পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৯


 পানীৰ কোবাল সোঁতত কোনোমতে মুখখন ওপৰ কৰি সাঁতুৰি গৈছে অমৃতাই। যিফালেই পানীৰ সোঁতে ঠেলি নিয়ে সেইফালেই গৈছে তাই, আৰু লগত মূৰ্ছাপ্ৰায় অনুৰাগ। ডুবিব ধৰা নিজৰ আৰু অনুৰাগৰ মুমূৰ্ষ শৰীৰটোক উপঙাই ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলাইছে অমৃতাই। মৃত্যুৰ সৈতে আলিংগনাৱদ্ধ হবলৈ গৈও, মৃত্যুক ৰোধিবলৈ পুনৰ আপ্ৰাণ চেষ্টা চলাইছে তাই।

 জীৱনৰ ৰঙীন মোহে হাতবাউল দি মাতিছে। ফলত প্ৰস্তুত হৈছে সংগ্ৰামমুখী শৰীৰ।

 আচৰিত এই জীৱনৰ ৰঙীন মায়া..ইয়াৰ মোহ!!

 জীৱন মৃত্যুৰ সন্ধিক্ষণটো দুচকুৰ আগত ভাহি আহিছে বনৰীয়া শৈশৱ।

 নৈৰ পাৰে পাৰে দৌৰিছে এহাল নিষ্পাপ প লৰা-ছোৱালী। আগে আগে ওখ লৰাজন, পিছে পিছে দুকুচা চুলি বন্ধ, চুটি ফ্ৰক পিন্ধা মাখনৰঙী ছোৱালীজনী। নদীত জাঁপ দিছে অনুৰাগে..চিধাকৈ, একবেকাকৈ, ওলোটাকৈ সাঁতুৰিছে সি তাইক দেখুৱাই। উচ্চাহত তাইও জঁপিয়াই পৰিছে নদীৰ বুকুত, কিন্তু নদীৰ বুকুত ডুবিব ধৰিছে দেখোন তাই। হঠাৎ অনুৰাগ আহিছেহি। তাইক কঁকালত এহাতেৰে সাৱটি ধৰি সাঁতুৰী সাঁতুৰী উঠি আহিছে সি পাৰলৈ।

 “ভয় খালি নেকি? মই থাকোতে তোক ডুবিব নিদিওঁ নহয়।”

 আস্ অনুৰাগ।

 “মই থাকোতে তোক ডুবিব নিদিওঁ অনুৰাগ। কেতিয়াও নিদিওঁ।”

 প্ৰানেপণে সাঁতুৰিছে অমৃতাই।

 বিৰবিৰাই উঠিছে শেঁতা ওঠযুৰী।

 জীয়াই থাকিব লাগিব। মুম্বাইলৈ ঘূৰি যাব লাগিব। অনুৰাগ আৰু তাই আইনগত ভাৱে পতি পত্নী হব। দুয়ো সুখেৰে সংসাৰ কৰিব।

 এক অদ্ভুত চালিকা শক্তি অনুভৱ কৰিছে তাই প্ৰেম।

০০ ০০ ০০ তিনিবছৰৰ পিছত ০০ ০০ ০০

 বগা ছেদানখন গাঁৱৰ মসৃণ সৰু পকী পথটো এৰি এখন প্ৰকাণ্ড গেটৰ সন্মুখত ৰলহি। গেটখন খোলাৰ লগে লগেই গাড়ীখন সেউজীয়া চৌহদটোত সোমাই ৰৈ গ’ল। পিছৰ ছিটৰ পৰা ওলাই আহিল অদিতি আৰু শ্যামলী।

 : ৱাওও।

 দুচকুৰ কলা গ্লাছ আঁঁতৰাই শ্যামলীয়ে মুগ্ধ দৃষ্টিৰে চাই ৰল সেউজীয়া চৌহদটোলৈ। প্ৰকাণ্ড চৌহদটোত কোমল মসৃণ সেউজীয়া ঘাঁহনি, নানাৰঙৰ ফুল, আৰু সমান্তৰালকৈ কলম কাটি থোৱা শাৰী শাৰী পাতফুলৰ জোপোহা। চৌহদত হাঁহিছে শাৰী শাৰী কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু, চম্পা, বকুলৰ সেউজীয়াৰাশি...।

 ৰূপত ৰং চৰাইছে চৌহদৰ সোঁমাজত আটোমটোকাৰীকৈ সজোৱা ধুনীয়া বগা ৰঙৰ “সপোন”নামৰ দুপ্লে’ ঘৰটোৱে।

 “মিষ্টাৰ অনুৰাগ বৰুৱা মিছেছ অমৃতা বৰুৱা’’

 কলা নেইমপ্লেটত জিলিকি আছে সোণালী আখৰবোৰ।

 কলিং বেলটো টিপিলে অদিতিয়ে। কিছু সময়ৰ পিছত সীমান্তই দুৱাৰখন খুলি দিলে। দুৱাৰমুখত অদিতি আৰু শ্যামলীক দেখি তৎপৰ হৈ উঠিল সীমান্ত।

 : বাইদেউ আহক আহক।

 সীমান্তৰ পিছে পিছে দুয়োজনী সোমাই আহিল আটোমটোকাৰীকৈ সজাই থোৱা আহল বহল চিটিং ৰুমটোলৈ।

 : তোমাৰ ভালনে সীমান্ত?

 : মোৰ ভাল শ্যামলী বাইদেউ। আপোনাৰ খবৰ কেনে?

 : মোৰো ভালেই বাৰু। আছেনে ঘৰত অনুৰাগদা আৰু অমৃতা বা?

 : আছে আছে। দুয়ো পূজা ঘৰত আছে। আপোনালোক আহিব বুলি নাজানে নিশ্চয়। মই মাতি দিওঁগৈ। আপোনালোক বহকচোন।

 : ৰ’বা ৰবা। তুমি কৈ নিদিবা আকৌ আমি আহিছে বুলি ...নহ’লে চাৰপ্ৰাইজ নহ’বগৈ।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড