পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩

ছোৱালীজাক।

 হাতত বাঁহৰ এটি দীঘল লাঠী লৈ খেদি আহে অমৃতাৰ পেহীয়েক। ফৰিংচিটিকা দি পলাই সিহঁত। কিংকৰ্তব্যবিমুঢ় হৈ ৰৈ যোৱা অমৃতাক দেখি পলাবলৈ লৈও ৰৈ যায় অনুৰাগ। পেহীয়েকৰ ৰুদ্ৰমূৰ্তি ৰূপ দেখি ভয়ত তাই গৈ অনুৰাগৰ লাহী শৰীৰটোৰ পিছফালে থিয় দিয়েহি। নিৰ্বিকাৰ চিত্তে অনুৰাগ থিয় হৈ ৰয় তাইৰ সন্মুখত এখন ঢালৰ দৰে হৈ।

 : ৰেলগাড়ীৰ তলত পৰিলে দুছেও হ’বি জান নে নাই সেই কথা তহঁতে??

 খঙত ৰঙা হৈ কোঁচ খাই বিকৃত হৈ উঠে পেহীয়েকৰ মুখখন। উধাই মুধাই কোবাব ধৰে সন্মুখত ঢাল হৈ থিয় দি থকা অনুৰাগক। আক্ষেপত অস্থিৰ হৈ উঠি অমৃতাই সোঁহাত মেলি আগবঢ়াই দিয়ে পেহীয়েকলৈ।

 দুকোবমান দি হতাশ হৈ পুনৰ উভতি যায় পেহীয়েক।

 অতীতৰ স্মৃতি ৰোমন্থন কৰি এটি ক্ষীণ হাঁহি বিয়পি পৰিল অমৃতাৰ ওঁঠত।

 সেই প্ৰেমৰ স্মৃতিয়েইটো তাইক জীয়াই ৰাখিছে ইমানদিনে। অনুৰাগৰ সৈতে কটোৱা অতীতৰ সেই প্ৰেমময় ক্ষণবোৰে ক্ষণিকৰ বাবে হলেও যেন দূৰ কৰি দিব পাৰে তাইৰ অন্তৰৰ সকলো, ক্লেশ, যাতনা, বিষাদ,...৷

 প্ৰথম প্ৰেমৰ সেই দুৰ্বাৰ তৃষা আজিও যে অক্ষুন্ন হৈ জীয়াই আছে তাইৰ অন্তৰত। সচাকৈ কোনোবা কবিয়ে ঠিকেই কৈছিল....

 “প্ৰেম জীৱনৰ লহৰী সুধা,... এটি অমৃতময় ঢৌ”

(৩)

 অসংখ্য লাইটৰ পোহৰত জকমকাই উঠিছে মুম্বাই মহানগৰীৰ ৰাজপথ। ৰাজপথৰ অগণন গাড়ীৰ লানিৰ মাজেদি অতি নিপুণতাৰে লাহে লাহে গাড়ীখন চলাই লৈ গৈছে ড্ৰাইভাৰ বিনয়ে,...আগছিটত হেলান দি বহি গৈছে ভাস্কৰ। বিৰক্ত, খঙাল মুখেৰে চাই ৰৈছে সন্মুখৰ গাড়ীৰ লানিটোলৈ। মাজে মাজে খঙত কিবা ভোৰভোৰাই কৈছে।

 গাড়ীখনৰ পিছৰ ছিটত নিৰ্বিকাৰচিত্তে আপোন চিন্তাত মগ্ন হৈ বহি আছে অমৃতা,....দুচকুত উদাসীন দৃষ্টি লৈ।

 নতুন মডেলৰ গাড়ীখনৰ মিউজিক প্লেয়াৰত বাজি উঠিছে কম ভলিউমত তাই বুজি নোপোৱা এটি ইংৰাজী গীত। লাহেকৈ মূৰটো সামান্য বেঁকা কৰি গাড়ীৰ কলা গ্লাছেদিয়েই তাই চাবলৈ চেষ্টা কৰিলে আকাশখনলৈ।

 ....তৰা ভৰ্তি আকাশ...মুম্বাই মহানগৰীৰ ৰমক জমক লাইটৰ পোহৰত নিষ্প্ৰভ হৈ পৰিছে আকাশৰ তৰাও। জোনবাইৰ মুখখনিও যেন বিষাদত বিবৰ্ণ.... নিস্তেজ। অৱহেলিত অনুভৱ কৰি দুখত মগ্ন এগৰাকী অভিমানী গাভৰুহে যেন ...!

 হাতৰ ঘড়ীটোলৈ এবাৰ চাই পঠিয়ালে তাই। সন্ধিয়া সাত বাজি পাৰ হৈ গৈছে ইতিমধ্যে।

 দিনৰভাগতেই ভাস্কৰে তাইক লৈ গৈছিল ডাক্তৰ তৃশা কুপ্পীকাৰৰ চেম্বাৰলৈ। ভাস্কৰৰ পুৰণি বন্ধু, মেডিচিন স্পেচিয়েলিষ্ট ডাক্তৰ অবিনাশ গুপ্তাই ৰেফাৰ কৰিছিল তাইক মনোৰোগ বিশেষজ্ঞা তৃশা কুপ্পীকাৰৰ ওচৰলৈ। যোৱা দুমাহমানৰ পৰাই কিছুমান লক্ষণে নেৰানেপেৰাকৈ লগ দি আছে তাইক।

 নিদ্ৰাহীনতা, ভোক নলগা, অস্থিৰতা, মূৰ ঘুৰণি .....।

 অনিচ্ছাসত্তেও ভাস্কৰৰ লগত আহিছিল তাই ডঃ তৃশা কুপ্পীকাৰৰ চেম্বাৰলৈ। অকলশৰীয়াকৈ চেম্বাৰত বহুৱাই বহু কথাই সুধিছিল তাইক মধ্যবয়সীয়া ডাক্তৰগৰাকীয়ে।

 ....তাইৰ বৰ্তমান, তাইৰ অতীত, ভৱিষ্যতৰ কথা...পাহৰিব নোৱাৰা অতীতৰ ভাল বেয়া স্মৃতি ইত্যাদি।

 ...আৰু সুধিছিল তাইৰ শৰীৰত লগা কলা নীলা অসংখ্য দাগবোৰৰ কথাও...

 আচৰিত হৈছিল অমৃতা। ইমান চোকা হব পাৰেনে কাৰোবাৰ দৃষ্টি!! ডাক্তৰ তৃশা কুপ্পীকাৰৰ কোমল, সহানুভূতিপূৰ্ণ অথচ তীক্ষ্ণ দৃষ্টিয়ে যেন পঢ়ি লৈছিল তাইৰ মনৰ অকথ্য বহু কথা।

 বহু কথা ক'ব খুজিও একোৱেই কব নোৱাৰিলে তাই...কিহবাই যেন ডিঙিত সোপা মাৰি ধৰিছিল তাইক। শব্দবোৰ যেন মুখতে জঁট লাগি ৰৈ গৈছিল। হিয়া উজাৰি কান্দিব খুজিছিল অমৃতাই ...কিন্তু এটোপাল চকুলোও জিলিকি উঠা নাছিল তাইৰ দুচকুত...মাথো অসহায় শূন্য দৃষ্টিৰে চাই ৰৈছিল মধ্যবয়সীয়া মানুহজনীৰ দুচকুৰ কোমল চাৱনীলৈ। অস্পষ্টকৈ মাথো

কিবাকিবি বিৰবিৰাইছিল তাই আপোনমনে।

অৰ্দ্ধ -আকাশ: ৰচনাসমগ্ৰ, প্ৰথম খণ্ড