কওঁ নকওকৈ কথাষাৰ কৈয়েই পেলাইছিল তাই।
: হয় নেকি? তাতে?
: কি তাতে? মই ৷.....ময়ো গাভৰু ...হৈছেহি এতিয়া।
কথাষাৰ কওঁতে অজানিতে গাল দুখন গৰম হৈ উঠিছিল তাইৰ।
অমৃতাৰ কথাৰ একো প্ৰত্যুত্তৰ নিদিয়াকৈ মাথো চাই ৰৈছিল সি বাৰে বাৰে ৰং সলোৱা তাইৰ গাল দুখনিলৈ। কিছুপৰ তাইলৈ তেনেদৰেই চাই ৰৈছিল সি।
: কি চাই আছ তেনেকৈ?
: চা অনু, তই মোক বেয়া নাপাবি। কিন্তু মোৰ ৰতন ককাইদেউৰ মানুহজনীৰ দৰে হব মন নাই।
: কি হল ৰতন ককাইদেউৰ মানুহজনীৰ??
: দেখা নাই পেটটো কিমান ডাঙৰ??
কিছুপৰ কথাষাৰ ঠিক বুজিব নোৱাৰি তাইৰ সৰল চিন্তিত চকুযুৰীলৈ চাই ৰৈছিল সি। ভঙা ভঙা মাতেৰে সশব্দে হাঁহি উঠিছিল অনুৰাগ। হাঁহি হাঁহি ৰৈ গৈছিল আৰু পিছমুহূৰ্ততে গম্ভীৰ হৈ পৰিছিল সি।
: ঠিক আছে।তোৰ পেটটো মই কেতিয়াও ডাঙৰ হবলৈ নিদিও। হব? মোৰ ওপৰত বিশ্বাস কৰ।পলাই নুফুৰিবি মোৰ পৰা। এইকন বিশ্বাস ৰাখিব পাৰ তই।
: কৈয়েই চাইকেল চলাই সুহুৰি বজাই বজাই আতৰি গৈছিল সি।
কৈশোৰ এৰি যৌৱনৰ দুৱাৰদলিত ভৰি দিছিলহি দুয়ো। সেই যে সি কথা দিছিল তাইক ৰতন ককাইদেউৰ মানুহজনীৰ দৰে পেটটো ডাঙৰ হব নিদিওঁ বুলি....সকাহ পাইছিল তাই।
:পুনৰ আগৰ দৰেই দুয়ো কথা পাতিছিল, স্কুল গৈছিল।
সমনীয়াৰ সৈতে কাণে কাণে কথা পতাৰ বয়স আছিল সেয়া। লাহে লাহে তাই বুজি উঠিছিল,....জানিব পাৰিছিল... পুৰুষ আৰু প্ৰকৃতিৰ মাজত থকা পাৰস্পৰিক সেই জৈৱিক আকৰ্ষণৰ কথা...আৰু সেই আকৰ্ষণৰ ফলত সৃষ্টি হোৱা এই মানৱজাতি, সমস্ত জীৱজগত...উদ্ঘাটন কৰিব পাৰিছিল ৰতন ককাইদেউৰ মানুহজনীৰ পেট ডাঙৰ হোৱাৰ ৰহস্য। লাজত মুছকছ যাবৰ উপক্ৰম হৈছিল তাইৰ।
“উস্’’
কি কি যে কৈ পেলাইছিল তাই অনুৰাগক একো নজনাকৈয়ে। সেই একেই মুহূৰ্ততে এক অনামী খং আৰু অভিমানো অনুভৱ কৰিছিল তাই। কিয় সি কলে তাইৰ পেট কেতিয়াও ডাঙৰ হব নিদিওঁ বুলি??তাইৰ প্ৰতি আকৰ্ষিত নহয় নেকি সি?? যেনেকৈ পুৰুষ নাৰীৰ মাজত থকা সেই চিৰন্তন জৈৱিক আকৰ্ষণ..!!
মোবাইলৰ ৰিং টনটো হঠাৎ বাজি উঠিল। প্ৰায় চক খাই উঠিল অমৃতা।
স্ক্ৰীনত জিলিকি উঠিছে....“ভাস্কৰ”।
বিৰক্তিত ৰঙা হৈ পৰিছে অমৃতাৰ মুখখন। তাই ফোনটো ৰিছিভ নকৰিলে।
এজাক গৰম বতাহে আৱৰি ধৰিছেহি তাইক।
তিক্ততা আৰু হতাশগ্ৰস্ততাৰ চক্ৰবেহুত সোমাই পৰিছে তাই, ... আৰু এই চক্ৰব্যহুৰ পৰা ওলাই অহাৰ পথ তাইৰ নাই। সমুদ্ৰৰ হিমশীতল চেঁচা উৰ্মিমালাই ধুৱাই নিয়া বালিচৰৰ পদচিহ্নৰ দৰেই সময়ৰ সোঁতে ধুৱাই নিছে তাইৰ অস্তিত্ব, তাইৰ আত্মা। সেইবাবেইতো .... তাই জী আছে এটি প্ৰাণবিহীন জীৱন। প্ৰেমবিহীন ...অনুৰাগ বিহীন, তাইৰ জীৱনটো যে এতিয়া মৰুভূমিৰ দৰেই নিস্তেজ, নিষ্প্ৰাণ .....আৰু অনুৰ্বৰ॥
(২)
কলিং বেলৰ দীঘলীয়া শব্দত প্ৰায় উচপ খাই উঠিল অমৃতা। দৌৰি যোৱাদিয়েই গৈ দুৱাৰখন খুলি দিলে তাই। বাহিৰত ক্লান্ত ৰঙা দুচকুৰে থিয় হৈ আছিল সি। এবাৰ তাইলৈ তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি ধলং পলং খোজেৰে সোমাই আহিল
ভাস্কৰ।