দুৱাৰখন বন্ধ কৰি দি তাইও সোমাই আহিল পিছে পিছে।
: ফ্ৰেছ হৈ লওক।
: টাৱেল বাথৰুমতেই থৈ দিছোঁ।
তাইৰ কথাত অকণো ভ্ৰুক্ষেপ নকৰাকৈ চিধাই বেডৰুমত সোমাই বিছনাখনত দীঘল দি পৰিল সি।
অমৃতা কিছুপৰ দোধোৰ মোধোৰত হৈ ৰ'ল ঠাইতে। ভাস্কৰ চাগৈ বাহিৰতে খাই আহিছে। তাই লাহেকৈ গৈ তাৰ ভৰিৰ জোতা আৰু মোজাযোৰ খুলি দিলে।
বিছনাখনৰ শিতানৰ জ্বলি থকা লাইটটো অফ্ কৰিবলৈ গৈ হঠাতে চক খাই উঠিল তাই... ইতিমধ্যে তাইৰ হাতত থাপ মাৰি ধৰিছিল সি।
“উস্” দুচকু সজোৰে মুদি দিলে তাই।
.....ঘৃণা কৰে ....অত্যন্ত ঘৃণা কৰে তাই এই কঠিন হাতখনৰ শীতলতাক। মৃত্যু সম্ভাৱনাতকৈও যেন বেছি ভয়ংকৰ এই হাতখনৰ শীতল অথচ কঠিন স্পৰ্শ।
ইতিমধ্যে সৰীসৃপৰ দৰে সেই শীতলতাই মেৰিয়াই ধৰিছিল তাইৰ শৰীৰটোক....মৃত্যু শীতল সেই অনুভৱ একাকাৰ হৈ পৰিল ভাস্কৰৰ মুখৰ তীব্ৰ মদৰ গোন্ধ আৰু তাৰ শৰীৰৰ ঘামৰ গোন্ধৰ সৈতে। সাপৰ ফুচফুচনিৰ দৰে তাৰ ঘন নিশ্বাসবোৰ আৰু ঘন হৈ আহিছিল.....
.....আৰু কিছুপৰ পিছত শান্ত হৈ শুই পৰিছিল সি।
মৃত মানুহৰ দৰেই পৰি ৰ'ল তাই। পিছমুহূৰ্ততে লাহেকৈ বিছনাখনৰ পৰা উঠি আহি বাথৰুমত গৈ শ্বাৱাৰৰ তলত দীঘল চুলিকোচা মেলি বহুপৰ থিয় দি ৰ'ল তাই। এটি চেপা কান্দোনৰ দৰে হাঁহি বিৰিঙি উঠিল তাইৰ ওঁঠত।
....অমৃতা তই পাৰ কৰিলি আন এটি বিভীষিকাময় ৰাতি।
হয়.....প্ৰতিটো ৰাতিয়েই তাইৰ বাবে বিভীষিকাময়।
ইতিমধ্যে সৰীসৃপটোৰ দাঁতৰ তীক্ষ্ণ কামোৰত সৃষ্টি হোৱা ক্ষত স্থানবোৰত বিৰিঙি উঠা কণ কণ তেজৰ কণিকা বোৰক ধুৱাই নিছিল জল কণিকা বোৰে।
মুম্বাই মহানগৰীৰ এটা বিয়াগোম অট্টালিকাৰ সোতৰ নম্বৰ ফ্লৰ।
ভাস্কৰ ইতিমধ্যে ওলাই গৈছে নিজৰ কৰ্মস্থানলৈ। খিৰিকীৰে বাহিৰৰ ব্যস্ত চহৰখনলৈ চাই ৰ'ল তাই। চৌপাশে ওখ ওখ অট্টালিকা..... ব্যস্ত ৰাজপথত পুৱাৰ পৰাই গাড়ী মটৰৰ লানি নিছিগা অহৰহ আহ যাহ আৰু তাৰ সংমিশ্ৰিত কোলাহল....। খিৰিকীখন খুলিলেই দেখা যায় চৰাইৰ দৰে, কিন্তু চৰাইতকৈ হাজাৰ গুণ বেগেৰে পথ অতিক্ৰম কৰি উৰি যোৱা উৰাজাহাজ।
মুম্বাই চহৰৰ এই কোলাহল, ভিৰৰ মাজত থাকিও তাই অকলশৰীয়া। নিঃসংগ।
এক ধৰণৰ ভয়ভাৱে আগুৰি ৰাখে তাইক অহৰহ। পদে পদে লাঞ্চিত হোৱাৰ , বিপৰ্যস্ত হৈ খহি পৰাৰ সম্ভাৱনাই তাইক আৱৰি ৰাখে।
শৈশৱৰ সেই নিৰ্ভীক ছোৱালীজনীৰ যেন অপমৃত্যু ঘটিল। মানুহৰ স্বাৰ্থপৰতা...বৰ্বৰতা, অনৈতিকতাই যেন হত্যা কৰিলে...অপমৃত্যু ঘটালে সেই শৈশৱৰ অমৃতাজনীক। এতিয়া তাই এগৰাকী ভয়াতুৰ,... ভয়ঙ্কৰভাৱে পৰাধীন এগৰাকী মহিলা মাথো॥
তথাপিও তাই জীয়াই আছে।
তাইৰ একো নাই... আছে মাথো শৈশৱ কৈশোৰৰ এবুকু প্ৰেম ভৰা সেউজীয়া স্মৃতি।
সজীৱ হৈ উঠিছে কিছু সেউজীয়া ক্ষণ অতীতৰ ...
অমৃতাহঁতৰ গাঁৱখনৰ পশ্চিমৰ ফালে দীঘলীয়া উকি দি যোৱা ৰেলগাড়ীখনৰ পিছে পিছে এজুম লৰা ছোৱালী। ফোঁপাই ফোঁপাই দৌৰিছে আটাইকেইটা। সিহঁতে জানে ৰেলগাড়ীখনৰ সমান বেগত সিহঁতে দৌৰিব নোৱাৰে তথাপিও প্ৰতি পুৱা গধূলি সিহঁতে বিফল চেষ্টা চলায়।
লাহে লাহে ৰেলগাড়ীখনৰ গতি তীব্ৰৰ পৰা তীব্ৰতৰ হৈ চকুৰ আগত নোহোৱা হৈ যায়। ভাগৰি জুগৰি ৰৈ যায় ল'ৰা