈ লিখিছে, “প্ৰিয় মানসিং, তই স্কুল আৰু কাৰ্বি অসমীয়া অভিধানখনৰ কাম কৰি থকাৰ মাজে মাজে হ'লেও মোৰ বাবে মোৰ আলোচনী খনৰ বাবে এইবাৰ পূজা সংখ্যাত প্ৰকাশ কৰিব পৰাকৈ উপন্যাস এখন লিখিবি। ধৰি ল,মই তোক আদেশ দিছো। তই সোনকালে পঠিয়াবি বুলি মই ধৰি লৈছো।”

 মানসিং টেৰণে চকীখনত মূৰটো থৈ খিৰিকীৰে বাহিৰলৈ চালে। তেওঁৰ ওঁঠেৰে হাঁহি এটি সৰকি পৰিল। বিশ্ববিদ্যালয় এৰাৰ আজি এটা যুগৰ সমান দিন ৰাতি পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকৰ বন্ধুত্ব একেই, আগৰ দৰেই আছে। এজনে আনজনক মৰমৰ দাবী কৰিব পৰাকৈ নিৰ্মল। ডাৱৰে ওন্দোলাই অনা বতৰটোৰ বাবেই নে আজিৰ পৰা এমাহলৈ স্কুল বন্ধ হ'ব

বাবেই নে কি তেওঁৰ মনটো ভাল নালাগিল। ল'ৰা ছোৱালীহঁতৰ অম্লান মুখবোৰৰ বাদে তেওঁৰ জীৱনত ৰং বুলিবলৈ আৰু

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড