পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১০


 “হব হব বাইদেউ বুজি পাইছোঁ” বুলি কৈ সীমান্ত হাঁহি হাঁহি সোমাই গ'ল ভিতৰলৈ।

 চোফাখনত বহি লৈ শ্যামলীয়ে সুসজ্জিত ৰূমটোৰ চাৰিওফালে চকু ফুৰাই চালে।

 সোঁফালৰ ৱালত একেবাৰে সোঁমাজত থকা ৰঙীন কেনভাছখনত তাইৰ দৃষ্টি ৰৈ গ'ল। সন্মোহিতৰ দৰে কেনভাছখনৰ ওচৰলৈ গল তাই।

 দৰাৰ সাজত অনুৰাগৰ মুখত আৰু দুচকুৰ গভীৰতাত এক অদ্ভুত প্ৰশান্তি, মুখত এটি সুখৰ হাঁহি। গৰ্বিত হাতখনে সমস্ত অধিকাৰেৰে আঁকোৱালি ধৰিছে অমৃতাক। অমৃতাৰ কপালেও তাৰ থুঁতৰি স্পৰ্শ কৰিছে। তাইৰ শিৰৰ সেউতাত আশীৰ্বাদ হৈ জিলিকি ৰৈছে এমুঠি ৰক্ত পলাশ। গুলপীয়া ওঁঠ যুৰীত, এসাগৰ নীলা চকুযুৰীত শ্যামলীয়ে আগতে কাহানিও নেদেখা এটি মধুৰ হাঁহি।

 সম্মোহিতৰ দৰে লিহিৰি আঙুলিৰে তাই হাত বুলাই চালে জীৱন্ত যেন লগা কেনভাছখনত। কব নোৱাৰাকৈয়ে তাইৰ চকুৰ একোণত জিলিকি উঠিল দুটুপাল অশ্ৰুকণা।

 : বিয়াৰ।

 অদিতিৰ মাতত শ্যামলীৰ তন্ময়তা ভাঙিল। চুলিখিনি ঠিক কৰাৰ দৰে কৰি ৰুমালখনেৰে সিক্ত চকুহাল মুচি ললে তাই৷

 অনুৰাগ আৰু অমৃতাৰ বিয়াত তাই নাহিল। অনুৰাগে খং কৰিছিল, অভিমান কৰিছিল ..অমৃতাও বাৰে বাৰে ফোন কৰিছিল, তথাপিও ভাৰতৰ বাহিৰত সাংঘাতিক আৰ্জেন্ট কাম থকাৰ অজুহাত দেখুৱাই তাই বিয়াত নাহিল। আচলতে বিয়াখন চাবলৈ তেতিয়া তাইৰ মনত যথেষ্ট সাহস নাছিল। এতিয়াও নাই।

 কিন্তু এইবাৰ অদিতিৰ মুখেৰে সুখবৰটো পোৱাৰ পিছত আহিবলৈ বাধ্য হ’ল। তাইৰ মনে, তাইৰ অন্তৰাত্মাই তাইক বাধ্য কৰালে।

 এতিয়াও তাই অনুৰাগক ভাল পায়। অনুৰাগক পাহৰি যাবলৈ তাই নিজেও কেতিয়াও চেষ্টাও কৰা নাই। হৃদয়ৰ অভ্যন্তৰত আলফুলে সাঁচি ৰাখিছে নিজৰ প্ৰেমৰ অনুভূতি। আৰু সেই প্ৰেমৰ বাবেই ইচ্ছাকৃতভাৱে তাই নিজকে দূৰত ৰাখে অনুৰাগ আৰু অমৃতাৰ পৰা। নিজৰ প্ৰেমাস্পদৰ সুখতেই সুখ বুটলিবলৈ সক্ষম হৈছে তাই। সেয়েহে তাইৰ নাই অমৃতাৰ প্ৰতি কিঞ্চিতমানো হিংসা, নতুবা অৱজ্ঞা। বৰঞ্চ ভালপায় তাই অমৃতাক, অন্তৰৰ পৰা সন্মান কৰে তাইক।

 অপ্ৰাপ্তিৰ মাজতো প্ৰাপ্তিৰ কিঞ্চিতমান অনুভূতিয়ে চুই যায় তাইক। বুজি উঠিছে.. প্ৰেমত প্ৰাপ্তি বা অপ্ৰাপ্তি বুলি কোনো কথা নাই।

 প্ৰেম স্বয়ংসম্পূৰ্ণ।

 অদিতিয়ে শ্যামলীৰ কান্ধত হাতখন থৈছেহি নীৰৱে। অদিতিয়ে বুজে। শ্যামলীৰ বিয়াত আহিব নোৱাৰাৰ কাৰণটোও জানে তাই।

 শ্যামলী।

 সজল চকুৰে ঘূৰি চালে শ্যামলীয়ে। মুখত এটি মধুৰ হাঁহি।

 : এনেইহে..

 : একো নক’বা। সকলো বুজোঁ মই। তোমাক সন্মান কৰোঁ মই শ্যামলী। তোমাৰ চিন্তাধাৰাক বহুত সন্মান কৰোঁ।

 : হুম। আৰু নিজৰ বিষয়ে অদিতি বা?

 : মোৰ আৰু কি?

 : দুবছৰ হৈ গল ডিভোৰ্চ হোৱা আপোনাৰ। এনেকৈ অকলেই থাকিবনে আৰু?

 : অকলে থাকি দেখোন মোৰ বিৰাট ভাল লাগিছে শ্যামলী। আৰু মই অকলে ক'ত? এইখন গাঁৱত কোনেও মোক অকলে থকিবলৈকে নিদিয়ে।

 খোজৰ শব্দ শুনি দুয়োজনী ৰৈ গল। দুৱাৰমুখত অবাক লাগি ৰৈ গৈছে অমৃতা, আৰু অনুৰাগ।

 : শ্যামলী।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড